সৃষ্টিৰ পৃথিৱীত দুহাত দুভৰিবিহীন মানুহৰ সফল খোজ

ত্ৰিৰঞ্জন টাইড

ডায়েট, লখিমপুৰ, আজাদ

জীৱনটো এজন কুমাৰৰ দৰে। কুমাৰে যেনেকৈ পচন্দমতে মাটি নিৰ্বাচন কৰি মাটিৰে পাত্ৰ তৈয়াৰ কৰে ঠিক তেনেকৈ মানুহেও নিজৰ পচন্দমতে জীৱনটো গঢ় দিব পাৰে। ইচ্ছা থাকিলে বাধাৰ প্ৰাচীৰেও ধৰি ৰাখিব নোৱাৰে। তাৰ বাবে মাথো লাগে একাগ্ৰতা, অসীম ধৈৰ্য্য আৰু অহৰহ প্ৰচেষ্টা। সৃষ্টিৰ পৃথিৱীত মানুহৰ জন্মগতভাৱে শাৰীৰিক অক্ষমতা থাকিলেও অসীম ধৈৰ্য্য আৰু চেষ্টাৰ বলত অসাধ্যকো সাধন কৰি তোলাৰ বিৰল নিদৰ্শন এই পৃথিৱীত নোহোৱা নহয়। এনে নিদৰ্শন মানুহৰ মাজত যুগে যুগে আৱিৰ্ভাৱ হৈ আহিছে। শাৰীৰিকভাৱে তেনে অক্ষমহীনা আধুনিক যুগৰ কেইগৰাকীমান মানুহৰ সফলতাৰ নিদৰ্শনহে এই প্ৰবন্ধত দাঙি ধৰিব বিচাৰিছো। যিকেইগৰাকী লোক মানৱ সভ্যতাত চিন্তাৰ অনুৰণন সৃষ্টি কৰি বিশ্বৰ প্ৰত্যেকজন মানুহৰ হৃদয়ত চুই আছে।

 

এই পৃথিৱীত মানুহ হাতবিহীন আৰু ভৰিবিহীন জীৱনৰ অংশীদাৰ হৈয়ো জীৱনক জীৱনমুখী কৰি তোলাত দিশভ্ৰষ্ট হোৱা নাই। মন মগজুৰ প্ৰবল ইচ্ছা শক্তিক প্ৰয়োগ কৰি পৃথিৱীক নতুন ৰূপত চোৱাৰো ত্ৰুটি কৰা নাই বা অক্ষমহীন হৈও নতুন আদৰ্শ আৰু প্ৰেৰণাৰ আলোক বিলোৱাত পিছপৰি থকা নাই। উদাহৰণ হিচাপে তেনে এজন মহান ব্যক্তিৰ নাম আমি প্ৰথমে ল'ব পাৰো, সভ্যতাৰ বিস্ময়কৰ প্ৰতিনিধি হিচাপে ‘ষ্টিফেন হকিঙ'ৰ নাম যি গৰাকী প্ৰবাদ প্ৰতিম বিজ্ঞানী পুৰুষ সৌদিনা আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁ ৯০ক্ম শতাংশ অচল দেহৰ গৰাকী হৈয়ো জীয়াই আছিল। তথাপি তেওঁ জীৱনক জীৱনমুখী কৰি বিশ্বদৰবাৰত খোদিত কৰি থৈ গ'ল। এইজনা অচল দেহৰ মানুহজনা, পদাৰ্থ বিজ্ঞানী আইনষ্টাইন, ছাৰ আইজাক নিউটনৰ পাছতে মহান বিজ্ঞানীৰ তালিকাত নিজকে আত্মপ্ৰতিষ্ঠা কৰি থৈ গ'ল। যি গৰাকী বিজ্ঞানীৰ মগজুৰ সৈতে দেহৰ আন অংগবোৰ বি¿চ্ছন্ন আছিল। কেৱল সক্ৰিয় অৱস্থাত আছিল মগজুটোৱে আৰু লৰচৰ কৰিব পাৰিছিল মাথো চকুৰ পটা দুটাহে। তেওঁ মগজুৰ যোগেদি নিজকে নিৰৱ¿চ্ছন্নভাৱে সৃষ্টিৰ কামত আত্মনিয়োগ কৰি আৱিষ্কাৰ কৰিছিল–কৃষ্ণগহ্বৰ বোৰে নিজস্বভাৱে এক ধৰণৰ বিকিৰণ দি থাকে েই সত্যটো। যাক জ্যোতিবিজ্ঞানৰ ক্ষেত্ৰখনত নাম দিয়া হৈছে ‘হকিং বিকিৰণ'।

 

আচলতে আমি দুখক চম্ভালিব পাৰিলেহে আমি জীৱনক জয়ী কৰিব পাৰো। ইয়াৰ নিদৰ্শন ষ্টিফেন হকিঙে আমাক দেখুৱাই থৈ গ'ল।

ষ্টিফেন হকিং

প্ৰেৰণাৰ পৃথিৱীঃ

 আন্ধাৰ আৰু পোহৰ হ'ল মানুহৰ জীৱনৰ সমষ্টি। অৰ্থাৎ আন্ধাৰ আৰু পোহৰৰ সমন্ধয়েই জীৱনৰ সমষ্টি। জীৱনক আগুৱাই নিবলৈ দুখৰো প্ৰয়োজন সুখৰো প্ৰয়োজন। মানুহ অভাৱত থাকিলেহে আৱিষ্কাৰৰ বিকল্প চিন্তা কৰে। সঁচা। ৰামধেনু সৃষ্টিৰ বাবে ৰ'দ আৰু বৰষুণৰ যেনেকৈ প্ৰয়োজন, ঠিক তেনেকৈ জীৱনটো সুন্দৰমুখী কৰিবলৈও সুখ-দুখৰ প্ৰয়োজন। পৃথিৱীত এনে কিছু ঈশ্বৰ প্ৰদত্ত লোক আছে, যি দুহাত-দুভৰিবিহীন হৈয়ো পৃথিৱীৰ বুকুত সফল খোজ দিবলৈ সক্ষম হৈছে। তেনে প্ৰেৰণা বিলোৱা দুগৰাকী নাৰী হ'ল–চীনদেশৰ লি জুহংগ আৰু আমেৰিকাৰ জেছিকা কক্স। এই দুগৰাকী নাৰী বৰ্তমান বিশ্বৰ শতসহস্ৰ মানুহৰ বাবে প্ৰেৰণাৰ উৎস। তেওঁলোকৰ জীৱনমুখী আদৰ্শ আমাৰ বাবে সদায় স্মৰণীয়।

 

বিফলতা হ'ল সফলতাৰ মাফকাঠিঃ

 

দুভৰি বিহীন জীৱনমুখী জীৱনঃ লি, জুহংগ

  চীন দেশৰ এই ছোৱালীজনী জন্মতে কোনো দুখ নাছিল। দুৰ্ভাগ্য চাৰি বছৰ বয়সত বিশেষ এটা গাড়ী দুৰ্ঘটনাত পৰি ফুল কুমলীয়া বয়সতে অৰ্থাৎ পৃথিৱীৰ কোলাত থুপুক-থাপাককৈ খোজ দিয়াৰ সময়তে নিয়তিৰ পৰিহাসত পৰি দুভৰি হেৰুৱাই পংগুত্বক আকোঁৱালী ল'বলগা হৈছিল। দুৰ্ঘটনাত তাইক চিকিৎসকে সুষ্ঠ কৰি তুলিছিল যদিও আঁঠুৰ পৰা ভৰি দুখন সম্পূৰ্ণ ৰূপে কাটি পেলাব লগীয়া হৈ পৰিছিল। দুৰ্ভাগ্য কণমানি বয়সতে হেৰুৱাব লগীয়া হৈছিল তাই শৰীৰৰ মূল্যৱান অংগ।

 

সময় বাগৰিল। চিকিৎসকে তাইক খোজকাঢ়িব পৰাকৈ আঁঠুৰ তলত বিশেষভাৱে সংযোজিত কৰা হ'ল কাঠৰ টুল। প্ৰথম অৱস্থাত ভিষণ কষ্ট অনুভৱ কৰিছিল। পিছলৈ ভিষণ কষ্টক লাহে লাহে চম্ভালি লৈছিল। কিয়নো তাই নিজকে সহ্য কৰি বুজিবলৈ শিকিলে এইয়াই মোৰ দীৰ্ঘ জীৱনৰ দুভৰি বুলি। তাই অনুধাৱন কৰিছিল এইয়াই মোৰ জীৱনৰ বাহন বুলি। কেতিয়াবা লগৰ সমনীয়াই খেলি থকা দেখা পালে তাই অসহায়হীনভাৱে চকুলো টুকিছিল। আঃ কিযে নিয়তিৰ পৰিহাস/

 

অৱশেষত তাই জীৱনক জীৱন ৰূপে গঢ় দিয়াৰ দৃঢ় সংকল্পৰে অধ্যয়নকেই জীৱনৰ মূলমন্ত্ৰ হিচাপে গ্ৰহণ কৰে। অশেষ কষ্টৰে স্কুলীয়া শিক্ষা সাং কৰি মেধাসম্পন্ন লি জুহংগে ২০০ঙ্ম চনত স্পিচিয়েল ভকেচনেলৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী অৰ্জন কৰি ২০০১ চনত দক্ষিণ পশ্চিম চীনত [হেছুৱান জিলাৰ] অতি পিছপৰা গাঁও বাডিয়ান গাঁৱত চিকিৎসা সেৱাৰ পাতনি মেলে। গাঁওখনতে এখন ক্লিনিক খুলি গাঁৱৰ দুখীয়া ৰাইজক দিনে-নিশাই ঘৰে ঘৰে গৈ চিকিৎসা আগবঢ়াবলৈ ধৰে। গাঁৱৰ মানুহৰ অসুখে-বিসুখে ঘৰে ঘৰে গৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ কথা যেতিয়াই ওলায় তেতিয়াৰ পৰাই লি. জুহংগ হৈ পৰিছিল সকলোৰে বাবে ভগৱানৰ দেৱদূত স্বৰূপ। অতি কমদিনৰ ভিতৰতে লি. জুহংগ হৈ পৰিছিল সকলোৰে মাজত অতি জনপ্ৰিয় মানৱ দৰদী আৰু সাহসী নাৰী ৰূপে। এনেদৰে লি. জুহংগৰ মানৱ সেৱাত আকৃষ্ট হৈ বাডিয়ান গাঁৱৰে শিক্ষিত যুৱক ছিং জিয়ান তাইৰ প্ৰেমত পৰিছিল আৰু বিবাহপাশত আৱদ্ধ হয়। ছিং জিয়ানে নিজৰ চাকৰি বাদ দি কেৱল পত্নীৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰতে সহায়-সহযোগ কৰি পত্নীক কোলাত তুলি মানুহৰ ঘৰে ঘৰে ৰোগীক চিকিৎসা কৰাইছিল। লি জুহংগৰ সাহসী জীৱন আৰু ছিং জিয়ানৰ স্বগ¹য় প্ৰেম আমাৰ বাবে প্ৰেৰণাৰ অনন্য পৃথিৱী।

 

প্ৰিয় পাঠক, লি জুহংগৰ দুভৰি বিহীন জীৱন কাহিনী টানি অনাৰ মূলতে হ'ল–মানুহে যে দুভৰি অবিহনেই পৃথিৱীত প্ৰতিবন্ধকতাক নেওচি সবল এটি মনোভাৱ লৈ চেষ্টা আৰু কষ্টৰ মাজেদি পৃথিৱীৰ বুকুত সফল খোজ দিব পাৰি এই কথা পতিয়ন নিয়া। লি জুহংগ হ'ল তাৰেই নিদৰ্শন আৰু প্ৰত্যেকজন মানুহৰ বাবে প্ৰেৰণাৰ উৎস।

হাতবিহীন পৃথিৱীঃ জেছিকা কক্স

এই কথা ধুৰূপ সত্য যে বিফলতা হ'ল সফলতাৰ ৰাজপথ। আচলতে মানুহে বাধাৰ দ্বাৰাহে সফলতাৰ মাফ জোখা হয়। এই কথা জেছিকা কক্সৰ লগত তুলনা কৰিব পাৰি। যি গৰাকী নাৰীয়ে হাতবিহীনভাৱেই বাধাৰ প্ৰাচীৰ চিঙি সফলতাৰ স্বৰ্ণ শীৰ্ষ বগাবলৈ সক্ষম হৈছে, এই গৰাকী নাৰীৰ জীৱন বৃত্তান্ত সম্পৰ্কে জনাটো প্ৰত্যেকজন উচ্চাকাংক্ষী ব্যক্তিৰ বাবেই প্ৰয়োজনবোধ বুলি ভাবো।

 

আহক ফঁহিয়াই চাওঁ–যি গৰাকী নাৰী জন্মতে হাতবিহীনভাৱে জনম লভি দুভৰিৰে এটাৰ পাছত এটাকৈ বিশ্ববাসীক চমক সৃষ্টি কৰি আহি বিশ্ববাসীৰ বাবে প্ৰেৰণাৰ আলোক হৈ পৰিছে।

 

এই গৰাকী জেছিকাৰ জন্ম হৈছিল ১৯৮৩ চনৰ ২ ফেব্ৰুৱাৰীত আমেৰিকাৰ চিয়েৰা ভিষ্টাত। জন্মৰ পৰাই জেছিফাৰ নাছিল দুহাত। দুহাতহীন পৃথিৱীত কেনেকৈ যে তাই শূন্যতাৰ হাত মেলি কেৱল দুভৰিৰে আকাশ চুব পাৰিছিল ভাবিলেই বিস্ময় অনুভৱ কৰিবলগীয়া। দুভৰি দুহাত থকা সাধাৰণ মানুহে কৰিব নোৱাৰা কাম জেছিফাই দুহাত অবিহনেই কৰি দেখুৱাইছে–কেৱল অদম্য সাহস আৰু নিজৰ ওপৰত থকা আত্মবিশ্বাস ৰাখি। সৰুৰে পৰাই জেছিকাই ভৰি দুখনকেই হাত হিচাপে ব্যৱহাৰ কৰি চলিবলৈ শিকিছিল। ভৰি দুখনেৰেই সকলো কাম কৰি জীৱন যুঁজত নামিছিল।

 

তাইক লৈ মাক-বাপেককে ধৰি পৰিয়ালৰ সকলোৱে চিন্তিত হৈ পৰিছিল। এই কাৰণে শিক্ষা দিয়াৰ পথ হিচাপে সৰুৰে পৰাই তাইক নৃত্য শিকিবলৈ দিয়া হৈছিল শিক্ষাৰ অংশ হিচাপে। এবাৰ জেছিকাই এটি বিশেষ এটি সাংস্কৃতিক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰি সকলো দৰ্শকক আপ্লুত কৰি চমৎকাৰ কৰি তুলিছিল। তাই পঢ়াৰ বাদেও নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰি সকলোৰেই সমাদৰ লাভ কৰিবলৈ আৰম্ভ কৰে। তাই ভাবি লৈছিল লগৰ ছোৱালীবোৰে পৰা কাম তাইয়ো পাৰে বুলি দিনকদিনে আত্মবিশ্বাস বাঢ়ি গৈছিল। এই ভাবিয়েই পিন্ধা-উৰা, লিখা-পঢ়া, খোৱা-বোৱা সকলো কাম কৰি লৈছিল। অকল এইয়াই নহয়, জেছিকাই সংগীতৰ প্ৰশিক্ষণ, দুভৰিৰে পিয়ানো বজোৱা প্ৰশিক্ষণ, দুভৰিৰে ডি টি পি কৰা আৰু মডেলিংৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এবাৰ সাংস্কৃতিক অনুষ্ঠানত তাই দুভৰিৰে পিয়ানু বজাই দৰ্শকক বিস্ময়ৰে অভিভূত কৰি তুলিছিল। এনেদৰে জেছিকাই মানুহৰ মাজত অসম্ভৱকো সম্ভৱ কৰি তোলাৰ ধুমুহাৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছত জেছিকা আৰু ৰৈ নাথাকিল। জেছিকাই আমেৰিকাতেই টাইকোৱানডো প্ৰশিক্ষক জিম কান্নিয়মৰ ওচৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ২০১৪ চনত Îব্লক বেল্ট লাভ কৰি এৰিজনা ষ্টেট চেম্পিয়নশ্বিপ সন্মান অৰ্জন কৰে। জেছিকা হ'ল বিশ্বৰ প্ৰথম হাতবিহীন টাইকোৱানডো খেলুৱৈ আৰু Îব্লক বেল্ট সন্মান অৰ্জন কৰোতা। সকলোবোৰ দিশতে সমানে সমানে আগুৱাই যোৱাৰ দৰেই জেৰিফাই পঢ়াৰ ক্ষেত্ৰটো আগবাঢ়ি University of Erijonaপৰা দৰ্শন বিভাগৰ স্নাতক ডিগ্ৰী লাভ কৰে।

 

এইখিনিতে উলিয়াম জেমছে কোৱা এষাৰ মূল্যৱান কথা উল্লেখ কৰিব বিছাৰো–তেওঁ কৈছিল “মানুহৰ সবাতোতকৈ ডাঙৰ আৱিস্কাৰটো হৈছে মানুহে নিজৰ মনোভাৱ সলনি কৰি জীৱনটোকেই সলাই দিব পৰাতো। সঁচা কথা। সলাই দিব পাৰি। জেছিফা তাৰেই নিদৰ্শন। যিগৰাকী নাৰী দুহাত অবিহনেই প্ৰতিবন্ধকতাক নেওচি মনোভাৱ আৰু আত্মবিশ্বাস অটুট ৰাখি জীৱনটো সলাই দিব পাৰিছিল।

 

জেছিকা আৰু থমকি নৰল। দুৰ্বাৰ সাহসেৰে আৰু এখোজ আগবঢ়াৰ মানসেৰে গাড়ী চলাবলৈ শিকিলে। ইয়াৰ পাছত ২০০৫ চনত উৰাজাহাজ চলোৱাৰ সপোন দেখি দুভৰিৰেই উৰাজাহাজ চলাই গ্ৰীণিজ বুক অব ৱৰ্ল্ডত বিশ্বৰ প্ৰথম হাতবিহীন পাইলট হিচাপে নাম খোদিত কৰি ৰাখিলে।

 

আজি বিশ্বৰ দৰবাৰত জেছিকা এগৰাকী আন বহুজনৰ লগত তুলনাবিহীন নাৰী। জীৱনৰ সকলো প্ৰতিবন্ধকতা হেলাৰঙে জয়ী কৰি জীৱনক জীৱনমুখী কৰি তুলিলে। তেওঁ দেখুৱাই থৈ গ'ল–জীৱনৰ লক্ষ্যপ্ৰা¿৫১ বাবে কঠিনতা বুলি কোনো বস্তু নাই–নাই–এইয়া কেৱল মানুহৰ বদ্ধমূল নেতিবাচক ধাৰণাহে। লক্ষ্যস্থান সঠিক হ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰি–ইয়াৰ নিদৰ্শন জেছিকা। আজি জেছিকা হ'ল পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ বাবেই প্ৰেৰণাৰ উৎস প্ৰেৰণাৰ আলোক।

গ্ৰন্থপঞ্জীঃ শিৱ থেৰাৰ সাফল্য আপোনাৰ দেওবৰীয়া সুকন্যা– সাপ্তাহিক বাৰ্ত্তা।