ইতিহাসৰ পৃষ্ঠাত লক্ষীমপুৰ ডায়েটৰ ২৫ টা বছৰ

গোবিন চন্দ্ৰ বৰা,অধ্যক্ষ, ডায়েট, লক্ষীমপুৰ

 

          বুৰঞ্জী বা ইতিহাসে অতীতৰ কোনো কাৰ্যক্ৰমণিকা ঘটনা, কাহিনী তথ্যৰ ৰূপত ধৰি ৰাখে, সত্য মৌখিক কাহিনী কিছুমান কোনো ইতিহাসবিদে তথ্যসহকাৰে যুগুতালে সেয়ে ঐতিহাসিক কাহিনী বা ইতিহাস হয় (Greek iotopia)। ঠিক তেনেদৰে কোনো অনুষ্ঠান-প্ৰতিষ্ঠানও তাৰ ব্যতিক্ৰম নহয়। আজাদস্থিত ডায়েট লক্ষীমপুৰ তেনে ইতিহাসৰে সাক্ষ্য বহন কৰা এখন প্ৰতিষ্ঠান। ইংৰাজী নাম District Institute of Education and Training (DIET) । সেয়ে অসমীয়াত ‘ডায়েট' বুলি ক'বলৈ সহজ। প্ৰকৃত অসমীয়াত প্ৰতিষ্ঠানটোৰ নাম ‘জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান'। বহুতে কোৱাৰ অসুবিধাত প্ৰশিক্ষণ কেন্দ্ৰ বুলি কৈ থৈ দিয়ে, যিটো শুদ্ধ নহয়। জিলা পৰ্যায়ৰ প্ৰতিষ্ঠান কাৰণে ‘ডায়েট লক্ষীমপুৰ' হয়, থকা ঠাইখন ‘আজাদ' পাছত হয়। ‘ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৮৬'ৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিখন জিলাতে এখনকৈ জিলাভিত্তিক প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপন কৰা সিদ্ধান্তৰ জৰিয়তে অসমত প্ৰথম পৰ্যায়ত ১৯৮৯ চনত ৬ খন ডায়েট প্ৰতিষ্ঠা হয়। কোকৰাঝাৰ, নগাঁও, বিশ্বনাথ চাৰিআলি [শোণিতপুৰ], যোৰহাট [তিতাবৰ], শিলচৰ, কামৰূপ [মিৰ্জা]।

          দ্বিতীয় পৰ্যায়ত ১৯৯৪ চনত ৬ খন ডায়েট– ডিব্ৰুগড়, লক্ষীমপুৰ, দুধনৈ [গোৱালপাৰা], বৰপেটা, দলগাঁও [মঙ্গলদৈ], ডিফুত স্থাপন হয়।

          তৃতীয় পৰ্যায়ত ৭ খন ডায়েট– কৰিমগঞ্জ, ডিমাহাচাও [হাফলং], মৰিগাঁও, গোলাঘাট [ডেৰগাঁও], শিৱসাগৰ [সোণাৰী], নলবাৰী, ধুবুৰী [গোলোকগঞ্জ]ত স্থাপন হয়।

          চতুৰ্থ পৰ্যায়ত ৪ খন ডায়েট– ধেমাজী, তিনিচুকীয়া, বঙাইগাঁও আৰু হাইলাকান্দিত।

          পঞ্চম পৰ্যায়ত ৪ খন ডায়েট নিম¹য়মান অৱস্থাত আছে– ওদালগুৰি, বাক্সা, চিৰাং আৰু কামৰূপ [মেট্ৰত]।

          বৰ্তমান ২৩ খন ডায়েটে পূৰ্ণ পৰ্যায়ত প্ৰাথমিকৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়লৈ সকলো ধৰণৰ প্ৰশিক্ষণ কাৰ্যসূচী চলাই আছে।

          ডায়েটসমূহৰ ভিতৰতে ডায়েট লক্ষীমপুৰ এক অনন্য ডায়েট। অসম চৰকাৰে ২০১৪ চনত ডায়েটসমূহক দ্বৈত পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিৰ বাবে ডি.এল.এড.ৰ উপৰিও বি.এড. পাঠ্যক্ৰমৰ স্বীকৃতিৰ বাবে NCTE ক আৱেদন জনাবলৈ নিৰ্দেশ দিলে। তৎকালেই NCTE (National Council for Teacher Education, ERC (Eastern Regional Council, Bhubaneswar] ত আৱেদন জনোৱা হ'ল। যুদ্ধ সদৃশ পৰিৱেশেৰে পৰিদৰ্শনৰ বাবে প্ৰস্তুতি চলোৱা হ'ল। তিনিজনীয়া বিশেষজ্ঞ দলে ২০১৪ চনত পৰিদৰ্শন কৰিলে; ২০১৫ চনৰ মাৰ্চ মাহত দুবছৰীয়া বি.এড. পাঠ্যক্ৰমৰ ৫০ টা চিটৰ বাবে স্বীকৃতি লাভ কৰা হ'ল। তিনিমাহৰ ভিতৰত অসাধ্য সাধন কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদন (Affiliation) লাভ কৰি ২০১৫ চনৰ জুলাই মাহৰ পৰা পাঠদান কাৰ্যসূচী আৰম্ভ কৰি ভাৰতবৰ্ষৰ ভিতৰতে চৰকাৰী প্ৰতিষ্ঠানত বি.এড. পাঠ্যক্ৰম আৰম্ভ কৰা ডায়েট লক্ষীমপুৰৰ প্ৰথম হৈ ৰ'লো। ঢৌ আৰু ধুমুহাৰে পৰিবেষ্টিত অশান্ত সাগৰত নাও চলোৱা ডায়েটৰ সকলো শিক্ষক-কৰ্মচাৰীয়েই একোজন দক্ষ নাবিক। ডায়েট লক্ষীমপুৰ জিলাখনৰ বাবে এক শিলৰ খুটি (Mile Storne)। ২০০৫ চনত ডি.এল.এড.ৰ প্ৰথম ৫০ টা চিটৰ NCTE পৰা স্বীকৃতি লাভ, ২০১৬ চনত পুনৰ ডি.এল.এড.ৰ ৫০ টা চিটৰ স্বীকৃতি লাভ। অৱশ্যে ১৯৯৪ চনৰ পৰা প্ৰথম মহিলা [কৰ্মৰত] ৩০ জনীয়া এটি দলে প্ৰশিক্ষণৰ শুভাৰম্ভ কৰিছিল। বৰ্তমান তিনি-চাৰিখন জিলাৰ পৰা অৰ্হতাৰ ভিত্তিত বি.এড. আৰু ডি.এল.এড.ৰ নিয়মীয়া পাঠ্যক্ৰমত অধ্যয়ন কৰিবলৈ আহে। D.El.Ed. আৰু B.Ed. পাঠ্যক্ৰমৰ স্বীকৃতি পাবৰ বাবে NCTE তিনিবাৰ আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এবাৰ পৰিদৰ্শনৰ সন্মুখীন হ'বলগা হৈছিল আৰু প্ৰতিবাৰেই সফলতা লাভ কৰা হৈছিল।

          এই অভাজনে ১৯৯১ চনৰ ৮ মে'ৰ পৰা নগাঁও ডায়েটৰ জ্যেষ্ঠ প্ৰবক্তা হিচাপে কৰ্মৰত আছিলো। মনত আশা বান্ধি আছিলো লক্ষীমপুৰত ডায়েট হ'ব, বদলি হৈ যাম। এদিন বাস্তৱত ৰূপায়িত হ'ল। ১৯৯৪ চনৰ জুন মাহত বদলিৰ আদেশমতে আজাদস্থিত লক্ষীমপুৰ ডায়েটত যোগদান কৰিলো। সেই সময়ত SCERT সঞ্চালক আছিল মাননীয় শ্ৰীযুত টাবুৰাম টাইড চাৰ। মৌখিকভাৱে নিৰ্দেশ দিলে– “তুমিয়েই লক্ষীমপুৰ ডায়েটত বাটকটীয়া হ'ব লাগিব। যিকেইজন নতুন প্ৰবক্তা যোগদান কৰিব তেওঁলোকক লগত লৈয়েই District Profile এটা তৈয়াৰ কৰিবা।” কথামতেই কাম। নতুনকৈ যোগদান কৰা প্ৰবক্তা শ্ৰী নৃপেন শইকীয়া, ভদ্ৰেশ্বৰ মৰাং, জ্যোৎস্না মেদক, দুলামী হেৰেঞ্জ পাণ্ড–ক্ৰমান্বয়ে অচু্যৎ ভূঞা, মৃণাল শৰ্মা, এওঁলোকক লগত লৈয়ে প্ৰাথমিক কামখিনি আৰম্ভ কৰিলো। সেই সময়ত ৮ টা কোঠাৰ দুটা ভৱন মাত্ৰ। বেৰত চূন সনা, কোনো বৈদু্যতিক ব্যৱস্থা, পানী যোগান, প্ৰস্ৰাৱগাৰ আদিৰ কোনো ব্যৱস্থা নাই। ১৯৯৪ চনৰ অক্টোবৰ মাহত প্ৰাক্তন অধ্যক্ষ শ্ৰীযুত নবীন দত্ত চাৰ ডায়েট বিশ্বনাথ চাৰিআলিৰ পৰা বদলি হৈ আহি অধ্যক্ষ হিচাপে যোগদান কৰে। সেই বছৰতে অসমৰ বিভিন্ন জিলাৰ ৩০ গৰাকী মহিলা শিক্ষয়িত্ৰী এবছৰীয়া পাঠ্যক্ৰমত যোগদান কৰে আৰু তেতিয়াৰ পৰা ২০১০ চনলৈ এবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষাথ¹সকল ধাৰাবাহিকভাৱে প্ৰশিক্ষণ লৈ আহিছিল। আচলতে ২০১০-১২ বৰ্ষৰ পৰাহে সকলো পাঠ্যক্ৰম দুবছৰীয়া হ'ল। ডি.এল.এড.ৰ কৰ্মৰত আৰু প্ৰাকচাকৰিকালীন সকলো প্ৰশিক্ষণ বাধ্যতামূলক হ'ল। অৱসৰকালীন নবীন দত্ত  চাৰ অধ্যক্ষ হিচাপে থাকিলেও জ্যেষ্ঠতাৰ ভিত্তিত ময়ে সকলো তদাৰক কৰিব লাগিছিল। ১৯৯৪ চনৰ শেষৰ ফালে সকলো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ সাক্ষাৎকাৰ লোৱা হ'ল আৰু সময়ত নিযুক্তি হ'ল। এনে সময়তে ১৯৯৭ চনৰ ৩১ মাৰ্চ তাৰিখে নবীন দত্ত চাৰে অৱসৰ গ্ৰহণ কৰিলে আৰু উক্ত তাৰিখৰ পৰাই এই অভাজনে অধ্যক্ষৰ দায়িত্ব কান্ধপাতি ল'বলগীয়া হ'ল। কিন্তু অধ্যক্ষৰ দায়িত্ব লোৱা হ'ল–এনেদৰে ঢাল নাই-তৰোৱাল নাই ‘নিধিৰাম চৰ্দাৰ'। প্ৰশাসনিক ভৱনলৈ সোমাই যোৱাৰ–সোঁফালে য'ত এতিয়া মঞ্চ, চেমিনাৰ হল, শ্ৰেণীকোঠা আছে, সেয়া কঁচু-ঢেঁকীয়ানী আছিল। কোনো বৈদু্যতিক ব্যৱস্থা, পানী যোগান একো নাই। লক্ষীমপুৰ টাউনৰ 

পৰা আজাদলৈ শিলৰ ৰাস্তা এটাহে আছে, আজিৰ দৰে কোনো যান-বাহন নাই। অট', ভান, ৰিক্সা, বাচ আদিৰ কোনো ব্যৱস্থা নাই। কেৱল আজাদত ভেটিনাৰী কলেজলৈ তেওঁলোকৰ নিজা কৰ্মচাৰী অনা-নিয়া কৰা সৰু বাচ এখন আছিল, টাউনৰ পৰা

১০ বজাত যায়। তেওঁলোকৰ কত্তৃপক্ষৰ লগত আলোচনা কৰি ৩ মাহমান অহা-যোৱা কৰা হ'ল, পুনৰ বন্ধ হ'ল। আগফালে আধৰুৱা ভৱনৰ নিৰ্মাণৰ চেষ্টা। চৰকাৰৰ তৰফৰ পৰা কোনো আন্তঃগাঁঠনিৰ সাহায্য নাই, কাগজ-কলম কিনাৰ বাবে নৈমিত্তিক খৰছৰ পইচাও নিয়মীয়াকৈ পোৱা নাযায়। (PWD Building) ইঞ্জিনিয়াৰৰ লগত সঘন যোগাযোগ, গুৱাহাটীৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ, বাতৰি কাকতত ঠিকাদাৰৰ বিৰুদ্ধে ধন আত্মসাৎ কৰি কাম নকৰাৰ প্ৰতিবাদৰ প্ৰকাশ, অৱশেষত প্ৰথম ঠিকাদাৰ সলনি কৰি নতুন ঠিকাদাৰ ন্যস্ত কৰি চাৰি বছৰ মূৰত ভৱন সম্পূৰ্ণ হ'ল। কিন্তু বৈদু্যতিকৰ একলাখ বিশ হাজাৰ টকা কলৈ গ'ল বিচাৰি পোৱা নগ'ল। কেৱল সংগ্ৰাম। কৰ্ম আৰু ফলাফল সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণই উল্লেখ কৰিছে– “কৰ্মন্যৱাধিকাৰস্তে মা-ফলেসু কদাচন” অৰ্থাৎ কৰ্ম কৰি থোৱা, ফল বাঞ্চা নকৰিবা। ফলাফল বিভূৰ হাতত, ভাল কৰ্মৰ ভাল ফল আৱশ্যম্ভাৱী। ২০০২ চনৰ পৰা ভাৰতবৰ্ষত সৰ্বশিক্ষা আৰম্ভ, “6 বছৰৰ পৰা ১৪ বছৰ বয়সলৈকে প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰাৰ লক্ষ্য, অসমতো আৰম্ভ হ'ল। লক্ষীমপুৰ জিলাখনত প্ৰাথমিক কাম জৰীপ, শৈক্ষিক পৰিকল্পনা, সৰ্বাত্মক শিক্ষক প্ৰশিক্ষণৰ কাম ডায়েটৰ অধ্যক্ষ ওপৰত পৰিল। সেই সময়ত অসমত মাননীয় শ্ৰীযুত ধীৰ ঝিংৰান নামৰ এজন সু-দক্ষ ব্যক্তি অসমৰ শিক্ষা আয়ুক্ত আৰু সৰ্বশিক্ষাৰ মিচন সঞ্চালকৰ দায়িত্বত আছিল। মোৰ সৌজন্যতা, সততা আৰু কৰ্মনিপুণতাত ক্ৰমান্বয়ে চাৰ মোৰ প্ৰতি আকৃষ্ট হ'ল। ২০০৩ চনত সৰ্বশিক্ষাৰ কামত লক্ষীমপুৰলৈ আহিল। মোৰ অনুৰোধত ডায়েটলৈ আহিল। কেৱল ৫ মিনিট সময় ডায়েটত থাকিয়েই গুচি গ'ল। যোৱাৰ সময়ত ক'লে– “আপোনাক কি লাগে মোলৈ লিখক।” ৬ লাখ টকাৰ হিচাপ দি তালিকা এখন নিজে গৈ দি আহিলো। প্ৰায় এমাহৰ ভিতৰত কমিটি এখন পাতি দি ৫ লাখ টকা দিলে। ঠিকাদাৰৰ হিচাপত আমি প্ৰায় ৭ লাখ টকাৰ কাম কৰিলো। তেতিয়াই ডায়েটত বৈদু্যতিক সংযোগ হ'ল। মূৰৰ ওপৰত পাংখা ঘূৰিল, বেৰত ৰং হ'ল ইত্যাদি। তেনেদৰে এদিন পানী যোগানৰ ব্যৱস্থা হ'ল। এপদ-দুপদকৈ আন্তঃগাঠনি উন্নয়ন হ'ব ধৰিলে।        

         চৰকাৰে বহু সময়ত ৰাষ্ট্ৰীয়কৃত বা ৰাজ্যিক সুচীৰে আঁচনি কিছুমান গ্ৰহণ কৰে বৰ ধামখুমীয়াকৈ, মাজত বাধা আহিলে আঁচনিখন সম্পূৰ্ণ নকৰাকৈ এৰি দিয়ে। ডায়েট সমূহৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল। ১৯৮৯ চনত মানৱ সম্পদ বিকাশ মন্ত্ৰণালয়ৰ নিৰ্দেশনা আছিল পুৰণি বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰসমূহ উঠাই উন্নীত পৰ্যায়ত জিলা পৰ্যায়ত এখন ডায়েট প্ৰতিষ্ঠা কৰা। সেইমৰ্মে প্ৰথম পৰ্যায়ত পাঁচখন বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ উঠি গৈ ডায়েট প্ৰতিষ্ঠা হ'ল, কিন্তু দ্বিতীয় পৰ্যায়ত ৬ খন ডায়েট প্ৰতিষ্ঠা কৰোতে বুনিয়াদী সন্থাই সামান্য অজুহাত দেখুৱাই উচ্চ ন্যায়ালয়ত গোচৰ তৰিলে, ৰাজনৈতিক হেঁচা চলিল আৰু আন ডায়েটৰ দৰে লক্ষীমপুৰ ডায়েটও এক ঠেক পৰিৱেশৰ মাজত সোামই থাকিল। ২০০৫ চনত যেতিয়া দুবছৰীয়া D.El.Ed.. পাঠ্যক্ৰম খুলিবলৈ NCTE স্বীকৃতি দৰ্কাৰ হ'ল, আনহাতে স্বীকৃতি পাবলৈ হ'লে অনুষ্ঠানৰ নামত  নিজা মাটি লাগে, তেতিয়াই লাগিল হাঁহাকাৰ। কত্তৃপক্ষই কেৱল আদেশ দিয়েই দায় সাৰে। দখলী সূত্ৰে স্বগ¹য় তীৰ্থেশ্বৰ দত্তদেৱে দান সূত্ৰে দিয়া ভূমি আপত্তিবিহীন গোচৰ নিস্পত্তি কৰি চৰকাৰী বিধি অনুযায়ী ডায়েটৰ নামত ৪ বিঘা ৭ লোচা মাটি পট্টা লাভ কৰা হয়। ইয়াৰ বাবে স্বগ¹য় দত্তদেৱৰ পৰিয়ালক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো। ডায়েটৰ নামত মাটি লাভ কৰাৰ পাছত দুবছৰীয়া D.El.Ed.. আৰু B.Ed.পাঠ্যক্ৰম খোলা সহজ হৈ পৰিল। এতিয়া লক্ষীমপুৰ জিলাখনৰ লগতে ধেমাজি, মাজুলী, বিশ্বনাথ চাৰিআলিৰ পৰাও অৰ্হতা ভিত্তিত ছাত্ৰ-ছাত্ৰীসকল আহি কম খৰছত অধ্যয়ন কৰিব পৰা হ'ল। লক্ষীমপুৰ ডায়েটত সবাতোকৈ গুৰুত্বপূৰ্ণ শৈক্ষিক বৰ্ষ ২০১৭-১৮ ১ খতিয়ান দাঙি ধৰা হ'ল–

নিয়মীয়া                   –          বি.এড.         – ১০০

          ”                    –          ডি.এল.এড.– ২০০

দূৰৱত¹ (ODL)          –          ডি.এল.এড.– ১০০

          ”                    –      .এল.এড. (N.I.O.S.)– ১৮০

বি.এড.ৰ নিয়মীয়া ফলাফল         –    ৭০–৮০ শতাংশ

ডি.এল.এড.ৰ নিয়মীয়া ফলাফল   –     ৯৫–১০০ শতাংশ

          ওপৰত উল্লেখিত সকলোবোৰ সফলতা কঠোৰ পৰিশ্ৰম, সবল পৰিচালনা, সামগ্ৰিক চেষ্টা আৰু শ্ৰমৰ বিনিময়ত লাভ কৰা হৈছে। অসমৰ ডায়েট সমূহৰ ভিতৰত ৰূপালী জয়ন্তী উদযাপন কৰা ডায়েট লক্ষীমপুৰেই প্ৰথম। আন্তঃগাঠনি যথেষ্ট উন্নত হৈছে। ডায়েটৰ নিজা বৈদু্যতিক ট্ৰেন্সৰ্ফমাৰ, 30 KV D.G. জেনেৰেটৰ হৈছে। খেলপথাৰৰ চাৰি সীমা পকী বেৰ হ'ল, এখন বহুমূল্যৰ স্থায়ী তোৰণ হ'ল। প্ৰাৰম্ভিক স্তৰত ৩৮ লাখ টকা ব্যয় সাপেক্ষে এটা দুমহলীয়া আ১.চি.চি. ভৱন P.W.D. জৰিয়তে নিম¹য়মান অৱস্থাত আছে।

          এই অভাজনৰ চাকৰি জীৱনৰ সৰ্বাধিক ২৫ বছৰ এইখন ডায়েটতে পৰিশ্ৰম দিয়া হ'ল। অৱশ্যে পৰম তৃপ্তি লাভ কৰা হৈছে, সন্তুষ্টি লভিছোঁ। যেনেদৰে–

                              পৰোপকাৰায় ফলন্তি বৃক্ষাঃ

                              পৰোপকাৰায় দুহন্তি গাৱঃ

                              পৰোপকাৰায় বহন্তি নদ্যঃ

                              পৰোপকাৰায় ইদং শৰীৰম।।

          আনৰ উপকাৰৰ বাবে গছে ফল দিয়ে, নদীৰ পানী বৈ থাকে আনৰ বাবে, গায়ে আনৰ বাবেই গাখীৰ দিয়ে আৰু মানুহৰ শৰীৰটোও আনৰ উপকাৰৰ অৰ্থে অৰ্পণ কৰিব পাৰিলে মানৱ ধৰ্ম বৰ্ত্তি ৰয়। যাহওক–আগন্তুক চাকৰি জীৱনৰ ১০ মাহৰ কেৱল ১০ টা মুহূৰ্ত এইখন লক্ষীমপুৰ ডায়েটতে পৰিশ্ৰম কৰি যোৱাৰ পোষকতা কৰিছোঁ। আশা কৰিছোঁ লক্ষীমপুৰ ডায়েটে এতিয়াৰ পৰা সদায়ে অসমৰ ভিতৰত প্ৰথম হৈ থাকিব, আগৰণুৱা হৈ থাকিব। গীতৰ লহৰত ডায়েট জাতিষ্কাৰ হৈ থাকিব। নাহৰ ফুলে নুশুৱাই তগৰ ফুলে শুৱাব.....তগৰ ফুলে নুশুৱাই.....কপৌফুলে শুৱাব।

জয়তু ডায়েট, লক্ষীমপুৰ, আজাদ