সম্পাদকৰ মেজৰ পৰা

উভতি চাওঁ আগুৱাই যাওঁ

১৯৯৪ চন, প্ৰথম আমি কেইগৰাকীমানে অৰ্ধ নিৰ্মিত ডায়েট প্ৰাংগনত উপস্থিত হৈ কেনেদৰে কাৰ্য্যলয়ৰ কাম কাজ আৰম্ভ কৰিব পৰা যায় আলোচনা কৰিছিলো আৰু প্ৰথম কলপুলি পুতি সেই সময়ৰ গড় কাপ্তানি মন্ত্ৰী গোলোক ৰাজবংশী চাৰক নিমন্ত্ৰণ কৰিছিলো, উদ্বোধন কৰিবলৈ। সেই দিনটোৰ পিছত চাওঁতে চাওঁতে প্ৰতিষ্ঠানখনে ২৫ টা বছৰ অতিক্ৰম কৰিলে। জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান স্থাপনৰ মূল উৎস আছিল ১৯৮৬ চনৰ শিক্ষা নীতি, য'ত সকলোৰে বাবে শিক্ষা আৰু গুণগত শিক্ষাৰ বাবে বিভিন্ন পৰামৰ্শৰ লগতে শিক্ষক প্ৰশিক্ষণৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। কাৰণ ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষা নিৰ্ভৰ কৰে গুণগত শিক্ষকৰ ওপৰত। ছাত্ৰ-ছাত্ৰীৰ শিকনৰ বিকাশক অনুধাৱন কৰি তেওঁলোকৰ শিকন ঘাটি সমূহ পূৰণ নকৰালৈকে গুণগত শিক্ষা শিশুৱে আহৰণ কৰিব নোৱাৰে। সেয়েহে শিক্ষকে কেনেদৰে শিকাবলগীয়া ধাৰণাসমূহ ছাত্ৰ-ছাত্ৰীয়ে আয়ত্ব কৰিব পৰাকৈ সৰল কৰি উপস্থাপন কৰিব লাগিব তথা সকলো ছাত্ৰ-ছাত্ৰীয়ে কেনেদৰে শিক্ষণ-শিকন কাৰ্য্যত সক্ৰিয় ভাৱে অংশগ্ৰহণ কৰিব পাৰিব এই কথা এজন প্ৰশিক্ষণপ্ৰাপ্ত অভিজ্ঞ শিক্ষকৰ দ্বাৰা সম্ভৱ হয় আৰু সেই উদেশ্যৰে ভাৰতৰ বিভিন্ন জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহ স্থাপন কৰি প্ৰতিষ্ঠানৰ ৭ টা বিভাগক জিলাখনৰ শিক্ষাৰ লগত জড়িত কৰাই বিভিন্ন সমস্যাসমূহৰ সমাধানৰ পথ স্থিৰ কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। ইয়াৰ বাবে অসম লোক সেৱা আয়োগক উচ্চশিক্ষিত [স্নাতকোত্তৰ আৰু B.Ed./M.Ed.] ব্যক্তিসকলক নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দি অসম চৰকাৰে ৰাজ্যত কেবাটাও দফাত জিলাসমূহত DIET সমূহ, স্থাপন কৰি নিযুক্তি দিয়ে। লখিমপুৰ জিলাত ১৯৯৪ চনত DIET স্থাপন হয় আৰু নিম্ন উল্লেখিত ব্যক্তিসকলে প্ৰথমে যোগদান কৰে– সৰ্বশ্ৰী গোবিনচন্দ্ৰ বৰা [জ্যেষ্ঠ প্ৰৱক্তা], সেৱক হাজৰিকা [জ্যেষ্ঠ প্ৰৱক্তা], ভদ্ৰেশ্বৰ মৰাং [প্ৰৱক্তা], নৃপেন শইকীয়া [প্ৰৱক্তা], জোৎস্না মেদক [প্ৰৱক্তা], দুলামী হেৰেঞ্জ [প্ৰৱক্তা], উগ্ৰজিত বৰুৱা [প্ৰৱক্তা]। পৰৱৰ্তী পৰ্যায়ত তাজউদ্দিন লস্কৰ, মৃণাল শৰ্মা বৰুৱা, ইলি চলিহা আদি প্ৰৱক্তাসকলে যোগদান কৰে। ১৯৯৪ চনৰ শেষৰ ফালে মাননীয় শ্ৰীযুত নবীন চন্দ্ৰ দত্ত চাৰে বিশ্বনাথ চাৰিআলিৰ পৰা আহি অধ্যক্ষ হিচাবে যোগদান কৰে আৰু লাহে লাহে অনান্য কাৰ্যালয় সহায়ক সকলক নিযুক্তি দিয়া হয়। সেই চালুকীয়া DIET খন বৰ্তমান পূৰ্ণাংগ পৰ্যায়ত জিলাখনৰ শৈক্ষিক দিশত অৱদান আগবঢ়াই আহিছে। DIETখনে জিলাখনত নিযুক্তিকালীন, প্ৰাক নিযুক্তিকালীন শিক্ষক প্ৰশিক্ষণ, শিকন-শিক্ষণ সম্পদৰ গঠন, শিক্ষকসকলৰ শিক্ষণ কাৰ্যত সহায় কৰা আদি কৰি বিভিন্ন Monitoring and Supevvision-ৰ কামসমূহ কৰি আহিছে। প্ৰতিখন ড্ডIড্ৰথ্ব ত অতি উচ্চশিক্ষিত আৰু অভিজ্ঞ শিক্ষক প্ৰশিক্ষকসকল আছে। জিলাখনৰ প্ৰয়োজন ভিত্তিত প্ৰশিক্ষণ [Need bascd] প্ৰদান কৰা তাক Follow Up কৰা, শিক্ষকসকলৰ প্ৰয়োজনীয় নথি ৰখা আদিৰ দায়িত্ব DIET ৰ আছে। বৰ্তমান বিভিন্ন আঁচনিসমূহৰ জৰিয়তে শিক্ষা বিভাগৰ কাম-কাজ চলি আছে। কিন্তু কাৰ্যক্ষেত্ৰত দেখা গৈছে বিভাগসমূহৰ মাজত কোনো ধৰণৰ সমন্ময় [Co-ordinatioa] নাই। যাৰ ফলত শিক্ষক প্ৰশিক্ষণ বা শিক্ষকক সহায় আগবঢ়োৱা বিষয়টো শৃংখলাবদ্ধ ভাৱে আগবাঢ়িব পৰা নাই। কাৰ্যক্ষেত্ৰত জিলাসমূহত DIET এ যি ধৰণে সহায় আগবঢ়াব লাগে সেয়া সম্ভৱ হৈ উঠা নাই। লখিমপুৰ জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানত সৰ্বমুঠ শিক্ষা বিষয়া থাকিব লাগে ২৫ গৰাকী কিন্তু দুৰ্ভাগ্য বশত এই পদসমূহ যোৱা ২৫ বছৰে সম্পূৰ্ণ নিযুক্তি দিয়া নহ'ল। বৰ্তমান ৭ গৰাকী শিক্ষা বিষয়াৰে অধ্যক্ষ মহোদয়ে ডায়েট খনৰ সকলো যাৱতীয় শৈক্ষিক কামবোৰ চলাই আছে। ইয়াৰ বাবে প্ৰবক্তাৰ পৰা আৰম্ভ কৰি কাৰ্যালয়ৰ সহায়কলৈকে সকলোৱে অতিশয় কষ্ট স্বীকাৰ কৰিব লগা হৈছে। অতি কম মানৱ সম্পদ থকা স্ফত্তেও লখিমপুৰ DIET এ সকলো বিষয়তে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাত সক্ষম হৈছে। অধ্যক্ষ গোবিন চন্দ্ৰ বৰাদেৱে অতি বিচক্ষণভাৱে B.Ed. ৰ পাঠক্ৰমৰ স্বীকৃতি লাভ কৰাই B.Ed., D.El.Ed. [ODL, NIOS] ৰ সুন্দৰ ফলাফল সহ চলাই থাকিবলৈ সক্ষম হৈছে। ইয়াৰ বাবে DIET পৰিয়ালৰ সকলোৱেই প্ৰশংশাৰ যোগ্য। সামান্য সা-সুবিধা আৰু আন্তঃগাথনিৰে আৰম্ভ কৰা DIET খন বৰ্তমান যথেষ্ট উন্নত আৰু চকু লগা হৈ পৰিছে।

 

ৰূপালী জয়ন্তী উদযাপনৰ সন্ধিক্ষণত অনুষ্ঠানখনে অনাগত দিনবোৰত পূৰ্বৰ অভিজ্ঞতাৰে জিলাখনৰ শৈক্ষিক উন্নয়নৰ সংকল্প ল'লে ৰূপালী জয়ন্তী উদযাপন অধিক সাৰ্থক হ'ব। অহা দশকত প্ৰতিষ্ঠানখনে আশাকৰো জিলাখনৰ বিভিন্ন সমস্যা থকা দিশবোৰত দৃষ্টি ৰাখি সমাধানৰ ন খোজেৰে আগবাঢ়ি যাব।

 

স্মৃতিগ্ৰন্থ সম্পাদনাৰ অতি গধুৰ দায়িত্ব উদযাপন সমিটিয়ে আমাৰ ওপৰত দায়িত্ব ন্যস্ত কৰিলে। আমাৰ দৰে সামান্য অভিজ্ঞতাৰে এনে কাম কৰা অতি দুৰূহ। যিসকল গণ্য মান্য ব্যক্তিক ব্যক্তিগতভাৱে যোগাযোগ কৰাত তেওঁলোকৰ বহুমূলীয়া লিখনিৰে স্মৃতিগ্ৰন্থৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ বাবে তেখেতসকলক নথৈ ধন্যবাদ জনাওঁ। শ্ৰী নাৰায়ণ দেৱগোস্বামী মহোদয় আৰু গীতাচাৰ্য্য পুৰন্দৰ বৰুৱা দেৱৰ লিখনি পূণঃমুদ্ৰণৰ অনুমতি দিয়া বাবে দুয়োগৰাকীক সশ্ৰদ্ধ প্ৰণাম। বহুতৰে লিখনি ঠাই আৰু সময়ৰ অভাৱত প্ৰকাশ কৰিব নোৱাৰাৰ বাবে আমি অতিশয় দুখিত। আমাৰ প্ৰশিক্ষাৰ্থীসকলৰ লিখনি কিছুমানত আমি অনিচ্ছা স্ফত্বেও হাত ফুৰাবলৈ বাধ্য হৈছো। সম্পাদনা সমিতিৰ সকলো সদস্যই বিশেষকৈ উপদেষ্টা ও সভাপতি মহোদয়ে আমাক প্ৰত্যেক মুহূৰ্তত দিহা-পৰামৰ্শ দি সহায় কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো। লগতে বিভিন্ন সময়ত জোনালী হাজৰিকাৰ পৰা পোৱা সহায়ৰ বাবেও তেওঁক ধন্যবাদ জনালোঁ।

 

‘জ্ঞানম' খনৰ বিভিন্ন লিখনিত ছবি সংযোগ কৰাত সহায় কৰাৰ বাবে প্ৰভাত মৰাং আৰু আলোকচিত্ৰ সংগ্ৰহ কৰাত সহায় কৰাৰ বাবে প্ৰণৱ দিহিঙ্গীয়া, দেবব্ৰত নাৰ্জাৰী আৰু জিন্টু বৰি আৰু সকলো লেখনি মুদ্ৰণত সহায় কৰাৰ বাবে অতুল শইকীয়া আৰু তেখেতৰ সহধৰ্মিনী জোনালী শইকীয়াক আমি অশেষ ধন্যবাদ জনাইছো। অতি কম সময়ৰ ভিতৰত সম্পাদনা কৰিবলগা হোৱাত অনেকখিনি ভুল-ভ্ৰান্তি ৰৈ যোৱাটো স্বাভাৱিক।

 

শেষত সকলোৰে সহায়-সহযোগিতাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি লখিমপুৰ ডায়েটৰ উত্তৰোত্তৰ কামনা কৰিলো।

                     দুলামী হেৰেঞ্জ পাণ্ড

                     ত্ৰিৰঞ্জন টাইড

                     সম্পাদকদ্বয়,

                     স্মৰণিকা ‘জ্ঞানম'

                                                              তাং– ২৫/৫/২০১৯