প্ৰত্যাৱৰ্তন

বন্তি চেতিয়া

প্ৰবক্তা, ডায়েট, লখিমপুৰ

 

শান্তিৰ শেষ আৱাহনিত

প্ৰশান্তিৰ এক অনন্য নষ্টালজিক

অনুভূতিত

উলমি লয় শাওনৰ ভাগৰুৱা জোন।

কজলা মেঘৰ অভিসাৰী নদীত

বৰফৰ পাকঘৰ

জুই প্ৰতাৰিত হৃদয়ৰ শ্ল'গান

শব্দ আৰু গানৰ

আলোক সন্ধানী বিচ্ছুৰিত সমলয়ত

কঁপি উঠে বুকুৰ ভিতৰত

নিনাদিত কঠিন শিল্প

সেঁাৱৰণি বাৰিষাৰ আমোঘ বান

বিপ্লৱৰ সমাপ্তিত

জনতাৰ নেপথ্যত

নিৰ্বাপিত বিশ্বাসৰ আলোড়ন

ব্যৰ্থতা আৰু সফলতাৰ যেন

নিৰ্ভুল জোখ-মাখ

ৰৌদ্ৰজ্বল পৃথিৱীৰ মৃণ্ময়

সেউজীয়াত

আবেগ আৰু প্ৰত্যয়ৰ ধুসৰিত

শান্তিও এক শিল্প

শিল্পৰ পোচাক পিন্ধা ঋতু বিপ্লৱৰ  দৰেই

ঋতুবোৰ অম্লান ভাস্কৰ্য।

ভাস্কৰ্যই সানি লয় তাৰ সমস্ত

জোনাকত

প্ৰেমৰ ভিন্নসুৰী ফাকু

দুহাতেৰে গোটাই সাৱতি লয়

জীৱনৰ আত্মিক প্ৰজ্ঞা।