মোৰ এটি অনুভৱ  ‘ডায়েট'

দীপ্তি ৰাণী দাস

ডি.এল.এড. 2য় ষাণ্মাসিক

 

সুন্দৰৰো সুন্দৰ

               হে ডায়েট

তোমাক সহস্ৰ প্ৰণাম ...

তুমি আগবঢ়াই দিয়া

               তোমাৰ সেউজীয়া হাত ...

শস্য প্ৰতিমা গঢ়ো

               তোমাৰ কোলাত।

হৃদয়ৰ উৰ্বৰতাৰে

               জীপাল কৰি ৰখা

               সহস্ৰ জনৰ আশা

তোমাৰ কোমল পৰশত জাগি উঠিছে

               উচ্ছাকাংখ্যা .......।

এতিয়া তোমাৰ ভৰ যৌৱন

তোমাৰ দেহত ৰূপোৱালী সাজ .....

বুকুত তোমাৰ ফুলৰ শৰাই

হৃদয়ত সোণোৱালী

               সুৰৰ দেউল ....।

তুমি আগুৱাই লৈ যোৱা বাটত ফুলে

হাজাৰ বসন্ত ফুলৰ কলি ....

               সৃষ্টি হ'ব ভৱিষ্যতৰ ধৰণী,

               সুন্দৰৰ পূজাৰী।

জ্ঞানৰ শলিতা জ্বলোৱা

               মৃত্যু বিজয়ী তুমি

               জাগ্ৰত প্ৰহৰী

ভাঁহি উঠা তুমি আমাৰ বুকুত

নতুন যুগৰ ক্ৰান্তিকাৰী...।

হে ডায়েট,

               তোমাক সহস্ৰ প্ৰণাম

স্থবিৰতা শিল কঠিন বেহু ভাঙি

        বৈ যোৱা ব¿হ্নমান ...।