ভাৰতবৰ্ষৰ উচ্চ শিক্ষাঃ কিমান নিৰাপদ

ড০ মুকুন্দ ৰাজবংশী

The third wave has arrived, so the education System of second wave is of no use                         –এলভিন টফলাৰ

A university should creat not only great books, but great men also.”                                            –সৰ্বপল্লী ৰাধাকৃষ্ণণ

     ভাৰতবৰ্ষৰ শিক্ষা পদ্ধতিক দুটা ভাগত ভাগ কৰিব পাৰি– [ক] প্ৰাক-স্বাধীন কালৰ; [খ] স্বাধীনোত্তৰ কালৰ।

[ক] প্ৰাক-স্বাধীন কালৰ শিক্ষাঃ

     ভাৰতবৰ্ষত আধুনিক শিক্ষা বা পাশ্চাত্য শিক্ষা আৰম্ভ হয় বৃটিছসকল অহাৰ সময়ৰ পৰা। অৰ্থাৎ ১৮৫৭ চনত প্ৰথম তিনিখন বিশ্ববিদ্যালয় [বি.বি.] কলকতা, বম্বে আৰু মাদ্ৰাজ নামেৰে স্থাপন কৰা হয়। লণ্ডন বিশ্ববিদ্যালয়ৰ External Registration System’ নিয়মাৱলীৰ আধাৰত ভাৰতীয় শিক্ষা পদ্ধতি গঢ় লৈ উঠিছিল। যিটোক বিশ্বৰ শিক্ষাবিদসকলে সমালোচনা কৰিছিল। কাৰণ ভাৰতীয়সকলৰ উৎকৃষ্টতাৰ ওপৰত তেওঁলোকৰ কোনো সন্দেহ নাছিল। প্ৰমাণ হিচাপে ক'ব পাৰি, ১৯১৩ চনত সাহিত্যত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু ১৯৩০ চনত পদাৰ্থ বিজ্ঞানৰ চাৰ চি ভি ৰমনে ন'বেল বঁটা লাভ কৰি ভাৰতীয়সকলৰ বৌদ্ধিক উৎকৃষ্টতাৰ পৰিচয় দিছিল। সেই সময়ত ভাৰতীয় বৌদ্ধিক আৰু বিজ্ঞান জগতত বহুতো মনীষী স্বামী বিবেকানন্দ, চক্ৰৱত¹ ৰাজা গোপালচাৰিয়া, ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, সুভাষ চন্দ্ৰ বোস, বিজ্ঞানী মেঘনাথ সাহা, সত্যেন বোস [বোস আইনস্টাইন থিওৰীৰ বাবে বিখ্যাত], অমল কুমাৰ ৰায়চৌধুৰী [হংকিঙে Îব্লক হ'লৰ ক্ষেত্ৰত প্ৰশংসা কৰিছিল], পণ্ডিতপ্ৰবৰ কৃষ্ণকান্ত সন্দিকৈ আদি উল্লেখযোগ্য।

     গতিকে পাশ্চাত্য চিন্তাবিদসকলৰ আক্ষেপ, কিয় লৰ্ড মেকুলেই কেম্ব্ৰিজ বা অক্সফ'ড বি.বি.ৰ আধাৰত স্থাপন নকৰিলে। কাৰণ মেকুলেৰ টোকাবহীত তেওঁৰ কু-অভিসন্ধি স্পষ্ট– “The proposition of Education literature and science amongst the natives of India is to form a class of persons Indian in blood and colour but English in taste, in openion, in word and in intellect”।

     সেই কাৰণে শিক্ষাবিদ লৰ্ড এছবিয়ে এই বিষয়ত সমালোচনা কৰি কৈছিল– “At Independence, the Indians interited is their universities a massive invalid and unable to respond to any kind of simple treatment”।

     ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ নিজৰ শিক্ষা ব্যৱস্থা হ'ল, নিজৰ মানুহে দেশখনক প্ৰগতিৰ পথত আগুৱাই নিবলৈ এক স্বাধীনচিতিয়া আঁচনি তৈয়াৰ কৰিব পৰা হ'ল। সেই উদ্দেশ্যে ভাৰত চৰকাৰে ১৯৪৮-৪৯ চনত বিশ্ববিখ্যাত শিক্ষাবিদ ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ নেতৃত্বত ‘বিশ্ববিদ্যালয় অনুদান আয়োগ' [ইউ জি চি– University Grants Commission) গঠন কৰে আৰু ১৯৫৬ চনত তেতিয়াৰ চৰকাৰে অনুমোদন জনায়। বিশিষ্ট শিক্ষাবিদসকলৰ দ্বাৰা গঠিত আৰু ৰাজনীতিৰ পৰা নিৰাপদ দূৰত্বত থকা ই এটা স্বতন্ত্ৰ সংস্থা। তেতিয়াৰে পৰা এই সংস্থাই নিৰৱ¿চ্ছন্নভাৱে আৰু নিয়মানুসৰি উচ্চ শিক্ষানুষ্ঠানসমূহৰ স্বীকৃতি, অনুদান আদি প্ৰদানৰ কাম কৰি আহিছে।

     আকৌ বহুতো শিক্ষা আয়োগ–ৰাধাকৃষ্ণণ আয়োগ, কোথাৰী আয়োগ, নতুন শিক্ষা আয়োগ আদি গঠন হ'ল। কিন্তু কোনো এটা আয়োগ সম্পূৰ্ণকে বাস্তৱায়িত হোৱা দেখা নগ'ল। দেখা গ'ল–চৰকাৰ সলনি হ'লে নবীকৰণৰ নামত আয়োগবোৰো সলনি হোৱা।

     বৰ্তমানৰ মোডী চৰকাৰে ২০ খন বিশ্বশ্ৰেষ্ঠ বি.বি. তৈয়াৰ কৰিবলৈ চমক দেকুৱাইছে। ভাল কথা। কিন্তু ১৯৬৪-৬৬ চনত কোথাৰী আয়োগে মুঠ ঘৰুৱা উৎপাদনৰ ৬ শতাংশ শিক্ষাৰ শিতানত ব্যয় কৰিব আৰু ‘গ্লোবেল জ্ঞান হাব' হিচাপে ১৪ খন বিশ্ববিদ্যালয় [কেৱল Cutting-edge গৱেষণাৰ বাবে] গঠন কৰিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছিল। কিন্তু তেতিয়াৰ পৰা বৰ্তমানলৈকে কোনো চৰকাৰে গুৰুত্ব নিদিলে। কোথাৰী আয়োগৰ অধ্যক্ষ ড০ ডি এচ কোথাৰী আছিল এজন বিশ্ববিখ্যাত বিজ্ঞানী তথা পদাৰ্থবিদ; দিল্লী বিশ্ববিদ্যালয়ৰ এজন অভিজ্ঞ শিক্ষাবিদ, শিক্ষক আৰু লণ্ডনৰ লৰ্ড ৰোথাৰফৰ্ডৰ পি. এইচ. ডি.ৰ ছাত্ৰ। অন্যহাতেদি সেই সময়ৰ শিক্ষামন্ত্ৰী এম.চি. চাগলা বিখ্যাত অক্সফ'ৰ্ড বি.বি.ৰ ছাত্ৰ আছিল। আৰু পণ্ডিত জৱাহৰলাল নেহৰুৱে তেওঁক শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিছিল।

বৰ্তমান চৰকাৰৰ চমকঃ ইউ.জি.চি.ৰ মৃত্যু ঘন্টা–

     বৰ্তমানৰ বিজেপি চৰকাৰখনৰ মানৱসম্পদ উন্নয়ন মন্ত্ৰণালয়ে অলপতে এখন বিধেয়ক প্ৰস্তুত কৰিছে; শিৰোনাম হ'ল– Higher Education Commission of India (HECI–হেচিঃ উচ্চ শিক্ষা আয়োগ]। এই বিধেয়কখন সংসদত গৃহীত হ'লে ১৯৫৬ চনৰ পৰা চলি অহা জনপ্ৰিয় ইউ.জি.চি. তথা বিশ্ববিদ্যালয় অনুদান আয়োগ ভাৰতবৰ্ষৰ উচ্চশিক্ষা জগতৰ পৰা চিৰদিনৰ বাবে নাইকিয়া হৈ যাব; তাৰ ঠাইত উচ্চশিক্ষা আয়োগ [হেচি] নামৰ সংস্থা গঠন হ'ব আৰু ই দেশৰ উচ্চশিক্ষা ব্যৱস্থাটোক নিয়ন্ত্ৰণ কৰিব। উদ্দেশ্যত কোৱা হৈছে– “To provide for more autonomy and facilitate holistic growth and offer ‘greater opportunity to Indian students at more afforolable cost”।

     এই এক্টখনে দুটা দিশত নিৰ্দিষ্ট কৰি দিছে–

     [1] বিদ্যায়তনিক দিশত পৰিচালনা;

     [2] অনুদান প্ৰদানৰ ক্ষেত্ৰত পৰিচালনা;

     মহাবিদ্যালয় অনুদান আয়োগে বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু অন্যান্য উচ্চশিক্ষানুষ্ঠানৰ স্বীকৃতি প্ৰদান, অনুদান [ৰেগুলেচন 3f, 12B] আদি সকলো কাম কৰি আহিছে। আনকি ভিতৰুৱা গাঁওবোৰত থকা মহাবিদ্যালয়বোৰো কোনো মানসিক চাপ বা ৰাজনৈতিক হস্তক্ষেপ নোহোৱাকৈ গৃহনিৰ্মাণ, ৰিচাৰ্চ প্ৰজেক্ট আদিৰ অনুদানৰ সহজলভ্য আছিল।

     কিন্তু উল্লেখিত উচ্চশিক্ষা আয়োগখন [হেচি]ৰ কেৱল বিদ্যায়তনিক ক্ষেত্ৰৰ কাম-কাজৰ দায়িত্ব আৰু ক্ষমতা থাকিব। প্ৰয়োজন সাপেক্ষে শিক্ষানুষ্ঠানৰ অনুমতি নাকচ কৰাৰ ক্ষমতাও থাকিব। কিন্তু কোনোধৰণৰ অনুদান প্ৰদানৰ ক্ষমতা নাথাকিব। সকলো ধৰণৰ অনুদান প্ৰদানৰ ক্ষমতা থাকিব চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ (MHRD)। অৰ্থাৎ ১০০ শতাংশই ৰাজনৈতিক হস্তক্ষেপ হ'ব।

বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ঃ এক নতুন পদক্ষেপ–

     বৰ্তমানৰ যুগটো বিশ্বায়নৰ যুগ। জ্ঞানৰ বিস্ফোৰণৰ যুগ। যি জ্ঞানে সৃষ্টি কৰে নতুনত্ব আৰু প্ৰতিযোগিতামূলক ধ্যান-ধাৰণা; যি জ্ঞানে সৃষ্টি কৰে ন ন উদ্ভাৱন আৰু সম্পদ, যাৰ ফলত ৰাষ্ট্ৰ এখনে লাভ কৰে প্ৰচুৰ অৰ্থ। তদুপৰি কম্পিউটাৰ আৰু প্ৰযুক্তিবিদ্যাৰ নৱ বিপ্লৱৰ ফলশ্ৰুতি জন্ম হৈছে আন্তঃবৈষয়িক (Inter-disciplinary)ধাৰণা, যাৰ ফলত মানৱ জাতিয়ে লাভ কৰিছে ন ন বিষয়–মালীকউলাৰ কম্পিউটাৰ, জালাকিউলাৰ ইঞ্জিনীয়াৰিং, ছাৰফেচ ইঞ্জিনীয়াৰিং, নেন প্ৰযুক্তি, নেন'-বায়' ইনফ' প্ৰযুক্তি আদি। অৰ্থাৎ কে বিদ্যায়তনিক বিপ্লৱ। সেই কাৰণে ‘Nevolutionany Wealth’ নামৰ গ্ৰন্থত হেইডি আৰু এলভিন টফলাৰে কৈছে– “Revolutions smash boundaries. Academic boundaries are enoding too”। সৃজনীশীলতা, নতুনত্ব আৰু সমৃদ্ধিৰ মাজত এক  নিবিড় সম্বন্ধ গঢ় লৈ উঠিছে আৰু সৃষ্টি কৰিছে উদ্ভাৱনৰ ধাৰণা।

     এনে সকলোবোৰ সৃষ্টি হৈছে বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ যোগেদি। বিশ্ববেংকে কৈছে যে, ২১ শতিকাৰ শিক্ষা মানে উচ্চশিক্ষা। বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় এখনৰ উন্নত দেশ এখনৰ আৰ্থ-সামাজিক দিশত চাহিদা কিমান বা কিমান প্ৰয়োজন, নিম্ন উল্লেখিত বিশ্ববেংকৰ সমীক্ষাই প্ৰত্যক্ষ প্ৰমাণঃ

   প্ৰায় দুশখন ৰাষ্ট্ৰৰ জৰীপ চলাই বিশ্ববেংকে এই শতিকাৰ দোকমোকালিত এক সমীক্ষা প্ৰকাশ কৰে–

তালিকা [১]

ৰাষ্ট্ৰীয় বিকাশ নিৰ্ভৰ কৰে

       (i)প্ৰাকৃতিক সম্পদঃ ২০%

      (ii)বুনিয়াদী সুবিধাঃ ১৬%

     (iii)মানৱ সম্পদ [জ্ঞান]: ৬৪%

     গতিকে বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয় গঢ়িবলৈ প্ৰয়াস কৰাতো প্ৰশংসনীয়। কিন্তু কিমান নিষ্ঠাৰে/ উন্নত দেশবোৰৰ বিশ্ববিদ্যালয়বোৰত কোনোধৰণৰ ৰাজনৈতিক হস্তক্ষেপ দেখা নাই। বিদ্যায়তনিক স্বাধীনতা মানে মুক্ত পৰিৱেশ।

       তথাপিও নতুন পদক্ষেপ হাতত লৈছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে বিশ্বশ্ৰেষ্ঠ বি.বিৰ তৈয়াৰ কৰিবৰ বাবে প্ৰথমে ২০ খন বি.বি. [১০ খন চৰকাৰী আৰু ১০ খন প্ৰাইভেট] বাচনি কৰাৰ কথা আছিল। কিন্তু সদ্যহতে ছয়খন ঘোষণা কৰিছে। চৰকাৰী 

তিনিখন–আই.আই.টি. বম্বে আৰু দিল্লী, বাংগালোৰৰ ইণ্ডিয়ান ইন্সষ্টিটিউট অৱ চায়েন্স; প্ৰাইভেট তিনিখন–বাংগালোৰৰ উচ্চশিক্ষাৰ মণিপাল একাডেমী [১৯৫৩ চনত স্থাপিত], পিলানী [ৰাজস্থান]ৰ বিৰলা ইন্সষ্টিটিউট অৱ টেকন'লজি এণ্ড চায়েন্স [১৯৬৪ স্থাপিত] আৰু মুকেশ আম্বানীৰ জিঅ' অুনষ্ঠান। আম্বানীৰ জিঅ'ৰ অনুষ্ঠান এতিয়াও নৈ ধৰিবলৈ বাকী।

     চৰকাৰী শিক্ষানুষ্ঠান তিনিখনক চৰকাৰে ১০০০ কোটি টকাকৈ পাঁচ বছৰৰ বাবে এককালীন অনুদান আগবঢ়াব। প্ৰাইভেট কেইখনত কোনোধৰণৰ অনুদান চৰকাৰে আগনবঢ়ায়।

     সৰ্বভাৰতীয় পৰ্যায়ৰ NIRFৰেংকিঙত [২০১৮ চন] ইণ্ডিয়ান ইন্সষ্টিটিউট অৱ চায়েন্সয়ে ৰম স্থান, আই.আই.টি. বম্বে আৰু দিল্লীয়ে 3য় আৰু ৪ৰ্থ স্থানত আছিল। আকৌ, মণিপাল আৰু বিটচ পিলানী ক্ৰমে ১৮ আৰু ২৬ নং স্থানত আছিল। জিঅ' কোনো ৰেংকেই নাছিল।

     বষ্টন বি.বি.ৰ প্ৰাক্তন অধ্যাপক আৰু আন্তৰ্জাতিক খ্যাতিসম্পন্ন লেখক প্ৰফেচাৰ ফিলিপ অ'ল্টবেকে “The tough road to academic excellence (Hindu, 19 July, 18)” নামৰ প্ৰবন্ধত উল্লেখ কৰিছে বি.বি.ৰ বাবে তিনিটা মুখ্য বৈশিষ্ট্যঃ [ক] প্ৰতিভা; [খ] সম্পদ; [গ] মুখ্য সদিচ্ছা।

     প্ৰতিভাৰ ক্ষেত্ৰত অধ্যাপকবৰ্গ আৰু ছাত্ৰ-ছাত্ৰীৰ পোনপতীয়া অৱদান গুৰুত্বপূৰ্ণ। বি.বি.ৰ সকলোধৰণৰ মৌলিক অৱদানৰ অন্তৰালত আছে শিক্ষকসকলৰ অৰিহণা। ৰেংকিঙৰ ক্ষেত্ৰত মৌলিক অৱদান অত্যন্ত জৰুৰী; অৰ্থাৎ কোনো বিকল্প নাই।

     আকৌ, গুণগত আৰু আন্তৰ্জাতিক ছাত্ৰ-ছাত্ৰীৰ বাবে গুণগত শিক্ষা তথা আন্তঃবৈষয়িক বিষয় আৰু উদ্ভাৱনমূলক ক্যাৰিকুলাম নিতান্ত প্ৰয়োজন।

ভাৰতবৰ্ষত মৌলিক গৱেষণাঃ এক খতিয়ান–

     বিশ্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ বা বৰ্তমান কেন্দ্ৰীয় চৰকাৰে নতুনকৈ অন্তৰ্ভুক্ত কৰি অনা ইন্সষ্টিটিউট অব এমিনেন্স IOE বাবে মৌলিক গৱেষণা, পেটেন্ট বা টকাৰ ব্যয় অত্যন্ত জৰুৰী।

ভাৰতবৰ্ষৰ গৱেষণাত টকা ব্যয় [কোটিৰ]

     ২০০৪-০৫     ২০১২-১৩    ২০১৬-১৭

     ২৪,১১৭      ৮৫,৩২৬     ১,০৪৮৬৪

[ক]  মুঠ ঘৰুৱা উৎপাদনৰ ব্যয় গৱেষণাত

           * ভাৰতঃ ০.৭%

           * চীনঃ ২.৬০%

           * যুক্তৰাষ্ট্ৰঃ ২.৮%

           * ইজৰাইলঃ ৪.3%

[খ] পেটেণ্ট

           * ভাৰতঃ ৪৫,৬৫৮ টা

           * চীনঃ ১.১ নিযুত

           * যুক্তৰাষ্ট্ৰঃ ৫,৮৯৪১০ টা

           * ইজৰাইলঃ 2,১৩৬ টা

           * জাপানঃ ৩১১৭২১ টা

           * দঃ কোৰিয়াঃ 2,১৩৬ টা

[গ]

     আকৌ, ২০১৬-১৭ বৰ্ষৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেটেন্ট ফাৰ্ম [ভাৰতত থকা]ৰ মুঠ পেটেন্টৰ সংখ্যা ভাৰতৰ সকলোবোৰ লেবৰেটৰীৰ [DRDO ৰ ৫০টা লেব, IISC ৰ ৪০ টা, CSIR ৰ ৩৮, NITS ৰ ৩১, IIT ৰ  ২৩ আৰু ISRO ৰ  ৬ টা] পেটেন্টৰ মুঠতকৈ দুগুণ।

     ভাৰতৰ আৰু বিদেশৰ [ভাৰতত থকা] ৰিচাৰ্চ ফাৰ্মৰ পেটেন্টৰ প্ৰতিচ্ছবি এনেধৰণৰ–

ভাৰতীয় অনুষ্ঠানৰ  পেটেন্টৰ সংখ্যা     বিদেশৰ [ভাৰতৰ]        পেটেন্ট সংখ্যা

     IIT (মুঠ)      400     Qualcomm (US)        1,840

     CSIR          230     Samsung (Korea)        706

     DRDO          58      Huawei (Shina)           625

     IISC              54      Microsoft (US)            589

      NITS (মুঠ)    26      Konink Tech

                                    Philips (Nethaland)     557

      ISRO             13     GE (US)                        520

      Total             781     Total                          4,837

[ঘ] অভিজ্ঞতাঃ কিমান প্ৰয়োজন–

     আমেৰিকা যুক্তৰাষ্ট্ৰ বৰ্তমান জ্ঞানৰ পীঠস্থান। বিশ্বৰ গুণী-জ্ঞানী লোকসকলে যুক্তৰাষ্ট্ৰলৈ গ'লে আহিব নোখোজে। তাত বয়সৰ মাপকাঠিৰে শিক্ষকসকলক নোজোখে; জ্ঞানৰ মাপকাঠিৰেহে জোখে। সেইকাৰণে তাৰ বিশ্ববিদ্যালয় বা মহাবিদ্যালয়বোৰত বহুতো ন'বেল বঁটাপ্ৰাপ্ত ৮০/৯০ বছৰীয়া বয়সীয়াল [যেনে– প্ৰফেচাৰ গলবেইথ, আমৰ্ত্য সেন, গণিতজ্ঞ হৰিশ শৰ্মা, এচ. চন্দ্ৰশেখৰ আদি] আৰু অভিজ্ঞ অধ্যাপকে পৰিৱেশ জীপাল কৰি ৰাখে। এনে কাৰণত হয়তো ৰবাৰ্ট ব্ৰাউনিঙে কৈছে– “Grow old along with me, the best is yet to be”।

     কিন্তু ভাৰতবৰ্ষত ইয়াৰ বিপৰীত। ৬০/৬৫ বছৰ হ'লে, গুণী-জ্ঞানী বা কৃতী শিক্ষকযঅধ্যাপকসকলে অৱসৰ ল'ব লাগিব। জ্ঞানতকৈ বয়স আমাৰ দেশত বেছি গুৰুত্বপূৰ্ণ। যদিও পণ্ডিত নেহেৰু বা নান্দনিক দৃষ্টিভংগীত অটল বিহাৰী বাজপেয়ীৰ মন্ত্ৰীসভা পণ্ডিত আৰু অভিজ্ঞলোকৰে পৰিপুষ্ট হৈ আছিল, বৰ্তমান কিন্তু তেনেলোকৰ অভাৱ অনুভৱ হয়। উদাহৰণ হিচাপে প্ৰান্তিকৰ পাতত [১৬ এপ্ৰিল, ২০১৮] ড০ কুলেন্দু পাঠকে প্ৰশ্ন কৰিছে ভাৰত চৰকাৰৰ মন্ত্ৰী এগৰাকীয়ে ডাৰডইন সম্পৰ্কে দিয়া মন্তব্যবোৰ গ্ৰহণযোগ্য নে· এয়া অভিজ্ঞতা আৰু জ্ঞানৰ অভাৱ– “Experience is the best teacher”। নিউটনৰ সমকক্ষ কালজয়ী বিজ্ঞান ডাৰউইনৰ ওপৰত দিয়া ঋণাত্মক আৰু পাঠ্যপুথিৰ পৰা উঠাই দিয়া মন্তব্যত ভাৰতীয় বিজ্ঞানীসকল ক্ষুণ্ণ হৈছিল। বিশ্ববিখ্যাত বিজ্ঞানী তথা হকিঙক প্ৰভাৱান্বিত কৰা জয়ন্ত নাৰ্লিকাৰে হিন্দু কাকতত [১৭ ফেব্ৰু, ২০১৮] ‘Science should have the last word' নামৰ প্ৰবন্ধত এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে– Recently there was a claim made in India that the Dawwinian theory of evolution is incorrect and should not be taught in schools. In the field of science, the criterion for the survival of a species the theory is that it must explain all observed phenomena in its domain. For the present, Darwin’s theory is the best such theory..... the Darwinian theory is the only one that should continue to be taught in schools”।

 

সামৰণিঃ কিমান নিৰাপদ–

     যিটো সময়ত ভাৰতবৰ্ষ স্বাধীন হৈছিল, প্ৰায় একে সময়ত দুখন দেশ নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ প্ৰয়াস কৰিছিল। এখন হৈছে নতুনকৈ জন্মলাভ ইজৰাইল ৰাষ্ট্ৰ য'ত তিনিজনতকৈ অধিক ন'বেল বঁটা লাভ কৰা মনীষী আছে। আনখন হৈছে জাপান। দ্বিতীয় মহাসমৰত টুকুৰা-টুকুৰ হোৱা জাপানী জাতি আজি বিশ্বত প্ৰথম ৰেংকৰ জাতি, আটাইতকৈ ধনী–বিজ্ঞানৰ ক্ষেত্ৰত, টেকন'লজিৰ ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰতো। মূলমন্ত্ৰ হৈছে–শিক্ষাৰ নবীকৰণ বা শিক্ষাৰ সংস্কাৰ। চৰকাৰ সলনি হোৱাৰ লগে লগে শিক্ষা পদ্ধতিৰো আমূল পৰিৱৰ্তনেৰে নহয়; পৰ্যায়ক্ৰমে শুদ্ধিকৰণেৰেহে। গণিতত ৰিচাৰ্ড বেলজেনিৰ এটা নবীকৰণৰ পদ্ধতি আছে–ডাইনেমিক প্ৰগামিং; এনে মেথড [উপায়] প্ৰয়োগ হ'ব পাৰে, জাপান বা ইজৰাইলৰ নিচিনাকৈ [অৰ্থাৎ পৰ্যায়ক্ৰমে বিকাশ বা উন্নতি]।

     আমাৰ নৱপ্ৰজন্মক অন্তহীনভাৱে কৃষ্টিশীল কৰি ৰাখিবলৈ উদ্দীপনাময় চিন্তাৰ প্ৰয়োজন অধিক। এই উদ্দীপনাময় চিন্তাৰ উন্মেষ নঘটিলে, প্ৰতিভা মণীষালৈ ৰূপান্তৰিত নহয়। গতিকে সংখ্যাগত ভাৱে ভাৰতবৰ্ষ এখন জনবহুল দেশ হলেও, বৌদ্ধিক যাত্ৰাত ইজৰাইল বা জাপানৰ দৰে শিক্ষা পদ্ধতিক ৰূপান্তৰহে কৰিব লাগিব। অৰ্থাৎ সৃষ্টি কৰিব লাগিব এক ‘মেৰিট'ক্ৰেটিক(meritocratic)সংস্কৃতিলৈ, য'ত সকলো পৰ্যায়ৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শিত হ'ব লাগিব–শ্ৰেষ্ঠ শিক্ষক; বুদ্ধিমত্তা ছাত্ৰ; বিদ্যায়তনিক পৰিৱেশেৰে পৰিপুষ্ট শিক্ষাকেন্দ্ৰ আৰু যিকোনো সিদ্ধান্ত গৃহীত হ'ব লাগিব ৰাজনৈতিক ভিত্তিত নহৈ গুণগত ভিত্তিত।

    ডাইনচৰ প্ৰজাতিৰ মৃত্যু হোৱা নাছিল, পৃথিৱীখন সলনি হোৱাৰ বাবে। মৃত্যু হৈছিল, সময়ৰ সেঁাতত নিজক ৰূপান্তৰিত বা সলনি কৰিব নজনাৰ বাবেহে।