‘এচ চি ই আৰ টি'ৰ চাকৰিকালৰ মধুৰ স্মৃতিচাৰণ

 ড০ হৰেন্দ্ৰ চন্দ্ৰ দাস

প্ৰাক্তন শিক্ষা সঞ্চালক, এচ চি ই আৰ টি, অসম

    মই যেতিয়া হাফলঙত অতিৰিক্ত সঞ্চালক হিচাপে কাম কৰি আছিলো তেতিয়া হঠাতে এদিন দুপৰীয়া কাৰ্যালয়ত থাকোতে শিক্ষা আয়ুক্ত শ্ৰী প্ৰফুল্ল চন্দ্ৰ শৰ্মা চাৰৰ ফোন এটা পালো। শৰ্মা চাৰে ফোনত মোক ক'লে– “দাস আপোনাক এচ চি ই আৰ টিৰ ডিৰেক্টৰ হিচাপে গুৱাহাটীলৈ বদলি কৰা হৈছে। সোনকালে আহি জইন কৰক।” এই ফোন কলটোৱে মোক সিদিনাখনৰ দিনটো আৰু ৰাতিটো চিন্তাত বুৰাই ৰাখিলে। মই ভাবিলো–” এচ.চি.ই.আৰ.টি.ত এতিয়া কি কামনো কৰিম· আকৌ ছাত্ৰ অৱস্থাৰ নিচিনাকৈ পঢ়াশুনা, গৱেষনা আদি কামবোৰ কৰাৰ সেই সময়ত একেবাৰে ইচ্ছা নাছিল। তথাপিও গুৱাহাটীত নিজ ঘৰলৈ অহাৰ হেপাহেৰে দুদিন পিচতেই হাফলং এৰি গুৱাহাটী পালোহি আৰু ইং ২১/ছয১৯৯৬ তাৰিখে ড০ অৰুণ চন্দ্ৰ ভূঞাৰ পৰা এচ.চি.ই.আ১.টি.ৰ সঞ্চালক হিচাপে দ্বায়িত্ব গ্ৰহণ কৰো।

    এচ.চি.ই.আৰ.টি.ৰ সঞ্চালক হিচাপে দ্বায়িত্ব গ্ৰহণ কৰাৰ পিচৰ পৰাই মই লাহে লাহে এখন বেলেগ কৰ্মজগতত প্ৰৱেশ কৰা যেন অনুভৱ কৰিলো। প্ৰায় ১৫ বছৰ কাল স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত গণিতৰ শিক্ষকতা কৰাৰ পিচত ১৯৮৪ চনৰ পৰা প্ৰায় ১২ বছৰ কাল প্ৰশাসনিক বিষয়া হিচাপে কামত ব্যস্ত হৈ থাকোতে শিক্ষাৰ মৌলিক উদ্দেশ্য আৰু ইয়াৰ উৎকৰ্ষ সাধনৰ বাবে কৰণীয় মৌলিক কৰ্মসমূহৰ কথাও যেন মই সম্পূৰ্ণৰূপে পাহৰি পেলাইছিলো। এচ.চি.ই.আৰ.টি.ত যোগদান কৰাৰ পিছৰ পৰাই মোৰ মনটোত এটা চিন্তাই খোপনি পুতি ল'লে। কথাটো হ'ল এচ.চি.ই.আ১.টি. ১ জৰিয়তে অসমৰ শিক্ষা জগতৰ এটা মৌলিক পৰিবৰ্তন আনিব নোৱাৰিনে· এই চিন্তাই মোক প্ৰতিটো মুহূৰ্ততে আমনি কৰিব ধৰিলে। প্ৰথম কেইটামান মাহ মই কাৰ্যালয়টোৰ ভৱন, বিষয়া কৰ্মচাৰীসকলৰ কাম কৰাৰ সা-সুবিধাখিনি যোগান ধৰা আৰু শিক্ষাৰ কি কি ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়া উচিত হ'ব তাকেই চিন্তা কৰিব ধৰিলো। ইতিমধ্যে ডি পি ই পি ৰ অগ্ৰাসনে এচ.চি.ই.আ১.টি.ক দুৰ্বল কৰি তোলাৰ এটা গুপুত প্ৰয়াস চলি থকা যেন মই অনুভৱ কৰিছিলো। ডি.পি.ই.পি. এখন নতুন আঁচনিহে। ই এখন ৰাজ্যৰ শিক্ষাৰ সম্পূৰ্ণ দায়িত্ব ল'ব পৰা বিভাগ নহয়। ৰাজ্যৰ চলি থকা শিক্ষা ব্যৱস্থাটোক সুস্থ আৰু সৱল কৰি তুলিবলৈ বাহিৰৰ পৰা সহায় বাৰিবলগীয়া এটা প্ৰকল্পহে। ই বিভাগ নহয়। ডি.পি.ই.পি.য়ে ৰাজ্যত প্ৰাথমিক শিক্ষাৰ এটা সমান্তৰাল শিক্ষা ব্যৱস্থা চলাই নিব খোজা কামবোৰৰ মই প্ৰতিবাদ কৰিছিলো আৰু এচ.চি.ই.আৰ.টি.ক স্বকীয় বৈশিষ্ট্যতাৰে উজ্বলাই তোলাৰ প্ৰচেষ্টা এটা হাতত লৈছিলো। এচ.চি.ই.আৰ.টি.ৰ বিষয়া, সমল গোট, কৰ্মচাৰীসকলৰ মোৰ প্ৰতি থকা আন্তৰিক সহায় সহযোগিতাই সেই সময়ত মোক কাম কৰি যোৱাৰ প্ৰতি যথেষ্ট উৎসাহ যোগাইছিল। তাৰোপৰি সেই সময়ত থকা শিক্ষা আয়ুক্ত শ্ৰী জে. পি. প্ৰকাশ আৰু শ্ৰী দিনেশ চন্দ্ৰ বৰ্মন আৰু শিক্ষা মন্ত্ৰী শ্ৰী থানেশ্বৰ বড়ো ছাৰৰ সহায়ে এচ.চি.ই.আ১.টি.ক কাম কৰাৰ পূৰ্ণ স্বাধীনতা দিয়াটো এটা উল্লেখনীয় কথা মই প্ৰকাশ নকৰিলে ভুল কৰা হ'ব।

    এচ.চি.ই.আৰ.টি. সম্পৰ্কে মোৰ ধাৰণা কি হৈছিল আৰু ইয়াত থাকোতে কি কি পদক্ষেপ হাতত লৈছিলো বা ল'ব খুজিছিলো তাকেই অলপ লিখিব খুজিছো। এখন ৰাজ্যৰ নৱ প্ৰজন্মক ভৱিষ্যতলৈ এগৰাকী সু-নাগৰিক হিচাপে গঢ়ি তুলিবলৈ শৈশৱ কালতেই পাবলগীয়া প্ৰয়োজনীয় শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পাঠ্যক্ৰম, ‘ক্যাৰিকুল্যাম', পাঠ্যপুথি আদি প্ৰস্তুত কৰাৰ প্ৰকৃত দায়িত্ব বহনকাৰী অনুষ্ঠানেই হ'ল এচ.চি.ই.আৰ.টি.। ইয়াক কোনেও নুই কৰিব নোৱাৰে। প্ৰতিখন ৰাজ্যৰ ঐতিহাসিক, ভৌগোলিক, প্ৰাকৃতিক, সাংস্কৃতিক, ভাষিক, অৰ্থনৈতিক আদি দিশত কিছুমান স্বকীয় বৈশিষ্ট্যতা থাকে। এই বৈশিষ্ট্যতা ৰক্ষা কৰিয়েই নিজ নিজ ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ পাঠ্যক্ৰম, ক্যাৰিকুল্যাম তথা কিতাপ পত্ৰ আদি প্ৰস্তুত কৰিব লাগে  আৰু এই দায়িত্ব বহন কৰিব লাগে সেই ৰাজ্যৰ এচ.চি.ই.আ১.টি.য়ে।

    কিছুমান মৌলিক কাম হাতত লোৱাৰ আগতে এচ.চি.ই.আ১.টি.ৰ সমল গোটৰ প্ৰবক্তা, ৰিভাৰ আদিক আন আন ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে জ্ঞান অৰ্জন কৰাৰ সুবিধা পাবৰ বাবে এটা দীঘলীয়া ভ্ৰমণ কৰাৰ বাবে ব্যৱস্থা কৰি দিছিলো। এই ভ্ৰমণৰ জৰিয়তে সমল গোটৰ কেবাগৰাকীও প্ৰবক্তাই ন ন অভিজ্ঞতা অৰ্জন কৰাত সক্ষম হ'ল আৰু মই তেখেত সকলক যথেষ্ট উৎসাহী হোৱাটো লক্ষ্য কৰিছিলো। ইয়াৰ লগে লগে প্ৰয়াত ভূৱন চন্দ্ৰ কেঁাৱৰ, শ্ৰী নৃপেন ভাগৱতী আৰু মই বিভিন্ন ৰাজ্যৰ শিক্ষা ব্যৱস্থা সম্পৰ্কে চাক্ষুক জ্ঞান অৰ্জনৰ উদ্দেশ্যে উৰিষ্যা হায়দৰাবাদ, পুনে, বোম্বাই, ভূপাল, দিল্লী আদি ৰাজ্যৰ এচ.চি.ই.আ১.টি. সমূহলৈ গ'লো আৰু তাত চলি থকা প্ৰশিক্ষণসমূহৰ লগতে নতুনকৈ প্ৰস্তুত কৰি উলিওৱা পাঠ্যপুথি সমূহো পৰ্য্যৱেক্ষণ কৰিলো। বিশেষকৈ পুনেৰ ডায়েট এটাত চলি থকা ডিপ্লোমা ইন এলিমেণ্টেৰী এডুকেচনৰ প্ৰশিক্ষণ চলি থকা শ্ৰেণী এটাত উপস্থিত হৈ আমি আকৰ্ষিত হ'লো। প্ৰশিক্ষাৰ্থী সকলক এটা প্ৰশ্ন কৰিছিলো যে– “তোমালোকৰ ইমান ছাত্ৰ-ছাত্ৰীয়ে প্ৰশিক্ষণ ল'লেও সকলোৱেতো চাকৰি নোপোৱা বাকী সকলে কি কৰিবা·” তেওঁলোকে ক'লে যে–এই প্ৰশিক্ষণটো লোৱা ল'ৰা-ছোৱালীৰ হেনো টিউচন পোৱাৰ অসুবিধা নাই। চাকৰী নেপালেও টিউচন কৰিয়েই চলি থাকিব পাৰি। কথাষাৰে মোক আপ্লুত কৰিলে। মই তেতিয়াই চিন্তা কৰিছিলো, অসমতো পি চাৰ্ভিস টিচাৰ এডুকেচন”ৰ প্ৰশিক্ষণৰ ব্যৱস্থা অ'তি শীঘ্ৰেই আৰম্ভ কৰিব লাগিব। এনে ধৰণৰ বহুতো ন ন চিন্তাই মোক ‘এচ.চি.ই.আ১.টি.'ত কাম কৰাৰ প্ৰতি আগ্ৰহ বঢ়াই তুলিলে। এচ.চি.ই.আৰ.টি.ৰ প্ৰতিটো কামতেই তৃপ্তি পোৱা হ'লো। ‘এচ.চি.ই.আৰ.টি.'ত থকা সময়ত ‘এচ.চি.ই.আৰ.টি.' আৰু ‘এন চি 

   

টি ই' ৰ লগত আমাৰ সম্পৰ্ক অতি মধুৰ আছিল। তেতিয়া অসমক যথেষ্ট গুৰুত্বও দিছিল। কেবাখনো ৰিজিঅ'নেল চেমিনাৰ, কনফাৰেঞ্চ আদি আমি পাতিবলগীয়া হৈছিল। আমাৰ পৰিষদৰ ফেকাল্টি মেম্বাৰ আৰু বিষয়া  কৰ্মচাৰী সকলে অতি আন্তৰিকতাৰে দায়িত্ব পালন কৰি এনে সকলো কাম সফল কৰি তুলিছিল। দিল্লীত আমাৰ যথেষ্ট সুনাম হৈছিল। সেই সময়ত আমি নতুন নতুন কিছুমান কাম কৰিলেও মনত থকাকৈ দুটা কাম কৰি আমি সন্তুষ্টি লাভ কৰিছিলো। তাৰ ভিতৰত প্ৰথমটো হ'ল সমন্বিত পাঠ্যপুথি [Integrated Text Book]  আৰু ইয়াৰ অভ্যাস পুথি [Work Book] “নতুন পাঠ প্ৰথম ভাগ” কিতাপখন প্ৰস্তুত কৰি উলিওৱাটো। দ্বিতীয় কামটো হ'ল প্ৰাথমিক স্কুলৰ শিক্ষক হ'বলৈ নিযুক্তিৰ আগতেই আৰ্জন কৰিবলগীয়া দুবছৰীয়া পাঠ্যক্ৰমৰ শিক্ষক প্ৰশিক্ষণ Pre-Serirce Teacher Education প্ৰৱৰ্তন কৰাটো। এই দুইটা কামতেই আমাৰ পৰিষদ তথা DIET, BTC, Normal Institute আদিৰ ফেকাল্টি মেম্বাৰসকলৰ সহায়-সহযোগিতা আছিল অভূতপূৰ্ব। লগতে শিক্ষামন্ত্ৰী আৰু শিক্ষা আয়ুক্তৰ সমৰ্থন তথা সহায়েই আছিল মূল সাহস।

    মোৰ পৰিকল্পনা আছিল এনেধৰণৰ– অসমৰ প্ৰাথমিক স্কুলসমূহত অতি সক্ষম আৰু প্ৰকত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীকহে শিক্ষক হিচাপে নিযুক্তি দিয়াতো উচিত। প্ৰশিক্ষণ নথকা কোনো এজনকে শিক্ষক পদত নিযুক্তি দিব নালাগে। বছৰত কিমান পদ খালি হ'ব পাৰে তাৰ অনুমানিক হিচাপ এটা প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ পৰা সংগ্ৰহ কৰি সেই হিচাপত খণ্ড ভিত্তিত আকাৰ অনুযায়ী প্ৰতিটো খণ্ডৰ পৰা ৫ খনৰ পৰা ১০খন আসনৰ বাবে প্ৰাৰ্থীৰ পৰা প্ৰশিক্ষণৰ বাবে আৱেদন পত্ৰ বিচৰা হৈছিল। আবেদন পত্ৰসমূহ প্ৰতিটো খণ্ডৰ ওচৰৰ ডায়েটৰ দ্বাৰা সংগ্ৰহ কৰা হৈছিল। স্থানীয় প্ৰাৰ্থীক নিযুক্তিৰ সুবিধা দিবলৈ এই ব্যৱস্থা কৰা হৈছিল। ২০০ঙ্ম চনৰ জানুৱাৰীত ১৫ টা ডায়েটত ৫০৭ জন প্ৰাৰ্থীৰ নামভৰ্তিৰে Pre-Serirce Teacher Education  ৰ দুবছৰীয়া পাঠ্যক্ৰমৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল। পিছৰ বছৰতো ৫০৭ জন প্ৰশিক্ষাৰ্থীৰে ১৭টা ডাইয়েটত এই প্ৰশিক্ষণ কাৰ্য চলে। ডায়েটসমূহত চলা এই প্ৰশিক্ষণৰ কামকাজবোৰ আমি শিক্ষা আয়ুক্ত, প্ৰাথমিক শিক্ষা সঞ্চালক আৰু মই পৰিদৰ্শন কৰি অতি সন্তুষ্টি লাভ কৰিছিলো। ইতিমধ্যে ২০০১ চনৰ ৩১ জানুৱাৰীত মই এচ.চি.ই.আ১.টি. এৰি মাধ্যমিক শিক্ষা সঞ্চালক হিচাপে যোগদান কৰো। ২০০১ চনৰ ডিচেম্বৰ মাহত এই প্ৰশিক্ষন ব্যৱস্থা অসম চৰকাৰে বন্ধ কৰা খবৰটো পাই মই মৰ্মাহত হওঁ। চৰকাৰৰ এনে অদূৰদৰ্শী সিদ্ধান্তৰ মই প্ৰতিবাদ কৰিছিলো যদিও কিছুদিনলৈ তেনেকৈয়েই চলি থাকিল। প্ৰায় ১০ বছৰ পিছত R.T.E. Act (Right to Education Act.) প্ৰৱৰ্তন হোৱাত এই প্ৰশিক্ষণ পুনৰ আৰম্ভ কৰিবলৈ চৰকাৰ বাধ্য হ'ল। এই ১০ বছৰত অসমৰ যুৱক-যুৱতীৰ অপূৰণীয় ক্ষতি হ'ল যাৰ কু-ফল এতিয়াও ভোগ কৰি থাকিবলগীয়া হৈছে।

    আনটো সন্তুষ্টি লাভ কৰা কাম হ'ল প্ৰথম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰি উলিওৱা সমন্বিত পাঠ্যপুথি “নতুন পাঠ [প্ৰথম ভাগ]” এই কামতেটো সেই সময়ত আছিল ‘এচ.চি.ই.আ১.টি.'ৰ বাবে এই বৈপ্লৱিক পদক্ষেপ। প্ৰয়াত ভূৱন কেঁাৱৰ আৰু মই এটা কথা গভীৰভাৱে চিন্তা কৰি এই সিদ্ধান্তটো লৈছিলো। ইংৰাজী মাধ্যমত পঢ়া লৰা ছোৱালীবোৰে ধুনীয়া ৰংচঙীয়া, ৰাইমচ থকা আকৰ্ষণীয় কিতাপ পঢ়িবলৈ পায়, আনহাতে চৰকাৰী বিদ্যালয়ত পঢ়া গৰিষ্ঠ সংখ্যক লৰা-ছোৱালীয়েই ইয়াৰ পৰা বঞ্চিত হয়। এই ল'ৰা-ছোৱালীবোৰকো এখন আকৰ্ষণীয় কিতাপ যোগান ধৰাৰ মানসেৰেই এই পদক্ষেপ হাতত লৈছিলো। অসমৰ বিভিন্ন জিলাৰ সমল ব্যক্তি, সাহিতি্যক, বিভিন্ন বিষয়ৰ শিক্ষক, অধ্যাপক আদিৰ সহায় সহযোগিতা, দিহা-পৰামৰ্শৰ আধাৰত ‘এচ.চি.ই.আ১.টি.ৰ সমল গোটে এই পুথিখন আশা কৰা ধৰণে প্ৰস্তুত কৰি উলিয়ায়। ভাষা, গণিত আৰু সমাজ অধ্যয়নৰ জ্ঞান লাভ কৰিব পৰাকৈ সমন্বিত পদ্ধতিৰে প্ৰথমবাৰলৈ প্ৰস্তুত কৰি উলিওৱা এই পুথিখন প্ৰকাশ কৰি উলিওৱাত কিছুমান স্বাৰ্থন্বেষী পক্ষৰ পৰা যথেষ্ট বাধাৰ সৃষ্টি কৰা হৈছিল। কিন্তু সৎ উদ্দেশ্য আৰু সৎ প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা এই পুথিখন অসমৰ গাঁৱে-ভূঞে, নগৰে-চহৰে পঢ়ি থকা শিশুসকলৰ হাতলৈ যোৱাত কোনেও বাধা দি ৰাখিব পৰা নাছিল আৰু শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলেও কিতাপখন আনন্দেৰে আঁকোৱালি লৈছিল। কিতাপৰ পাঠবোৰ পঢ়োৱাৰ প্ৰশিক্ষণ দিবলৈ প্ৰয়াত ভূৱন কেঁাৱৰ আৰু মই অসমৰ শিক্ষাখণ্ডসমূহত প্ৰশিক্ষণ শিবিৰ পাতি উপস্থিত হৈছিলো। এই মধুৰ স্মৃতিবোৰে মোক এতিয়াও আপ্লুত কৰি তোলে। সময়ৰ গতিত এই কিতাপখনো এতিয়া আৰু চলি থকা নাই।   

    ‘এচ.চি.ই.আ১.টি.'ৰ কাম কৰি থকা সময়ত মই জড়িত থকা বহুত কামৰ ভিতৰত ওপৰত উল্লেখ কৰা বিশেষ এই দুটা কামক মই মোৰ জন্ম দিয়া দুটা সন্তানৰ দৰে জ্ঞান কৰিছিলো। সেয়েহে এই দুটা কামৰ বিলুপ্তিয়ে মোক অতি মৰ্মাহত কৰিছিল।

    দিনে নিশাৰ অতি কৰ্ম ব্যস্ততাৰ মাজত ‘এচ.চি.ই.আ১.টি.'ত কটোৱা মোৰ প্ৰায় পাঁচ বছৰকাল আছিল কৰ্ম জীৱনৰ সোণালী সময়। মোৰ কৰ্মৰ গতিধাৰা লক্ষ্য কৰিয়েই সম্ভৱ শিক্ষা আয়ুক্ত শ্ৰী জে. পি. প্ৰকাশে ‘এচ.চি.ই.আ১.টি.ৰ সঞ্চালক পদটো অতিৰিক্ত সঞ্চালক পদৰ পৰা সঞ্চালক পদৰ মৰ্যাদালৈ পদোন্নতি কৰাৰ বাবে মোক প্ৰস্তাৱ দিবলৈ কৈছিল আৰু মই দাখিল কৰা এই প্ৰস্তাৱ মৰ্মেই মোৰ কাৰ্যকালৰ পৰাই এই পদটোৱে সঞ্চালকৰ পূৰ্ণ মৰ্যাদা পায়। মোৰ কাৰ্যকালতেই ‘এচ.চি.ই.আ১.টি.' অনুষ্ঠানটোৰ এই পদোন্নতিয়ে মোক দুগুণে উৎসাহিত কৰিছিল। ¡