লক্ষীমপুৰ জিলাত পৰ্যটন উদ্যোগ

গঠনৰ সম্ভাৱনীয়তাঃ এক চিন্তা

অনুজ কুমাৰ ভূঞা

গড়েহগা

সম্প্ৰতি বিশ্বানয়নৰ যুগত পৰ্যটন উদ্যোগে পৃথিৱীখনৰ লগত পৰিচিত হোৱা এক সুযোগ প্ৰদান কৰিছে। যাৰ ফলস্বৰূপে বিভিন্ন দেশ বিদেশৰ প্ৰসিদ্ধ স্থানসমূহ পৰিভ্ৰমণৰ লগতে মানসিক চাপ, অস্থিৰতা আৰু বৰ্তমান চিন্তাক্লীশ মন আঁতৰোৱাৰ বাবে বিভিন্ন স্থান পৰিভ্ৰমণ কৰে। জ্ঞান অৰ্জন এক মাধ্যম ৰূপে পৰিগণিত হোৱা এই আঁচনিসমূহৰ জৰিয়তে মানসিক চিন্তাৰ পৰা বিশ্ৰাম আৰু সতেজতা লাভ কৰা প্ৰয়াসেৰে পৰ্যটকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাইছে। যাৰ ফলস্বৰূপে পূৰ্ব প্ৰতিষ্ঠিত পৰ্যটন স্থান সমূহৰ বাহিৰেও পৰম্পৰাগত আৰু অনাৱিস্কৃত তথা অব্যৱহৃত স্থানসমূহ পৰ্যটন স্থলী ৰূপে গঢ়ি তোলা মানসিকতা গঢ় লৈ উঠিছে। ই এক শুভ লক্ষণ। যাৰ ফলস্বৰূপে বিশ্বৰ বৃহত্তম তথা সৰ্বাধিক সম্প্ৰসাৰিত উদ্যোগবোৰৰ ভিতৰত পৰ্যটন বিভাগো অন্যতম উদ্যোগ হিচাবে গঢ় লৈ উঠিছে। এক ন ৰূপত প্ৰকাশ পোৱা পৰ্যটন উদ্যোগে অৰ্থ সামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা গৈছে। বিভিন্ন পৰ্যটনৰ দিশৰ পৰা বিশ্লেষণ কৰি চালে দেখা যায়। ঊনবিংশ শতিকাৰ মাজভাগলৈকে ভ্ৰমণকাৰীসকলে যি সীমিত উদ্দেশ্য আৰু পৰিসৰত ভ্ৰমণ কৰিছিল তাৰ তুলনাত একবিংশ শতিকাৰ আধুনিক পৰ্যটনৰ পৰিসৰ অনেক ব্যাপক। পৰ্যটক বিশেষজ্ঞ তথা চিন্তাশীল ব্যক্তি মাইকেল গিটাৰে মত পোষণ কৰিছে, পৰ্যটকক আকৰ্ষণ কৰিবলৈ হ'লে কেইটামান দিশ বিশেষভাৱে প্ৰয়োজন। সাধাৰণভাৱে পাঁচটা বিভাগৰ কথা উল্লেখ কৰি মাইকেল গিটাৰে মত পোষণ কৰা বিভাগ কেইটা হ'ল–পৰম্পৰাগত, প্ৰকৃতি জগত, সাংস্কৃতিক দিশ, মনোৰম দৃশ্য সম্পকীয় আৰু মনোৰঞ্জন দিশ। পৰম্পৰাগত কেন্দ্ৰ সমূহৰ ক্ষেত্ৰত বুৰঞ্জী প্ৰসিদ্ধ স্থানসমূহৰ গুৰুত্ব অধিক। পৰ্যটনৰ দিশসমূহৰ ভিতৰত আকøণীয় দিশসমূহ বিশেষভাৱে উল্লেখযোগ্য। এনে দিশসমূহৰ ভিতৰত ঐতিহাসিক, পুৰাতাত্বিক কীৰ্তিচিহ্ন, সংগ্ৰহালয়, সাংস্কৃতিকভাৱে, শৈক্ষিক, ৰাজনৈতিক, ধৰ্মীয় স্থান আৰু প্ৰতিষ্ঠানসমূহো সামৰি লোৱা হৈছে। ইয়াৰ উপৰিও পৰম্পৰাগত অতি আকৰ্ষণীয় উৎসৱ-পাৰ্বন লোক কলা, হস্তশিল্প, ৰীতি-নীতি। সংগীত আদি বিশেষভাৱে উল্লেখযোগ্য। প্ৰাকৃতিক জগত আৰু দৃশ্য সম্পকীয় আকৰ্ষণবোৰৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যান, জৈৱ বৈচিত্ৰ, বন্যপানী, সমুদ্ৰতৰৰ আৰু পব্বতমালা আদিক সামৰি লোৱা হৈছে। মনোৰঞ্জন দিশৰ পৰা বিশ্লেষণ কৰি নাটক-অভিনয়, চলচিত্ৰ, বিভিন্ন ধৰণৰ খেল-ধেমালি আদিও ইয়াৰ অন্তৰ্ভুক্তি। ইয়াৰ উপৰিও অতি আকৰ্ষণীয় সুষম জলবায়ু, স্বাস্য নিবাস, অন্য ঠাইত নোপোৱা অনান্য আকৰ্ষণীয় সমলসমূহক ইয়াৰ ভিতৰত স্থান দিয়া হৈছে। এই দিশসমূহৰ ওপৰত নিৰ্ভৰ কৰিয়েই কোনো এখন ঠাই পৰ্যটকসকলৰ বাবে কেন্দ্ৰবিন্দু হৈ পৰিছে। মনোৰম দৃশ্যৰাজি যেনেদৰে মানুহৰ মনক আনন্দ দিব পাৰে তেনেদৰে পৰ্যটনৰ যোগেদি সকলোকে এক নতুন সোৱাদ দিয়াৰ লগতে নতুন অভিজ্ঞতা লাভ কৰিব পাৰে। সেই বাবেই হয়তো বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব অধিক। জীৱনৰ কোনো এটা মুহূৰ্ত হ'লেও প্ৰতিজন ব্যক্তিয়ে নিজকে এনেদৰে দিন অতিবাহিত কৰিব বিচাৰে। এনে দিশৰ মাজৰ পৰা বিশ্লেষণ কৰি চালে লক্ষীমপুৰ জিলাখনতো পৰ্যটনৰ দিশ দেখা পোৱা যায়। পৰ্যটকসকলৰ ভিন্নৰুচিৰ চাহিদা পূৰণ কৰিব পৰাকৈ জিলাখনতো যথেষ্ট সংখ্যক স্থান আছে। প্ৰকৃততে সেই দিশসমূহো যথেষ্ট সমৃদ্ধিশালী। ঐতিহাসিক, ধৰ্মীয় সাংস্কৃতিক, নৃতাত্বিক লগতে জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ। প্ৰাকৃতিক সম্পদৰ সমাহাৰ ঘটা লক্ষীমপুৰ জিলা ঐতিহাসিক পৰ্যটনৰ লগতে বিশেষভাৱে সাংস্কৃতিক পৰ্যটনৰ দিশ বিশেষভাৱে উল্লেখযোগ্য।

 লক্ষীমপুৰ জিলাখনত বৃহৎ অঞ্চলত পূৰ্বৰ ৰজা শাসনৰ স্মৃতি আৰু পৌৰাণিক কীৰ্তিচিহ্ন বিৰাজমান। অন্যহাতে আধ্যাত্মিক আৰু ধৰ্মীয় দিশৰ পৰাও গুৰুত্ব লাভ কৰি আহিছে। পুৰণি শাস্ত্ৰ-তন্ত্ৰ কালিকা পুৰাণ, যেগিনীতন্ত্ৰ আদিত জিলাখনৰ ভালেমান নদ-নদী পৱিত্ৰ স্থান সম্পৰ্কে উল্লেখ আছে। বৰ্তমান সময়তো ইয়াৰ কিছুমান বিদ্যমানা নৱ-বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ফলস্বৰূপে লক্ষীমপুৰতো গঢ় লৈ উঠিছিল বহুতো প্ৰসিদ্ধ সত্ৰ-আৰু থানসমূহ। এনে সত্ৰ আৰু থানসমূহো এই পৰ্যটন উদ্যোগৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত, ঐতিহাসিক কীতিচিহ্ন আৰু ধৰ্মীয় স্থানসমূহ নিশ্চিতভাৱে অন্যতম বিবেচনা যোগ্য হ'ব পাৰে। পুৰাতাত্বিক সম্পদ আদিৰ প্ৰতি আগ্ৰহী পৰ্যটক আৰু ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত লক্ষীমপুৰ জিলাখনত থকা সত্ৰ আৰু থানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। বিভিন্ন সত্ৰ-থানসমূহৰ ভিতৰত ঘাৰমৰা সত্ৰ, মা-হৰা সত্ৰ, মাঘনোৱা দৌল, পদুমণি আইথান, বাসুদেৱ থান, হাৰ্হি দেৱালয়, গৰখীয়া থান, মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী ইত্যাদি। ইয়াৰ উপৰিও জিলাখনৰ চুকে কোনে থকা পবিত্ৰ স্থান সমূহো পৰ্যটকৰ কেন্দ্ৰ বিন্দু হ'ব পাৰে। লালুকৰ লোকপানী দেৱালয়, নাওবৈছাৰ ওপাতি গোঁসানীৰ থান, বিহপুৰীয়া নাহৰনি থান, নাৰায়নপুৰ বদলা সত্ৰ, ফুলনী থান, ঢলপুৰৰ বিষ্ণু-বালিকুঞ্চি সত্ৰ, ঢকুৱাখনা-গোবিন্দপুৰ সত্ৰ, ঘিলামৰৰ গোপালপুৰ সত্ৰ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ উপৰিও বহুতো উল্লেখযোগ্য ইছলাম, বৌদ্ধ, শিখ ধৰ্ম আদিৰ পৱিত্ৰ স্থানসমূহ সিচৰিত হৈ আছে। উত্তৰ লক্ষীমপুৰ মাজ মজিয়াত অৱস্থিত পঞ্চানন দেৱালয় উল্লেখযোগ্য ধৰ্মীয় স্থানসমূহৰ উপৰিও জিলাখনত অেনেক ঐতিহাসিক গড় পুখুৰীও বিৰাজমান। ৰাজগড়, ধেমাগড়, হাৰমতী গড়, গোসাইকমল আলি আদিৰ উপৰিও প্ৰসিদ্ধ পুখুৰী পেৰাভাৰী পুখুৰী, ৰৌদোং পুখুৰী দীঘল পুখুৰী, কঠাল পুখুৰী, ৰাধা পুখুৰী, ৰঙতি পুখুৰী, গোহাঁই পুখুৰী ঘিলাগুড়ি পুখুৰী বিশেষভাৱে অন্যতম।

 

ঐতিহাসিক আৰু ধৰ্মীয় স্থানৰ উপৰিও জিলাখনৰ অন্য এক আকৰ্ষণীয় দিশ হ'ল সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ বৈচিত্ৰতা। জিলাখনত বিভিন্ন জনগোষ্ঠী, সম্প্ৰদায় লোকে অতি শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীৰে বসবাস কৰি আহিছে। ফলস্বৰূপে সকলোকে স্বকীয় সংস্কৃতিসমূহ ফুটি উঠাৰ লগতে অঞ্চলটোত বাস কৰা জাতি বৰ্ণ, ভাষা, ধৰ্ম সi£য়ত অঞ্চলটোত এক সংমিশ্ৰিত বাৰেৰহনীয়া সংস্কৃতি গঢ় লৈ উঠিছে। ই নিংসন্দেহে পৰ্যটকৰ কেন্দ্ৰ বিন্দু হ'ব পাৰে। বিভিন্ন গীত-মাত, নৃত্য, উৎসৱ-পাৰ্বন, লোক কলা, খাদ্য সম্ভাৰ, বস্ত্ৰ, বাসগৃহ, জীৱন প্ৰণালী আদিও পৰ্য্যটকসকলক আকৰ্ষিত কৰিব পৰা থল আছে। অসমীয়াৰ অতি আদৰৰ জাতীয় উৎসৱ বিহুৱে সকলোকে আকৰ্ষিত কৰে। তেনেদৰে ৰাস, ভাওনা, দূৰ্গাপূজা, আলি-আয়ে লৃগাং, মে-ডাম-মেফি, কৰম পূজা আদিও পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। লক্ষীমপুৰৰ ঢকুৱাখনাত পালন কৰি অহা চাৰিকড়ীয়া নৈৰ পাৰৰ মহঘূলিত প্ৰাকৃতিক পৰিৱেশত পালন কৰা ফাট বিহু পৰ্য্যটকৰ এক কেন্দ্ৰ বিন্দু হিচাবে বিবেচনা কৰিব পাৰি। ই কেৱল উপভোগ্যই নহয় নৃতত্ববিদ সকলৰ বাবে ই এক অধ্যয়নৰ ক্ষেত্ৰ হিচাবে বিবেচনা কৰিব পাৰি। ইয়াৰ উপৰিও অতি প্ৰসিদ্ধ ৰেচম, বয়ন আৰু বস্ত্ৰশিল্প হিচাবে প্ৰসিদ্ধ মুগা কাপোৰ বিশ্ব প্ৰসিদ্ধ। ইয়ো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হ'ব পাৰে। লক্ষীমপুৰ জিলাৰ মাজেৰে প্ৰৱাহিত সোণৰ বালিকনা নিষ্কাষন সোৱণশিৰি নদীৰ বিষয়ে গভীৰ অধ্যয়ন তথা গৱেষণা স্থল এতিয়াও বিৰাজমান। অনেক নদ-নদী জান-জুৰিয়ে আবৃত জিলাখনত থকা পক্ষী-উদ্যানসমূহত থকা বিভিন্ন পশু-পক্ষী, পৰিভ্ৰমী চৰাইৰ সমাৱেশে সকলোকে আকৰ্ষিত কৰে। বৰদৈবাম বিলমুখ ইয়াৰ এক উদাহৰণ। পাভ, কদম, কাকৈ, ৰঙা, দুলুং, সোৱণশিৰি সংৰক্ষিত বনাঞ্চলো পৰ্যটকৰ গৱেষণা কেন্দ্ৰ হ'ব পাৰে। দুলুং বনাঞ্চলৰ চিয়া নাহৰ বিশ্ব প্ৰসিদ্ধ। বিভিন্ন পক্ষীয়ে শুৱনি কৰি তোলা ঢকুৱাখনা আৰ্নেচাপৰি, কোৱাবাৰী দুললি, লক্ষীমপুৰৰ শতজান জলাশয়লৈ পৰিভ্ৰমী চৰাইৰ আগমনে পৰ্যটকৰ আকৰ্ষণ কৰিব পাৰে। সোৱণশিৰি নৈত প্ৰাপ্ত শিহু আৰু গেৰুকামুখত আবিস্কৃত বিৰল প্ৰজাতি লতাবাঁহ আদিয়ে প্ৰকৃতিপ্ৰেমী পৰ্য্যটকক স্ফাভাৱিকতে আকৰ্ষিত কৰিব পাৰে।

 

লক্ষীমপুৰ জিলাৰ অগত গড়েহগা অঞ্চলটো অতি প্ৰসিদ্ধ কেইবাখনো সত্ৰ আছে। দহঘৰীয়া সত্ৰ, বগীআই বৰ এলেঙী সত্ৰ, বাঁহজেঙনি এলেঙীসত্ৰ আৰু মুকলিমূৰীয়া সত্ৰ। ইয়াৰ উপৰিও খগা অঞ্চলত অৱস্থিত দুখন প্ৰসিদ্ধ সত্ৰ পূৰ্ণিমা সত্ৰ আৰু অগ্নিফুলবাৰী সত্ৰ। ইয়াৰ উপৰিও অতি প্ৰাচীন তথা প্ৰসিদ্ধ বৈঠাৱতী দেৱালয় গড়েহগা অঞ্চলত অৱস্থিত। নৱ নিৰ্মিত বৈঠাৱতী দেৱালয় পৰ্যটকৰ দৃষ্টি আকৰ্ষিত কৰিব, নিঃশ্চিত। পৰ্যটনৰ দিশ উন্নত কৰিবলৈ হ'লে এনে স্থানসমূহ উন্নীতকৰণৰ পৰি কল্পনা গ্ৰহণ কৰিব লাগিব।

 

কোনো অঞ্চল পৰ্যটনৰ সফলতাৰ বাবে প্ৰয়োজনীয় সেইবাটতে দিশ বিবেচনা কৰিব পাৰি। ইয়াৰ প্ৰথম তথা প্ৰধান চৰ্ত হ'ল ইয়াৰ আন্তঃগাথনি সা-সুবিধা। পৰিবহন, যোগাযোগ, থকা-খোৱা ভ্ৰমণৰ বাবে পৰ্যাপ্ত সুবিধা থকাটো অতি প্ৰয়োজনীয়। জিলাখনৰ শোচনীয়া যাতায়তী ব্যৱস্থাৰ বাবে এনে অঞ্চললৈ কোনো আহিবৰ বাবে আগ্ৰহ প্ৰকাশ নকৰে। ইয়াৰ উপৰিও ৰেলসেৱা বিমান সেৱা সীমিত হোৱাৰ বাবে বহু পৰ্যটকে আগ্ৰহ প্ৰকাশ নকৰে। অন্যহাতে পৰ্যটনৰ লগত অন্য গুৰুত্বপূৰ্ণ দিশ হ'ল পৰ্যটকৰ থকা-খোৱা, হোটেল, ৰেষ্টুৰেণ্ট অতিথিশালা, পৰ্যটক নিবাসৰ অভাৱ। এনে দিশত লক্ষীমপুৰ জিলাখনত অতিকে অভাৱ। চৰকাৰী বিশেষ কোনো ব্যৱস্থা নথকা ফলত নিম্নতম সা-সুবিধা নথকা জিলাখনলৈ পৰ্যটকৰ আকৰ্ষণো কম। অন্য এক গুৰুত্ব পূৰ্ণ দিশ হ'ল পৰ্যটনৰ বাবে থকা বিভিন্ন অঞ্চলসমূহলৈ পৰিভ্ৰমণ কৰিবলৈ সা-সুবিধা নথকা। জিলাখনত অনেক অঞ্চল মনোৰঞ্জনৰ বাবে উপযোগী নোহোৱা নহয়। কিন্তু উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাফলত ইয়াৰ আকৰ্ষণ কমি যোৱা দেখা গৈছে। জলাশয়সমূহ পৰিষ্কাৰ কৰি উপযুক্ত ধৰণে গঢ়ি তুলি নৌকাচালনাৰ ব্যৱস্থা কৰিব পাৰিলে নিশ্চিতভাৱে পৰ্যটক আকৰ্ষিত হ'ব। সৌন্দয্যবৰ্ধনৰ বাবে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰিলে জিলাখনত এক পৰ্যটক উদ্যেগে গা-কৰি উঠা সম্ভৱনা নথকা নহয়। জিলাখনত থকা ভালেমান জলৰাশিও দুঃসাহসিক জলক্ৰীড়াৰ বাবে উপযুক্ত কৰি তুলিলে নিশ্চিতভাৱে পৰ্য্যটকৰ আগমন ঘটিব। গণেশ মন্দিৰ, শিৱমন্দিৰ সংলগ্ন উদ্যান, পদুমনি থানৰ উদ্যানৰ আধুনিকীকৰণ, সৌন্দয্যবৰ্ধনৰ জৰিয়তে অতি আকøণীয় কৰি তুলিলে ইয়ো এক আকৰ্ষণীয় বিন্দু হৈ উঠিব। গেৰুকামুখ জলবিদু্যত উৎপাদনৰ প্ৰকল্পৰ অঞ্চলসমূহতো যদি পৰ্যটকৰ উপভোগ্য অঞ্চল হিচাবে গঢ়ি তুলিব পাৰে নিশ্চিতভাৱে পৰ্যটকসকল আকৰ্ষিত হ'ব। ই সকলো নিৰ্ভৰ কৰিব চৰকাৰ তথা জিলা প্ৰশাসনৰ ওপৰতে। জিলাখনৰ মান উন্নত কৰাৰ লগতে পৰ্যটকৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰিব পাৰে তেনেহ'লে নিশ্চয় লক্ষীমপুৰ জিলাখনতো এক পৰ্যটন উদ্যোগ গঢ়ি তুলিবলৈ সক্ষম হ'ব।

 

ইয়াৰ উপৰিও পৰ্যটন উদ্যোগ গঢ়ি তোলাৰ অন্য এক গুৰুত্বপূৰ্ণ দিশ হ'ল প্ৰচাৰ। প্ৰচাৰ তথা প্ৰসাৰৰ অবিহনে ই কেতিয়াও সম্ভৱ নহয়। গভীৰ অধ্যয়নৰ মাজেৰে জনমানসত জিলাখনৰ মাজেৰে ইয়াৰ ঐতিহ্য আৰু পৰম্পৰা প্ৰচাৰ কৰাৰ লগতে অনুপম দৃশ্যৰাজি বিশ্ববাসীৰ আগত ডাঙি ধৰিব পাৰিলেহে ইয়াৰ বিষয়ে জ্ঞাত হোৱাৰ লগতে আকৰ্ষিত হ'ব। বিভিন্ন মাধ্যমৰ জৰিয়তে ইয়াক বহলভাৱে প্ৰচাৰ কৰা দায়িত্ব বৰ্তমান আধুনিক মনৰ প্ৰতিজন ব্যক্তিৰ দায়িত্ব আৰু কৰ্তব্য। চৰকাৰ, জিলা প্ৰশাসনৰ লগতে সংবাদ মাধ্যমসমূহৰ দায়িত্ব অতি গধুৰ। সকলোৱে একেলগে আগবাঢ়িলে নিশ্চিতভাৱে জিলাখনতো এক পৰ্যটন গঢ়ি উঠিব। সু-পৰিতল্পিত ভাৱে আগুৱাই যাব পাৰিলে জিলাখনৰ সবাংগীন বিকাশৰ এক নতুন অধ্যায়ৰ বাট মুকলি হ'ব বুলি আশা কৰিব পাৰো। ¡

 

সহায়ক পুথিঃ

“পৰ্যটন আৰু উত্তৰ পূৰ্বাঞ্চল” – অতনু গগৈ