অসমীয়া শিশু সাহিত্যঃ চমু আলোকপাত

জয়ন্ত মাধৱ বৰা

জ্যেষ্ঠ প্ৰবক্তা, মৰিগাঁও ডায়েট

শিশু সাহিত্য মানে শিশুৰ বাবে, শিশুৰ উপযোগীকৈ লিখা সাহিত্য। জন্মৰ পৰা কৈশোৰলৈকে শিশুৰ এই সময়চোৱাক লৈ শিশুৰ উপযোগীকৈ আৰু শিশুৱে  পঢ়ি ভালপোৱাকৈ গুণগত মানদণ্ডৰে  লিখা কবিতা, গল্প, সাধু আৰু  কাহিনীবোৰেই শিশু সাহিত্য।  শিশু সাহিত্যৰ এই সময়চোৱাক লৈও ভিন্ন-মত দেখা যায়। অসমীয়া ভাষাত ইয়াক “শিশু সাহিত্য” আৰু “কৈশোৰ কালৰ সাহিত্য”– এনেকৈ দুটা ভাগত ভাগ কৰা দেখা যায় সাধাৰণতে। বহুতে আকৌ “কৈশোৰ কালৰ সাহিত্য”ক “শিশু সাহিত্য”ৰ ভিতৰত নধৰেই। সেয়া বয়ঃসন্ধিৰ সাহিত্য বুলি অভিহিত কৰিব খোজে। ইংৰাজী সাহিত্যত কিন্তু এটাই ভাগ– “চিলড্ৰেন লিটাৰেচাৰ।” জন্মৰ পৰা কৈশোৰলৈকে শিশুৰ উপযোগী লোক-সাহিত্য আৰু কাহিনীকে ধৰি  কিশোৰৰ উপযোগী সকলো সৃষ্টিমূলক সাহিত্যই  “চিলড্ৰেন লিটাৰেচাৰ”। শিশুৰ উপযোগী সকলো সাহিত্যকে  শিশু সাহিত্যৰ ভিতৰত ধৰে। তেওঁলোকৰ বাবে শিশু সাহিত্য আৰু কিশোৰৰ বাবে সাহিত্য বেলেগ নহয়।

অসমীয়া আলোচনীৰ ইতিহাসেই অসমীয়া সাহিত ্যৰো ইতিহাস। ‘জোনাকী'ৰ পৰা বৰ্তমানলৈকে যিমানবোৰ আলোচনী প্ৰকাশ হ'ল, তাৰ মাজেৰেই অসমীয়া গল্প, উপন্যাস, কবিতা, নিৱন্ধই এটা ধাৰাত  আহি আজিৰ অৱস্থাত উপনীত হৈছেহি। একেদৰে অসমীয়া শিশু সাহিত্যও শিশু আলোচনীৰ মাজেৰেই গতি কৰি আহি আজিৰ অৱস্থা পাইছেহি। “ল'ৰাবন্ধু”ৰ পৰা বৰ্তমানলৈকে যি ৮৮খন শিশু আলোচনী প্ৰকাশ পালে, সেই সকলোবোৰেই অসমীয়া শিশু সাহিত্যক টনকিয়াল কৰাত বলিষ্ঠ ভূমিকা লৈছিল আৰু আজিও প্ৰকাশিত শিশু আলোচনীকেইখনে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। অসমীয়া শিশু সাহিত্যৰ বণিÊল যাত্ৰা বহু আগৰ। অসমীয়া ভাষাৰ নিচুকনী গীতবোৰ অতীতত ইজনৰ পৰা সিজনলৈ  মুখে মুখেই বাগৰি গৈছিল। লিখিত ৰূপত নাছিল বাবে বহুত হেৰাইও গ'ল। ঠিক সেইদৰে ৰজা মহাৰজাৰ কাহিনী, পৰীৰ দেশৰ কথা, ৰাক্ষসৰ সাধু, মহাভাৰত ৰামায়নৰ কাহিনীবোৰ, পঞ্চতন্ত্ৰৰ সাধুবোৰ, এই সকলোবোৰ মুখে মুখেই চলি আহিছিল। ঘৰৰ আগফালৰ চোতালত বহি  ককাক আইতাকে নাতি-নাতিনীহঁতক কৈছিল এই সাধুকথাবোৰ। অঞ্চলভেদে থকা জনগোষ্ঠীয় লোক-সাহিত্যবোৰো আছিল ইয়াৰ মাজতে। লিখিতৰূপত নথকা বাবেই বহুত জনগোষ্ঠীয় সাধু হেৰাই গ'ল। নজনাকৈয়ে শিশু সাহিত্যৰ ধাৰা সেই সময়তো চলি আছিল। বিকাশো হৈছিল। শিশুসকলক সাধু আৰু নীতিশিক্ষাৰ লগত জড়িত কৰি ৰখাৰ কাৰণেই বোধহয়  শিশু সাহিত্য বুলিলে অসমীয়া ভাষাত কেৱল সাধু বুলিহে বা নীতিশিক্ষা বুলিহে ধাৰণা কৰে বহুতে। এই কথাটো এই কাৰণেই ক'বলগীয়া হৈছে কাৰণ কোনোবা এজনক শিশুৰ বাবে কিবা এটা লিখিবলৈ ক'লেই পোনে পোনে সাধুৰ দৰে নীতিশিক্ষা জাতীয় কিবা এটা লিখি দিয়ে। আকৌ বেছি ভাগ শিশু সাহিত্যই ৰচনা হয় বয়স্ক লোকৰ দ্বাৰা। তেওঁলোকে শিশুসকলক যেনেকুৱাকে বিচাৰে, যি হোৱাটো বিচাৰে, যেনেদৰে চাব বিচাৰে, তেওঁলোকৰ লিখাত তাকে প্ৰকাশ পায়। তেওঁলোকে তেনেধৰণৰেই লিখে। গতিকে শিশু সাহিত্য প্ৰায়ে নীতিশিক্ষা ধৰণৰ হয়। শিশু সাহিত্য বুলি ক'লেযে কবিতা, গল্প, উপন্যাস, সাংবাদিকতা, অনুসন্ধানমূলক, বুৰঞ্জীমূলক, বিজ্ঞানভিত্তিক, এই সকলোবোৰ বিষয়েইযে সাঙোৰ খাই পৰে, সেইটো আলোচনা কৰা আজিপৰ্যন্ত দেখা নাই। শিশু সাহিত্যক তেনে এটা দৃষ্টিভংগীৰে চোৱা দেখা নাযায়।

  বৈষ্ণৱ যুগৰ কবি শ্ৰীধৰ কন্দলীয়ে লিখা “কাণ-খোৱা” খনেই প্ৰথম অসমীয়া শিশুপুথি। তাৰপিছতেই ৰাম সৰস্বতীৰ “ভীম চৰিত”ৰ নাম ল'ব লাগিব। শিশুক মনোৰঞ্জন দিয়া এইখনো এখন  উল্লেখযোগ্য পুথি। উনবিংশ শতিকাত বিশ্ব সাহিত্যত  শিশু সাহিত্যই প্ৰসাৰতা লাভ কৰাৰ সময়তে অসমীয়া সাহিত্যতো শিশু সাহিত্যই ভুমুকি মাৰিছিল। প্ৰথম অসমীয়া বাতৰি কাকত “অৰুনোদই [১৮৪৬-১৮৮০] ১ পাতত ডাঙৰৰ লগতে শিশু পঢ়ুৱৈৰ বাবেও অনেক লেখনী প্ৰকাশ পাইছিল। অকণিহঁতক সম্বোধন কৰি “অৰুনোদই” কাকতত “অৰুনোদই পঢ়া সৰু লৰাবিলাকৰ প্ৰতি প্ৰথম প্ৰনই পত্ৰ” নামেৰে চিঠিপত্ৰৰ এটা শিতানো প্ৰকাশ পাইছিল। অথাৎ “অৰুনোদই”ৰ পাততে অসমীয়া শিশু সাহিত্যৰ জন্ম হৈছিল বুলি ক'ব পাৰি। অৰুনোদই গোষ্ঠীৰ অন্যতম এলিজা ব্ৰাউনে ল'ৰা-ছোৱালীৰ উপযোগী পুথি এখন লিখি প্ৰকাশ কৰিছিল। সম্ভৱতঃ এইখনে অসমীয়া শিশু সাহিত্যৰ প্ৰথম কিতাপ।” [অৰুনোদইৰ অৰিহণা— অতুলচন্দ্ৰ হাজৰিকা]। ব্ৰাউনে অসমীয়া ভাষা প্ৰবৰ্তনৰ কাৰণে পাঠ্যপুথি ৰচনাত আগভাগ লৈছিল। পাঠ্যপুথিৰ অভাৱ দূৰ কৰিবলৈ তেওঁ এঘাৰখন পুথি ৰচনা কৰি উলিয়াইছিল। ব্ৰাউনৰ পত্নী এলিজা ব্ৰাউনে “গননাৰ অংক” [১৮৪০], “ভূগোলৰ বিৱৰণ” [১৮৪৯] আদি স্কুলৰ উপযোগী কিতাপ লিখি খ্যাতি আৰ্জিছিল”  ছপা আকাৰত অসমীয়া শিশু সাহিত্যৰ বিকাশ ঘটে বেজবৰুৱাৰ হাতত। বেজবৰুৱাই অসমৰ গ্ৰাম্য সমাজত মুখে মুখে প্ৰচলিত হৈ থকা লোক-সাহিত্য যেনে নিচুকনী গীত, ওমলা গীত, সাধু আদি সংগ্ৰহ কৰি লিখিত ৰূপ দিলে। অলপ পোনাই-পজাই ছপা কৰি “বুঢ়ী আইৰ সাধু” নাম দি সাধুবোৰ প্ৰকাশ কৰিলে। আচলতে ইয়াৰ পৰাই অসমীয়া শিশু সাহিত্যই যাত্ৰা আৰম্ভ কৰিলে বুলি ক'ব পাৰি।

বলদেৱ মহন্তৰ  “উজুপাঠ” নামৰ শিশু পুথিখনে   সমগ্ৰ অসমতে সমাদৰ লাভ কৰিছিল। উনবিংশ শতিকাত পঢ়াশালিত প্ৰৱৰ্তনৰ বাবে অসমীয়া পাঠ্যপুথিৰ ৰচনাত কেইবাগৰাকী সাহিতি্যকে অৱদান আগবঢ়াইছিল। প½নাথ গোহাঞিবৰুৱাই  তিনিচোৱা নীতিশিক্ষা ৰচনা কৰিছিল আৰু পানীন্দ্ৰ গগৈৰ সৈতে লগ লাগি “সাহিত্য-সংগ্ৰহ” নামৰ পাঠ্যপুথিখন সম্পাদনা কৰিছিল। পানীন্দ্ৰ গগৈৰ “ল'ৰা শিক্ষাৰ আগচোৱা”, “মাজচোৱা” আৰু “শেষচোৱা” পাঠ্যপুথি যদিও উচ্চ মানদণ্ডৰ শিশু সাহিত্য।   বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে তেওঁ পাঁচখন পুথি ৰচনা কৰি উলিয়ায়। সেইকেইখন হ'ল – “ল'ৰাশিক্ষা [আগছোৱা]”, “ল'ৰাশিক্ষা [মাজছোৱা]”, ল'ৰাশিক্ষা [শেহছোৱা]”, “অসমীয়া ল'ৰাৰ ভূগোল” আৰু “গণনাৰ পুথি”। দূৰ্গা প্ৰসাদ মজিন্দাৰ বৰুৱাই  “উজু কবিতা”, “ফুল” আৰু ল'ৰা কবিতা” নামৰ তিনিখন শিশু পুথি ৰচনা কৰিছিল। দেৱেশ্বৰ চলিহাৰ “ল'ৰা-সখি” আৰু আব্দুল মজিদৰ “নিম্ন প্ৰাইমেৰী পাঠ” দুখন পাঠ্যপুথি। আনন্দৰাম ঢেকীয়াল ফুকনৰ “অসমীয়া ল'ৰাৰ মিত্ৰ” বুৰঞ্জী আৰু ভূগোলৰ পাঠ্যপুথি আছিল।” [অসমীয়া শিশু-সাহিত্য সমীক্ষা – শান্তনু তামূলী]। শিশুৰ বাবে যুগুতোৱা এই পাঠ্যপুথিবোৰেও উনবিংশ শতিকাৰ শিশু সাহিত্যক সমৃদ্ধ কৰিছিল।

লক্ষ্মীনাথ বেজবৰুৱাৰ “মুক্তি” গল্পটো হ'ল অসমীয়া শিশু চুটি গল্পৰ প্ৰথম নিদৰ্শন। শিশু মনস্তত্ত্বৰ ওপৰত লিখা এই গল্পটো প্ৰকাশ পাইছিল একাদশ বছৰ দশম-একাদশ সংখ্যা “বাঁহী” আলোচনীত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ “সোণটিৰ অভিমান” একেধৰণৰ শিশু মনস্তত্ত্বৰ গল্প।  জ্যোতিপ্ৰসাদ আগৰৱালাই সেই সময়চোৱাতে ৰচনা কৰা “কম্পুৰ সপোন” এটা উল্লেখযোগ্য শিশু কবিতা। ১৯১৫ চনত ৰচনা কৰা “বাখৰ” বেজবৰুৱাৰ আন এখন উল্লেখযোগ্য শিশু গ্ৰন্থ। আৰম্ভনীৰ পৰা গোটেই বিংশ শতিকাটোতে বুজন পৰিমানৰ শিশু সাহিত্যৰ ৰচনাৰে অসমীয়া শিশু সাহিত্য সমৃদ্ধ হ'ল। বেজবৰুৱাই আৰম্ভ কৰা নীতিশিক্ষা আৰু সাধুকথাৰ বাটটোৰে বহুতেই বাট বুলি অসমীয়া শিশু সাহিত্যক সমৃদ্ধ কৰিলে। শতিকাটোৰ প্ৰথমচোৱাতে তুলসী প্ৰসাদ দত্তৰ  “সাধুকথাৰ জোলোঙা” [১৯০৯], শৰৎ চন্দ্ৰ গোস্বামীৰ “অসমীয়া সাধুকথা [১৯২৯], কুমুদেশ্বৰ বৰঠাকুৰৰ “সাধুকথাৰ ভঁড়াল”, চন্দ্ৰধৰ ৰাজখোৱাৰ “পঞ্চকন্যা”, মহেশ চন্দ্ৰ কটকীৰ “বেতাল পঞ্চবিংশতি”, “গজমুকুতা”, তাৰানাথ বৰপূজাৰীৰ “মহাভাৰতৰ ৰহঘৰা”, “মহাভাৰতৰ মৌ-বিচনী”, ৰোষেশ্বৰ শৰ্মাৰ “ঈছপৰ সাধু”, মিত্ৰদেৱ মহন্তৰ “মৌ মহাভাৰত” [১৯২৫], বেণুধৰ শৰ্মাৰ “মৰমৰ কাৰেং”, হৰিপ্ৰসাদ বৰুৱাৰ “মইনা” [১৯২৬],  শতিকাটোৰ মাজচোৱাত অতুল চন্দ্ৰ হাজৰিকাৰ “কথা-কীৰ্ত্তন” [১৯৪৫], “পুৰণি সাহিত্যৰ পাৰিজাত” [১৯৪৮], “মাণিকী মাধুৰী” [১৯৪৯],  “অপেশ্বৰীৰ দেশ” [১৯৫২], “দিগ্বীজয়ী” [১৯৫২], “ৰুণুক-জুনুক” [১৯৫৩], “আগৰ দিন” [১৯৫৪], “হাঁহি চম্পা” [১৯৫৭], “গ্ৰীমৰ সাধু” [১৯৬০], “ৰাণী হিমানী” [১৯৬২], “জলকঁুৱৰী” [১৯৬৮], “এণ্ডাৰচনৰ সাধু” [১৯৬৮] আদি শিশু গ্ৰন্থই অসমীয়া শিশু সাহিত্যক টনকিয়াল কৰি তুলিলে [অসমীয়া শিশু-সাহিত্য সমীক্ষা – শান্তনু তামূলী]।

বিংশ শতিকাৰ আৰম্ভনীতে এগৰাকী  শিশু সাহিতি্যকে আগবঢ়োৱা উল্লেখযোগ্য বৰঙণীয়ে আজিও অসমীয়া শিশু সাহিত্যৰ ভেটি শক্তিশালী কৰি ৰাখিছে। তেখেত হ'ল ছোলেইমান খাঁ।  ছোলেইমান খাঁৰ দুখন পুথি প্ৰকাশ পাইছিল। সেই পুথি দুখন হৈছে – “কবিতা-পুথি আগছোৱা” আৰু “মতিৰ যোকা”। “কবিতা-পুথি আগছোৱা”খন প্ৰকাশ পাইছিল ১৯০২ চনত। পুথিখন অসমৰ শিক্ষা বিভাগে পাঠ্যপুথি হিচাপেও মনোনিত কৰিছিল। তেখেতৰ “জোনাক নিশা” নামৰ পদ্যটো অতীতৰে পৰা আজিলৈকে শিশুহঁতৰ প্ৰায় প্ৰতিখন অসমীয়া সাহিত্যৰ পাঠ্যপুথিত অন্তৰ্ভূক্ত হৈছে।

               কেনেনো জোনাক ৰাতি চোৱা আজি ভাই

               দেখিলেই দেহা মন জুৰ পৰি যায়।

               ছোলেইমান খাঁৰ কবিতাসমূহ মূলতঃ নীতি শিক্ষামূলক। শিশুহঁতৰ মনত  ইতিবাচক চিন্তাৰ উদ্ৰেক কৰি, সিহঁতক এলাহ ত্যাগ কৰি নিজ কৰ্মত ব্ৰতী হ'বলৈ প্ৰেৰণা যোগোৱাটোৱেই যেন তেখেতৰ উদ্দেশ্য। তাৰ নিদৰ্শন তেখেতৰ “নোৱাৰোঁ” নামৰ কবিতাটোত পোৱা যায়।

              

               নোৱাৰোঁ কথাটি বোপা বেয়া কথা বৰ

               কদাপি নহয় সিটো কথা পুৰুষৰ।

               বিংশ শতিকাৰ আৰম্ভণীৰ আন এগৰাকী শিশু সাহিতি্যক হ'ল হৰিপ্ৰসাদ বৰুৱা। “হৰিপ্ৰসাদ বৰুৱাৰ তিনিখন সাধুকথাৰ পুথি হৈছে ক্ৰমে – মইনা, বীৰচতিয়াৰ দেশ আৰু একপক্ষ। “টোপনি নহা ৰজা”  গল্পটো এতিয়াও জনপ্ৰিয়।

এই সময়চোৱাতে লোককথাৰ সমলেৰে কেইখনমান উচ্চ মানদণ্ডৰ সাধুকথাৰ শিশু পুথি ৰচিত হৈছিল। তাৰ ভিতৰত বেণুধৰ শৰ্মাৰ “লাটুমণি”, প্ৰফুল্ল দত্ত গোস্বামীৰ “বিলাতী হোজা”, শশীপ্ৰভা দাসৰ “ৰ'দালি এ ৰ'দ দে”, অতুল চন্দ্ৰ বৰুৱাৰ “ওলট-পালট”, “সন্ধিয়াৰ সাধু”, “মাজনিশাৰ সাধু”, অনু বৰুৱাৰ “সাধু সাধু সাধু”, ৰাধিকা মোহন ভাগৱতীৰ “এজন ৰজা আছিল”, কাশীনাথ বৰ্মনৰ “দেশ-বিদেশৰ সাধু”, প্ৰসন্নলাল চৌধুৰীৰ “আমাৰ দেশৰ সাধু”, চৈয়দ আব্দুল মালিকৰ “মুকলি মনৰ সাধু”, ড০ কালিনাথ শৰ্মাৰ “ভালুকক ভুৰকালে”, নৰেন্দ্ৰ নাথ শৰ্মাৰ “লাক-পাকুৰ-কুৰ” ড০ লীলা গগৈৰ “পোনাকনৰ সপোন”, “ৰংমনৰ কথা”, “সোণতৰা”, প্ৰেমধৰ দত্তৰ “ন-কথা”, “ভেকো-ভাওনা”, “সাজি কোৱা নাই”, মুক্তিনাথ বৰদলৈৰ “তীৰ্থযাত্ৰীৰ সাধু” ড০ কেশৱানন্দ দেৱ গোস্বামীৰ “ক'ব জানিলে কথা”, “নাহিবি জপনা দেই”, আব্দুছ ছাত্তাৰৰ “অকণি অকণি পোৱালমণি”, পূৰ্ণ চন্দ্ৰ গোস্বামীৰ “জিলিংখাপৰ সাধু” যতীন গোস্বামীৰ “পিং পং বৰুৱাৰ মটৰগাড়ী”, নন্দ তালুকদাৰৰ “তাহানিৰ সাধু”, ডিম্বেশ্বৰ চলিহাৰ “শিয়াল পণ্ডিত”, প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ “বুধিয়ক কোন”, গোলোক চন্দ্ৰ দত্তৰ “নিগনি কন্যাৰ দৰা”, সত্যেন বৰকটকীৰ “ল'ৰা-লুৰিৰ সাধু”, ড০ নবীন চন্দ্ৰ শৰ্মাৰ “আইৰ মুখৰ সাধু”, সুৰেন্দ্ৰ কুমাৰ দাসৰ “গোপাল ভাড়ৰ সাধু” “নিংনি ভাওৰীয়াৰ সাধু” অন্যতম।

এই সময়চোৱালৈকে শিশু সাহিত্য বুলিলে কেৱল নীতি-শিক্ষা আৰু সাধুকথাকহে বুজা গৈছিল। লোক-সাহিত্যৰ গইনা লৈ এই সাধুকথাৰ কিতাপবোৰ লিখাৰ উপৰিও বিদেশী সাধুকথাৰ কিতাপ কিছুমানো অনুবাদ কৰি অসমীয়া শিশু সাহিত্যৰ ভঁড়াল টনকিয়াল কৰি তোলা হৈছিল। বিদেশী সাধুৰ অনুবাদৰ ধাৰাটো কিন্তু “অৰুনোদই”ৰ পাততে আৰম্ভ হৈছিল। স্বৰাজোত্তৰ কালত সুৰেন্দ্ৰ মোহন দাসৰ “টলষ্টয়ৰ সাধু”, প্ৰফুল্ল বৰুৱাৰ “গ্ৰীচদেশৰ সাধু”, যতীন্দ্ৰনাথ গোস্বামীৰ “মৌচাক”, আজলি তৰা নেওগৰ “আলিবাবা আৰু দুকুৰি ডকাইত”, যজ্ঞেশ্বৰ শৰ্মাৰ “গুলেস্তাৰ সাধু”, ৰঞ্জিতা বৰুৱাৰ “চীনদেশৰ সাধু”, প্ৰমোদ কাকতিৰ “জাপানী সাধু” ডঃ লক্ষহীৰা দাসৰ “দেশ-বিদেশৰ শিশু গল্প সংগ্ৰহ”, শুচিব্ৰতা ৰায়চৌধুৰী আৰু ভৱগিৰী ৰায়চৌধুৰীৰ “সোণালী পেৰা”, নিৰূপমা ফুকনৰ “কাশ্মীৰ দেশৰ সাধু”, “নেপালৰ সাধু” আদি  অনুদিত সাধুকথাৰ গ্ৰন্থবোৰেই [অসমীয়া শিশু-সাহিত্য সমীক্ষা – শান্তনু তামূলী] স্বৰাজোত্তৰ কালৰ প্ৰথমচোৱাত অসমীয়া শিশু সাহিত্য হিচাপে বিবেচিত  হৈ আহিছিল।

বিংশ শতিকাৰ শেষৰ পাঁচটা দশকতে অসমীয়া শিশু সাহিত্যই ঠন ধৰি উঠে। নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা,  লীলা গগৈ, হোমেন বৰগোহাঞি, হীৰেন ভট্টাচাৰ্য, চৈয়দ আব্দুল মালিক, নিৰ্মলপ্ৰভা বৰদলৈ, ভবেন্দ্ৰ নাথ শইকীয়া, শান্তনু তামূলী, গগন চন্দ্ৰ অধিকাৰী, বন্দিতা ফুকন, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, হৰপ্ৰিয়া  বাৰুকিয়াল বৰগোহাঞি, তোষপ্ৰভা কলিতা, ভাৰতী বৰুৱা, ড০ কৰবী ডেকা হাজৰিকা, এলি আহমেদ, ড০ দীনেশ চন্দ্ৰ গোস্বামী, ৰঞ্জু হাজৰিকা, জয়ন্ত মাধৱ বৰা, ৰথীন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ কলিতা আদি সাহিতি্যকসকলৰ লিখনিৰে সমৃদ্ধ হৈ অসমীয়া শিশু সাহিত্যই ভাৰতীয় শিশু সাহিত্যৰ তুলনাত এক উচ্চ স্থান লাভ কৰিবলৈ সক্ষম হ'ল। “এখুদ ককাইদেউ” নৱকান্ত বৰুৱাৰ ছ½নাম। “এখুদ ককাইদেউ”, “ন ককাইদেউ” আৰু “সপোন ককা” নামেৰে  বিভিন্ন কাকত- আলোচনীত লিখাৰ উপৰিও “অসম বাতৰি”ত লিখিছিল। “ন আইতা” নামত “আজিৰ অসম”ত লিখিছিল। এই সংগ্ৰহখিনিৰ পৰাই “ ন আইতাৰ কথা” নামেৰে এখন শিশু পুথিও প্ৰকাশ পাইছিল। নৱকান্ত বৰুৱাই সম্পাদনা কৰা “মৰুৱা ফুল” অসমীয়া শিশু সাহিত্যৰ সাম্প্ৰতিক যুগৰ এক গতিশীল দলিল। “মই টুনীয়ে টুন টুনালো” “গোপাল আৰু বেলিফুল” আদি গীত নাট আৰু নাটিকা শিশুৰ উপযোগীকৈ ৰচনা কৰি থৈ গৈছে। বিংশ শতিকাত অসমীয়া শিশু সাহিত্যলৈ নতুন জেঁাৱাৰ আনিলে “শিয়ালী পালেগৈ ৰতনপুৰ” [১৯৫৫], “আখৰৰ জখলা” , “ভতুকাৰে ভূ”, নৱকান্ত  বৰুৱাৰ এই তিনিখন শিশু উপন্যাসে। নৱকান্ত বৰুৱাৰ শিশু কবিতা আৰু শিশু উপন্যাস কেইখনে শিশু সাহিত্য মানেযে কেৱল সাধু নহয়, নীতি শিক্ষা নহয়, শিশুৰ মনোজগতৰ বিচিত্ৰ ভাৱ আৰু অনুভৱ লৈওযে মনোৰম আৰু উচ্চ মানৰ শিশু সাহিত্য ৰচিত হ'ব পাৰে, সেই ধাৰা অসমীয়া শিশু সাহিত্যলৈ আনিলে। নৱকান্ত বৰুৱাৰ “মাখনৰ কুকুৰা পোৱালি” এটা মনোৰম শিশু চুটি গল্প। যুক্তাক্ষৰ বৰ্জিত এই গল্পটো প্ৰকাশ পাইছিল “জোনবাই” আলোচনীত। একেদৰে “হাঁহিৰামৰ হাঁহি”, “মাখনৰ ভাটৌ”, “গছ আৰু কুঠাৰ” আদি  গল্পও শিশু সাহিত্যক সমৃদ্ধ কৰা একো একোটা মনোৰম গল্প। এই সময়চোৱাতে ভবেন্দ্ৰ নাথ শইকীয়াইও উৎকৃষ্ট গল্পৰে অসমীয়া শিশু সাহিত্যক টনকিয়াল কৰিছিল। তেখেতৰ “মৰম” নামৰ শিশু গল্প সংকলনখনত আছে “ঘৰুৱা সাঁথৰ”, “ভয়”, “মৰম” আৰু “আমি বহুত কথা নাজানো” এই চাৰিটা গল্প আৰু  “ভোজ” নামৰ এখন নাটক। সৌৰভ কুমাৰ চলিহাইও সেই সময়ত শিশু উপযোগী এটা গল্প লিখিছিল। গল্পটোৰ নাম হ'ল – “সোণটি-জোনটি”। এই সময়চোৱাত চৈয়দ আব্দুল মালিক, প্ৰেম নাৰায়ণ দত্ত আদি বহুতেই শিশুৰ মনস্তত্বঃ বুজি শিশু উপন্যাস লিখিবলৈ আৰম্ভ কৰিলে। ভবেন্দ্ৰ নাথ শইকীয়াৰ “তোমালোকৰ ভাল হওক”, “মৰমৰ দেউতা” আদি শিশু গ্ৰন্থই, “শান্ত শিষ্ট হিষ্ট পুষ্ট মহাদুষ্ট” আদি নাটকে অসমীয়া শিশু সাহিত্যক উচ্চ শিখৰত অৱতীৰ্ণ কৰালে।

 বিংশ শতিকাৰ অসমীয়া শিশু সাহিত্যৰ কথা আলোচনা কৰিবলৈ যাওঁতে “নীলা বাইদেউ” মানে নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্য সম্ভাৰৰ কথা প্ৰথমেই আহিব। ড০ নিৰ্মলপ্ৰভা বৰদলৈয়ে অসমৰ অকণিহঁতৰ বাবে লিখা পুথিসমূহৰ ভিতৰত “চিল চিল চিলা, বাগী-চিলমিলা”, “অসমীয়া ওমলা গীত”, “নতুন ওমলা গীত”, “কথা সৰিৎ সাগৰ”, “মন উৰণীয়া”, “সুৰীয়া মাত” আৰু “শালিকী ৰঢৌ ঢৌ” অন্যতম।  সংকলন আৰু সম্পাদনা কৰা পুথিৰ ভিতৰত “শিশু গীতি নাট্য সংকলন” অন্যতম।  ১৯৬৭ চনতে  প্ৰকাশ হোৱা “চিল চিল চিলা, বাগী-চিলমিলা” নামৰ শিশু পুথিখনে সেই বছৰতে শিশু সাহিত্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। অসমীয়া শিশু সাহিত্যক গীত-মাত-নাটেৰে টনকিয়াল কৰিবলৈ প্ৰয়াস কৰা নীলা বাইদেউৱে শিশু নাট্য সাহিত্যলৈ  আগবঢ়োৱা “ৰজা” আৰু “বন্ধু” নামৰ গীতি নাট দুখনে শিশু নাট্য সাহিত্যত  নতুনত্ব প্ৰদান কৰিছে। ১৯৯৩ চনত  গুৱাহাটীৰ প্ৰগতি প্ৰকাশনে ছপাই প্ৰকাশ কৰা নিৰ্মলপ্ৰভা বৰদলৈৰ আন দুখনি শিশু নাটিকাৰ নাম “হাঁয়, নাৰিকল পিঠা” আৰু “সেউজী সেউজী। ১৯৭৮ চনত  প্ৰকাশ হোৱা  নিৰ্মলপ্ৰভা বৰদলৈৰ “অসমীয়া ওমলা গীত” পুথিখনক অসমীয়া শিশু সাহিত্যৰ এখন অমূল্য সম্পদ বুলি নিসন্দেহে  ক'ব পাৰি। এই সময়চোৱাতেই কেইবাখনো শিশু পুথিৰ জৰিয়তে গগনচন্দ্ৰ অধিকাৰীয়ে অসমীয়া শিশু সাহিত্যৰ ভঁড়াল টনকিয়াল কৰিছিল। তেখেতৰ “ৰ'দালি এ ৰ'দ অকন দে”, “টকাত একোটা হাতী”, “মাখন মামাৰ ননোৰম সাধু” আদি শিশু গ্ৰন্থই অসমীয়া শিশু সাহিত্যক এটা অতিৰিক্ত আয়তন প্ৰদান কৰিছিল।  লীলা গগৈৰ “খঁৰা শিয়ালৰ বিয়া”, “ৰংমনৰ কথা”, কেশৱ মহন্তৰ “মা আমি শদিয়ালৈ যামেই”, হীৰেন ভট্টাচাৰ্যৰ “ল'ৰা-ধেমালি”, কেশদা মহন্তৰ “সেউজী ধৰণী ধুনীয়া” কৰবী ডেকা হাজৰিকাৰ “সেউজীয়া মনৰ কাহিনী” আদিয়ে শিশু সাহিত্যৰ ভেটি মজবুত কৰি ৰাখিছিল।

শিশু সাহিত্যযে ডাঙৰৰ বাবে সৃষ্ট সাহিত্যৰ সমানেই গুৰুত্বপূৰ্ণ সেই ধাৰণা প্ৰসাৰ কৰিলে বিংশ শতিকাৰ শেষৰ দশককেইটাক অসমীয়া শিশু সাহিত্যক দুৰন্ত গতি প্ৰদান কৰা শান্তনু তামূলীয়ে। ১৯৮৪ চনত  শান্তনু তামূলীৰ সম্পাদনাত  শিশু আলোচনী মৌচাক  প্ৰকাশ হোৱাৰ পৰাই  অসমীয়া শিশু সাহিত্যৰ এক ধাৰাৰ সূচনা হ'ল। শান্তনু তামূলীৰ “মানী, বাণী আৰু এখন ফুলনি”, “ইলেকট্ৰনিক নামৰ ল'ৰাটো”, “জোন আৰু জোনলৈ”, “বনত ৰঙৰ মেলা”, “বুবু-বুলবুলিৰ ফুলনি” আদি  বিংশ শতিকাৰ শেষৰ দশককেইটাৰ উল্লেখযোগ্য শিশুগ্ৰন্থ। শিশু সাহিত্য বুলিলেযে কেৱল সাধু, নীতি শিক্ষা বা শিশুৰ ভাল লগা কেইটামান কবিতাই নহয় সেই ধাৰণাটো প্ৰতিপন্ন কৰিলে শান্তনু তামূলীয়ে। তেখেতৰ “টকিঅ'ত তেৰ দিন” নামৰ   গ্ৰন্থখনে শিশু সাহিত্যযে উৎকৃষ্ট ভ্ৰমন কাহিনীও হ'ব পাৰে সেই বাটটো মুকলি কৰি দিলে। সহজ কথাৰে বিজ্ঞানৰ এটা ঘটনা মনোৰঞ্জনৰ উপাদানেৰে উপস্থাপন কৰিওযে সুন্দৰ শিশু সাহিত্য ৰচনা কৰিব পাৰি সেইটোও প্ৰমাণ কৰি দিলে তেখেতৰ “গ্ৰহযুদ্ধ”, “ড¿ব্লউ ড¿ব্লউ ডট ঘনজংঘল ডট কম” আদি শিশু গ্ৰন্থই। “শান্তনু তামূলীয়ে শিশু সাহিত্য বিবিধ ৰচনাৰে সমৃদ্ধ কৰিছে। অজস্ৰ শিশু কিশোৰ লেখক লেখিকা সৃষ্টি কৰিছে। জ্যেষ্ঠসকলকো শিশুৰ বাবে উপযোগী ৰচনা লিখিবলৈ অনুপ্ৰাণিত কৰিছে। তেওঁ লিখা “অসমীয়া শিশু সাহিত্য সমীক্ষা” প্ৰকৃততেই এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। ২০০৯ চনৰ পৰা শান্তনু তামূলীৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সংস্থা “ইউনিচেফ”ৰ লগতে “হেৰিটেজ আছাম”ৰ সহযোগত চাহ বাগিচাৰ শিশুসকলৰ সাধুকোৱা আৰু লিখাৰ এক প্ৰশিক্ষণৰ আয়োজন হৈছিল। চাহ বাগিচাত থকা শিশুসকলৰ ঘৰত কোৱা ভাষাটো আৰু বিদ্যালয়ত অসমীয়া ভাষাত শিক্ষা গ্ৰহণ কৰাৰ মাজত থকা ব্যৱধানটোৰ বাবে বাগিচাত জন্ম হোৱা শিশুসকলৰ ভাষা শিক্ষাৰ বাবে এক অতিৰিক্ত ব্যৱস্থা কৰাৰ প্ৰয়োজনতে “ইউনিচেফ” আৰু “হেৰিটেজ আছামে” এই উদ্যোগ লৈছিল। ইয়াৰ বাবে ডিব্ৰুগড় আৰু যোৰহাট জিলাৰ ৫০ খন চাহ বাগিচাত প্ৰতি বছৰতে ছমাহত প্ৰতি দেওবাৰে সাধুকোৱাৰ প্ৰশিক্ষণ আৰম্ভ হ'ল। প্ৰতি দেওবাৰে প্ৰতিখন বাগিচাত ৪০ জনকৈ ছমাহত ১৫০০ঙ্ম শিশুৱে পৰম আগ্ৰহ আৰু তৃপ্তিৰে সাধু শুনিলে। এই সাধুকোৱা অনুষ্ঠানৰ যোগেদি কেইবাটাও উদ্দেশ্য সাধন হ'ল। বাগিচাৰ ছযজ্জ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত বয়সৰ ল'ৰা ছোৱালীবোৰৰ মাজত এটা অভূতপূৰ্ব জাগৰণ হ'ল। সিহঁতে সাধু শুনিবলৈ অত্যন্ত আগ্ৰহ কৰা দেখা গ'ল। প্ৰত্যেকেই  কমদিনৰ ভিতৰতে মনোৰমকৈ সাধু ক'ব পৰা হ'ল আৰু অসমীয়া ভাষাত যথেষ্ট দক্ষতা বৃদ্ধি পালে। এই কাৰ্যসূচীৰ গুৰি ধৰিছিল শান্তনু তামূলীয়ে।  কেৱল সাহিত্যৰ যোগেদিয়েই নহয়, শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে শান্তনু তামূলীয়ে এগৰাকী মিছনেৰীৰ দৰে নিঃস্বাৰ্থভাৱে আৰু আন্তৰিকতাৰে কাম কৰিছিল। এই সময়চোৱাতে বন্দিতা ফুকনেও “ককাৰ জিমি”, “বান আহিছিল”, “সেউজী ধৰণী” আদি কেইবাখনো গ্ৰন্থৰে অসমীয়া শিশু সাহিত্যক চহকী কৰিছিল। এই সময়চোৱাতে প্ৰকাশ হৈছিল বহুতো উল্লেখযোগ্য শিশুগ্ৰন্থ। ডাঃ নগেন দত্তৰ “ভাল ভাল মানুহ আৰু ভাল ভাল কাহিনী”, ভাৰতী বৰুৱাৰ “মিকুলৰ কবিতা” ড০ শিৱনাথ বৰ্মনৰ “টংক মামাৰ অংকৰ সাধু”, ড০ দীনেশ চন্দ্ৰ গোস্বামীৰ “সংযোগ”। এই গ্ৰন্থবোৰে অসমীয়া শিশু সাহিত্যক বিংশ শতিকাৰ শেষৰ পাঁচটা দশকত সমৃদ্ধ কৰি তুলিছিল।

উনবিংশ আৰু বিংশ শতাব্দীৰ দেওনা গৰকি, পৰীক্ষা-নিৰীক্ষা আৰু বহু অভিজ্ঞতাৰে পুষ্ট হৈ অসমীয়া অসমীয়া শিশু সাহিত্যই একবিংশ শতিকাত ভৰি থৈলেহি। এই সময়চোৱাত দেখা গৈছে শিশু কবিতাতকৈ যথেষ্ট সংখ্যক  শিশু গল্পহে ওলাইছে।  অসমীয়া সাহিত্যৰ প্ৰতিষ্ঠিত সাহিতি্যকসকলে এই সময়চোৱাত শিশুৰ বাবে কবিতা লিখা চকুত পৰা নাই। কিন্তু উন্নত মানদণ্ডৰ গল্প যথেষ্ট সংখ্যক প্ৰকাশ পাইছে। “অসমীয়া শিশু সাহিত্যৰ  নিৰ্বাচিত চুটি গল্প”ৰ পাতনিত শান্তনু তামূলীয়ে লিখিছে – “ অসমীয়া শিশু সাহিত্যৰ চুটি গল্প ৰচনাত দীৰ্ঘদিন ধৰি মনোনিৱেশ কৰা সাহিতি্যকসকলৰ ভিতৰত এলি আহমেদ, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, কৰবী ডেকা হাজৰিকা, কেশদা মহন্ত, বন্দিতা ফুকন, ড০ দীনেশ চন্দ্ৰ গোস্বামী, ভাৰতী বৰুৱা, ভূবন বৰুৱা, মদন শৰ্মা, ৰঞ্জু হাজৰিকা, নীহাৰ চৌধুৰী, ৰথীন্দ্ৰ নাথ গোস্বামী, ইন্দ্ৰকান্ত কাৰ্কী, প্ৰভাত গোস্বামী, অজন্তা, জয়শ্ৰী গোস্বামী মহন্ত, নুপূৰ মোমাইদেউ, স্বামিম নাছৰিন, ধনদা বৰুৱা চক্ৰধৰা, মহেন্দ্ৰ বৰঠাকুৰ, মহেন্দ্ৰ বৰপূজাৰী, প্ৰণামিকা অধিকাৰী, ভাস্কৰ বৰা, দেৱজিত শৰ্মা, বীণা শৰ্মা, সন্তোষ কুমাৰ কৰ্মকাৰ, অভিজিত শৰ্মা বৰুৱা, ড০ তৰুণ ঠাকুৰ, ড০ বন্দিতা গোস্বামী শইকীয়া, অতুল চন্দ্ৰ মহন্ত, লিখেন দত্ত, ৰাতুল শৰ্মা, দীপক কুমাৰ কলিতা, দিলীপ কুমাৰ বৰুৱা, ডাঃ নৱকৃষ্ণ মহন্ত, মৃদুস্মিতা ফুকন, অনিতা বৰুৱা, গুণমনি নাথ, যুগললোচন দাস, ফটিক হাজৰিকা, জয়ন্ত মাধৱ বৰা, অংগনা চৌধুৰী, অনুশ্ৰী শৰ্মা বৰুৱা, নিপুল চন্দ্ৰ বৰা, কাবেৰী গংগোত্ৰী, শান্তনু তামূলী আদিৰ নাম উল্লেখ কৰিব পাৰি।

মৌচাক আলোচনীত ড০ কৰবী ডেকা হাজৰিকা, ভাৰতী বৰুৱা, ভূবন বৰুৱা, দিলীপ কুমাৰ বৰুৱা, ইন্দ্ৰকান্ত কাৰ্কী, শান্তনু তামূলী, বন্দিতা ফুকন, অভিজিত শৰ্মা বৰুৱা, যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, জয়শ্ৰী গোস্বামী মহন্ত, মহেন্দ্ৰ বৰপূজাৰী,  ড০ তৰুণা ঠাকুৰ, সন্তোষ কুমাৰ কৰ্মকাৰ, ৰথীন্দ্ৰ নাথ গোস্বামী, স্বামীম নাছৰিন, দেৱজিত শৰ্মা, ডাঃ নৱকৃষ্ণ মহন্ত, কেংছাম কেংলাং, ৰাতুল শৰ্মা, প্ৰভাত গোস্বামী, জয়ন্ত মাধৱ বৰা, অজন্তা, লিখেন দত্ত, ধনদা বৰুৱা চক্ৰধৰা, অংগনা চৌধুৰী, মৃদুস্মিতা ফুকন, দীপক কুমাৰ কলিতা, গুণমনি নাথ, হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি আদি গল্পকাৰসকলৰ প্ৰকাশিত চুটিগল্পই  অসমীয়া  শিশু চুটিগল্পৰ ধাৰা সমৃদ্ধ কৰিছে” –[অসমীয়া শিশু সাহিত্যৰ  নিৰ্বাচিত চুটি গল্প – শান্তনু তামূলী]।

“ সমসাময়িক অসমীয়া শিশু সাহিত্য ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সমাদৃত হৈছে। শিশু আলোচনী মৌচাকৰ উদ্যোগত  ২০০ঙ্ম আৰু ২০০৮ চনত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াৰ সৌজন্যত অসমীয়া ভাষাত শিশু পাঠকৰ বাবে গল্প-উপন্যাসৰ পাণ্ডুলিপি ৰচনাৰ দুটাকৈ কৰ্মশালা অনুষ্ঠিত হৈছিল। কৰ্মশালাত অংশগ্ৰহণকাৰী প্ৰতিষ্ঠিত শিশু-সাহিতি্যকসকলে প্ৰস্তুত কৰা কেইবাখনো পাণ্ডুলিপি পৰৱৰ্ত্তী সময়ত চিত্ৰশোভিত হৈ কিতাপ আকাৰে প্ৰকাশ পাইছে। প্ৰথমখন কৰ্মশালাত জ্ঝ-১৩ বছৰ বয়সৰ শিশু আৰু দ্বিতীয়খন কৰ্মশালাত ছ-জ্জ্ব বছৰ বয়সৰ শিশু উপযোগী গল্পৰ পাণ্ডুলিপি প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য যে, উক্ত কৰ্মশালাত প্ৰস্তুত কৰা আৰু অসমীয়া ভাষাত প্ৰকাশ পোৱা কিৰণ তামূলীৰ “অপৰাজেয়”, ৰাতুল শৰ্মাৰ “ভূত”, দিলীপ কুমাৰ বৰুৱাৰ “ঢেকীয়াপতীয়াৰ নাচ”, নৱকৃষ্ণ মহন্তৰ “অপুৰ কাহিনী”, গুণমনি নাথৰ “বিপদৰ বন্ধু”, শক্তিৰূপা পৰাশৰৰ “বন বন নামৰ গঁড় পোৱালীটো”, দীপক কুমাৰ কলিতাৰ “মৰমৰ বন্ধু” আৰু কেংছাম কেংলাঙৰ “আইৰ সমান হ'ব কোন·” প্ৰকাশ পায়। এই পুথিসমূহৰ বেছি ভাগেই ইংৰাজীকে ধৰি ভাৰতীয় বিভিন্ন ভাষালৈ অনুদিত হৈছে। শান্তনু তামূলীৰ “বনত ৰঙৰ মেলা” আৰু “বুবু বুলবুলিৰ ফুলনি” নামৰ শিশু গল্প পুথি দুখনো অসমীয়া ভাষাৰ উপৰি ইংৰাজী ভাষা আৰু ভাৰতৰ বিভিন্ন ভাষাত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই প্ৰকাশ কৰিছে। নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়াই  বন্দিতা ফুকনৰ “ককাৰ জিমি”, শশীপ্ৰভা দাসৰ “পাপুৰ পয়মাল” আৰু নিহাৰীকা চৌধুৰীৰ “মামু নামৰ দুষ্ট ছোৱালীজনী” নামৰ গল্প পুথিকেইখনো অসমীয়া আৰু অন্যান্য ভাষাত প্ৰকাশ কৰিছে” –[অসমীয়া শিশু সাহিত্যৰ  নিৰ্বাচিত চুটি গল্প – শান্তনু তামূলী]। এই সময়চোৱাতে জয়ন্ত মাধৱ বৰাই শিশুৰ উপযোগীকৈ “নেপোলিয়ন”, “চি ভি ৰমণ”, “চাৰ্লি চেপলিন” “এডিচন”, “হিটলাৰ”, “লক্ষ্মীনাথ বেজবৰুৱা”, “জয়মতী” ১ জীৱনৰ ভিত্তিত  জীৱনীমূলক উপন্যাস লিখে  শিশুৰ বাবে। এই উপন্যাস কেইখনে পাঠকৰ যথেষ্ট সমাদৰ লাভ কৰিছিল। অসমৰ বাৰজন বৰেণ্য সাহিতি্যকৰ ল'ৰালিৰ কথাবোৰ “ল'ৰালি কালৰ কথা” নাম দি জয়ন্ত মাধৱ বৰাই সম্পাদনা কৰিছিল। ইয়াৰ উপৰিও এ পি জে আব্দুল কালামৰ শিশুৰ বাবে লিখা গ্ৰন্থ এখনো জয়ন্ত মাধৱ বৰাই  “তুমি বিজ্ঞানী হ'ব খোজা নেকি” নামেৰে অনুবাদ কৰিছিল।

শিশু আলোচনীসমূহেও অসমীয়া শিশু সাহিত্যক সমৃদ্ধ কৰি আহিছে। “ল'ৰা বন্ধু”ৰ পৰা “বাৰ-ওঠৰ”লৈকে যিমান শিশু আলোচনী ওলাল, তাৰ বহুতৰে প্ৰকাশ বন্ধ হ'ল যদিও প্ৰত্যেকখনেই কেইবাটাও দিশত ইতিবাচক বাৰ্তা বহন কৰে।  এই শিশু আলোচনীসমূহৰ ইতিহাসেই দৰাচলতে অসমীয়া শিশু সাহিত্যৰো ইতিহাস। এই আলোচনীসমূহে শিশু সাহিত্যৰ এটা ভেটি তৈয়াৰ কৰিলে। য'ৰ পৰা সৃষ্টি হ'ল বাচকবনীয়া অসমীয়া শিশু সাহিত্য সম্ভাৰ। “ল'ৰা বন্ধু”ৰ পৰা “বাৰ-ওঠৰ”লৈকে প্ৰত্যেকখন আলোচনীয়েই একোটা নিজস্বশৈলীৰে অসমীয়া শিশু সাহিত্যক সমৃদ্ধ কৰিছে আৰু কৰি আছে। এই আলোচনীসমূহক বাদ দি অসমীয়া শিশু সাহিত্যৰ আলোচনা অসম্ভৱ। প্ৰতিখনেই অসমীয়া শিশু সাহিত্যক স্তিমিত হ'বলৈ নিদি গতি প্ৰদান কৰি আহিছে। প্ৰতিখন আলোচনীয়েই এচাম লেখক লেখিকাৰ জন্ম দিছে। সাধাৰণতে ডাঙৰৰ বাবে লিখা প্ৰথিতযশা সাহিতি্যকসকলে  শিশুৰ বাবে লেখা সততে চকুত নপৰে। নৱকান্ত বৰুৱা আৰু ভবেন্দ্ৰ নাথ শইকীয়া ব্যতিক্ৰম। এই আলোচনীসমূহে  শিশুৰ বাবে লিখা কিছু সাহিতি্যকৰ সৃষ্টি কৰিলে। এই আলোচনীসমূহে  শিশুসকলৰ বৌদ্ধিক বিকাশ ঘটালে। কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহ  জন্মালে।  এই আলোচনীসমূহত লিখিবলৈ আৰম্ভ কৰা বহু শিশু পিছৰ পৰ্যায়ত এগৰাকী বলিষ্ঠ সাহিতি্যকৰূপে পৰিগনিত হৈছে।

২০১০ চনৰ পৰা সাহিত্য অকাডেমিয়েও অসমীয়া ভাষাত  বাল-সাহিত্য পুৰস্কাৰ প্ৰদান কৰিবলৈ আৰম্ভ কৰিলে। সেই অনুসৰি ২০১০ চনত গগন চন্দ্ৰ অধিকাৰীয়ে, ২০১১ চনত বন্দিতা ফুকনে, ২০১২ চনত শান্তনু তামূলীয়ে, ২০১৩ চনত তোষপ্ৰভা কলিতাই, ২০১৪ চনত ড০ দীনেশ চন্দ্ৰ গোস্বামীয়ে, ২০১৫ চনত এলি আহমেদে, ২০১৬ চনৰত হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞিয়ে, ২০১৭ চনত হৰেন্দ্ৰ নাথ বৰঠাকুৰে আৰু ২০১৮ চনত যুগল লোচন দাসে শিশু সাহিত্যৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে। ¡

 

[স্বাভাৱিকতেই  মোৰ সীমিত অধ্যয়ন আৰু কষ্ট নকৰাৰ বাবে এই নিৱন্ধটোত বহু শিশু সাহিতি্যক আৰু শিশু সাহিত্যৰ নাম বাদ পৰি গৈছে। তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী। কিন্তু শিশু সাহিত্যৰ এটি বিস্তৃত আলোচনাৰ বাবে এই নিৱন্ধটো এটা আৰম্ভণী হওঁক বুলিয়েই নিৱন্ধটো লিখা হৈছে। –লেখক]