একবিংশ শতিকাৰ শিক্ষা আৰু শিক্ষক সমাজ

দুলামী হেৰেঞ্জ পাণ্ড

জ্যেষ্ঠ প্ৰৱক্তা, ডায়েট লখিমপুৰ

সাধাৰণভাৱে শিক্ষা প্ৰদান কৰা বুলিলে আমি ছাত্ৰ-ছাত্ৰীক বিভিন্ন জ্ঞান আৰু কৌশল বা দক্ষতা প্ৰদান কৰা বুলি বুজো। ইয়াৰ বাবে কেইদিনমান আগলৈকে ছাত্ৰ-ছাত্ৰীয়ে পাঠ্যপুথি আৰু শিক্ষকৰ ওপৰত নিৰ্ভৰশীল আছিল। কিন্তু বৰ্তমান জ্ঞান আহৰণৰ মাধ্যম বহুতো হ'ল। উদাহৰণস্বৰূপে লাইেব্ৰৰী, মিউজিয়াম লগৰীয়া, টেলিভিছন, ৰেডিঅ, DVD, ফটো, E-mail, Blogs, Wikis ইত্যাদি। বৰ্তমান Internet ছাত্ৰ-ছাত্ৰীৰ জ্ঞান আহৰণৰ এটা আনন্দ দায়ক মাধ্যম। বৰ্তমান Web 2.0 (Second Generation of world wide web) । এনে এটা মাধ্যম যাৰ জৰিয়তে যোগাযোগৰ প্ৰেৰণ আৰু গ্ৰহণ দুয়ো কামেই কৰিব পাৰি। আমি শিক্ষা ব্যৱস্থাত কওঁ যে শিকন-শিক্ষণ এনে এক প্ৰক্ৰিয়া য'ত আদান প্ৰদান দুয়োটা ঘটে। শিক্ষকে এনে দুই পক্ষৰ যোগাযোগৰ জৰিয়তে প্ৰদান কৰা জ্ঞান ছাত্ৰৰ মনত স্থায়ী হয়। অৰ্থাৎ ছাত্ৰই আহৰণ কৰা জ্ঞান আৰু নিজৰ মনত সৃষ্টি হোৱা খো-দুৱনিসমূহ প্ৰকাশ কৰাৰ সুবিধা লাভ কৰিলেহে তেওঁলোকৰ শিকন সম্পূৰ্ণ হয়। বৰ্তমান যুগত তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰ [ICT] বিকাশৰ ফলত ছাত্ৰ-ছাত্ৰীৰ বাবে জ্ঞান আহৰণৰ বহু বাট মুকলি হৈছে। বৰ্তমানৰ ছাত্ৰ কেৱল শিক্ষক বা পাঠ্যপুথিৰ ওপৰতে নিৰ্ভৰশীল নহয়।

 

 বৰ্তমান অৱস্থাত এনধৰণৰ প্ৰযুক্তি বা মাধ্যমক কেনেদৰে শ্ৰেণীকোঠাৰ অন্তৰ্ভূক্ত কৰিব লাগিব শিক্ষক সমাজৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। চৰকাৰৰ বাবে বৰ্তমানৰ প্ৰযুক্তিৰ লগতে সমানে বিদ্যালয়ত আন্তঃগাঠনি প্ৰদান কৰাৰ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। বৰ্তমানৰ বিশ্বায়নৰ দিনত সফল শিক্ষা কেৱল শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষণৰ জৰিয়তেহে সম্ভৱপৰ। প্ৰযুক্তিয়ে শিক্ষণৰ নতুন নতুন দিশ উন্মোচন কৰিব লাগিব আৰু সেয়ে জ্ঞান সহজ লভ্য হ'বলৈ নেটৱৰ্কৰ সহজলভ্যতা অতি জৰুৰী হৈ পৰিছে। বৰ্তমানৰ শ্ৰেণীকোঠাৰ শিক্ষণ-শিকনত পৰিস্থিতি সাপেক্ষে নিজৰ সিদ্ধান্ত লোৱাৰ দক্ষতাহে এজন শিক্ষাৰ্থীক সফল কৰি তুলিব পাৰে। এনে ক্ষেত্ৰত সকলো বিষয়ৰ তথ্যৰ (Data) সহজলভ্যতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতাৰ বৃদ্ধি কৰিব পৰা যায়।

 

একবিংশ শতিকাৰ শিক্ষাৰ লক্ষ্য হৈছে বিশ্বজনীন নাগৰিকৰ সৃষ্টি কৰা। কাৰণ বৰ্তমান যুগক আমি Digitalৰ যুগ বুলি ক'ব পাৰো। বৰ্তমানৰ শিশুক আমি Digital learner বুলি ক'ব পাৰো। বৰ্তমানৰ শিশু জন্মৰ লগে লগে Smart phone, Computer Internet আদিৰ লগত অভ্যস্ত হৈ পৰে। বৰ্তমানৰ ছাত্ৰই -book, internet game, PDA, Laptop, আদিহে চিনি পায়। ক-খ শিকাৰ লগতে Keypadত টাইপ কৰিবলৈ শিকে। সেয়েহে বিদ্যালয়সমূহত Smart Classroom, digital boardৰ পৰা আৰম্ভ কৰি internet সংযোগ আদি অত্যাধুনিক ব্যৱস্থাৰ প্ৰয়োজনীয়তাই দেখা দিছে। শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীয়ে সন্দেহ হোৱা প্ৰশ্নৰ উত্তৰ শিক্ষকে দিয়াৰ আগতেই হাতত থকা Smart phoneত বিছাৰি লয়; তাকো শিক্ষকে দিয়া উত্তৰতকৈ অধিক বিতং আৰু শুদ্ধভাৱে। এনে ক্ষেত্ৰত শিক্ষকৰ যদি জ্ঞানৰ পৰিষৰ ঠেক হয় তেওঁলোকৰ শিকাৰ আগ্ৰহ কমি যায়।

 

বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অতি উপযুক্ত শিক্ষণ পদ্ধতি হৈছে প্ৰকল্প পদ্ধতি, য'ত ছাত্ৰ-ছাত্ৰী অধিকভাৱে শিক্ষণ-শিকন কাৰ্যত জড়িত হ'ব পাৰে আৰু নিজ প্ৰয়োজন আৰু ক্ষমতা অনুযায়ী শিকিব পাৰে। এনে ক্ষেত্ৰত শিক্ষকে যদি নতুন প্ৰযুক্তি যেনে virtual class room বা virtual class room Âõ± Google classroom ব্যৱহাৰ কৰিব পাৰে তেন্তে সেয়া অতি আনন্দ দায়ক হৈ পৰে। ইয়াৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সকলো পৰ্যায় বা সকলো স্থানৰ বিদ্যালয়সমূহত নাই। কিন্তু আমি যি যুগত বাস কৰিছো তাত এনে প্ৰযুক্তিৰ লগত পৰিচিত নোহোৱা ব্যক্তিক অশিক্ষিত আখ্যা পাবলৈ হয়তো বেছি দিনৰ প্ৰয়োজন নহ'ব। গতিকে বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে সেই যুগৰ লগত খাপ খাই সমানে আগবাঢ়িব পাৰে তাৰ বাবে আমাৰ শিক্ষক সমাজো নিজকে সেই যুগৰ লগত খাপ খাব পৰাকৈ দক্ষ হ'বলৈ চেষ্টা কৰা উচিত। বিংশ আৰু একবিংশ শতিকাৰ শিক্ষাৰ তুলনামূলক বিশ্লেষণ কৰিলে দেখা যায় যে–

১।    বিংশ শতিকাৰ শিক্ষাত জ্ঞান আহৰণত গুৰুত্ব আৰোপকৰা হৈছিল। কিন্তু একবিংশ শতিকাত ছাত্ৰই কি কৰি         দেখুৱাব পাৰে তাৰ গুৰুত্ব দিয়া হয়।

2।   বিংশ শতিকাত Texonomy ৰ জ্ঞান, বোধ আৰু প্ৰয়োগৰ ওপৰত আলোকপাত কৰা হৈছিল। কিন্তু বৰ্তমান             আমি Bloom taxonomy ৰ বিশ্লেষণ, সংশ্লেষণ আৰু মূল্যায়নৰ ওপৰত প্ৰধান্য দিওঁ।

৩।  বিংশ শতিকাত শিকন আছিল নিষ্কিয় (Passive) কিন্তু এক বিংশ শতিকাৰ শিকন সক্ৰিয় [Active]।

।   বিংশ শতিকাত শিকন শ্ৰেণীকোঠাৰ ভিতৰত ব্যক্তিগতভাৱে থৈছিল, কিন্তু একবিংশ শতিকাত শিশুৱে                     সহযোগী শিকনৰ জৰিয়তে Global শ্ৰেণীকোঠাত শিকে।

৫।  বিংশ শতিকাত শিক্ষকে তথ্য প্ৰদান কৰাত [বক্তৃতাৰ দ্বাৰা] গুৰুত্ব দিছিল কিন্তু বৰ্তমান শিক্ষক একো                   একোজন সহায়ক বা গাইড।

৬।  শ্ৰেণীকোঠাত বিংশ শতিকাৰ শিশুৰ শিকাৰ স্বাধীনতা নাছিল। কিন্তু বৰ্তমান শিশুৱে নিজ ক্ষমতা, আগ্ৰহ                 আৰু ষ্টাইল অনুযায়ী শিকাৰ স্বাধীনতা লাভ কৰে।

 

শিক্ষাৰ মতবাদৰ প্ৰতি দৃষ্টি কৰিলে আমি দেখা পাওঁ যে, এটা সময়ত আমি শিক্ষাৰ প্ৰকৃতিবাদৰ ওপৰত বিশ্বাসী আছিলো। তাৰ পিছত আমি আচৰণবাদী হ'লো আৰু শেষত আমি গঠনবাদত বিশ্বাস কৰিলো। কিন্তু বৰ্তমান আমি একবিংশ শতিকাত এনে দক্ষতাত বিশ্বাসী যি বৰ্তমানত প্ৰযোজ্য নহয়। বৰ্তমানৰ ছাত্ৰই এনে কিছুমান দক্ষতা অৰ্জন কৰিব লাগিব যি ভৱিষ্যতলৈ গঢ়ি উঠা দক্ষতাক প্ৰত্যাহ্বান জনাব পাৰিব, যি দক্ষতাই ভৱিষ্যতৰ বিশ্বৰ নাগৰিকক প্ৰত্যাহ্বান জনাব পাৰে। উদাহৰণস্বৰূপে আজি আমি অসমত 4G Network ৰ কথা চিন্তা কৰিছো কিন্তু ভৱিষ্যতৰ শিশুৱে হয়তো 18G ৰ কথা ভাবিব লগা হ'ব। আমি বৰ্তমান 2.0 web ৰ কথা ভাৱিছো কিন্তু ভৱিষ্যতৰ শিশুৱে কি web ৰ কথা ভাবিব লাগিব পাৰে, তাৰ কথাহে চিন্তা কৰিব লাগিব। ভৱিষ্যতৰ শিশুৱে Virtiual class roomঅত পঢ়িব লাগিব পাৰে। ICTতহে পৰীক্ষা বা সাক্ষাৎকাৰ দিব লাগিব পাৰে।গতিকে বৰ্তমানৰ শিক্ষক সমাজে তেনে দিশটোৰ কথা [বিশেষকৈ নতুন প্ৰজন্মৰ শিক্ষকসকলে] চিন্তা কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষা দিবলৈ চেষ্টা কৰিব লাগে।

 

বৰ্তমান শিক্ষা ব্যৱস্থাই সেয়েহে শিক্ষকসকলৰ সহায়ৰ বাবে ICT ৰ বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে শিক্ষকসকলক নতুন প্ৰযুক্তিৰ লগত চিনাকী কৰাই দিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। তাৰে প্ৰথম পদক্ষেপ হিচাবে শিক্ষক সকলৰ Whatsapp group, য'ত শিক্ষকে বহুতো কথা share কৰিব পাৰে। পাঠ্যপুথিৰ কঠিন অংশ আলোচনা কৰিবলৈ QR Code তথা Enerzised Text Book, OER আদিৰ জৰিয়তে কেনেকৈ Internet ব্যৱহাৰ কৰি নিজৰ শিক্ষণৰ  [Professional] দক্ষতা বৃদ্ধি কৰিব পাৰি তাৰ ব্যৱস্থা ল'বলৈ চেষ্টা কৰা হৈছে। ইয়াৰ ওপৰিও DIKSHA Portal ৰ জৰিয়তে বিভিন্ন প্ৰযুক্তিগত দক্ষতা বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে। আমি শিক্ষকসকলে কোনেও এনে প্ৰযুক্তিগত বিকাশক আওকান কৰি বা এৰাই চলিব        নোৱাৰো। ইয়াক শ্ৰেণী কোঠাত আমাৰ পৰিবেশ পৰিস্থিতিত আমাৰ সুবিধা হোৱাকৈ কেনেকৈ ব্যৱহাৰোপযোগী কৰি ল'ব পাৰো তাকে চিন্তা কৰিব লাগিব। আমি ছাত্ৰ-ছাত্ৰীক শিকাব লাগিব কিদৰে বিভিন্ন Site যেনে [Quiker, Youtube, Teacher Tube, Wiki ইত্যাদি] বোৰত জ্ঞানৰ অন্বেষণ কৰিব পাৰি বা কেনেকৈ দলীয় আলোচনা [Internetত]ৰ জৰিয়তে নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰি, ইন্টাৰনেটৰ ব্যৱহাৰৰ জৰিয়তে কেনেকৈ বিভিন্ন কাম খৰখেদাকৈ কৰিব পাৰি, যেনে– e-mail, e-banking বা ইন্টাৰনেট ব্যৱহাৰ কৰোতে কেনেধৰণৰ সাৱধানতা ল'ব লাগে, Social mediaকেনেধৰণে ব্যৱহাৰ কৰিব লাগে আদিৰ শিক্ষা বৰ্তমান যুগৰ ছাত্ৰৰ বাবে অতি প্ৰয়োজন হৈ পৰিছে। কিয়নো অপৈণতভাৱে এনে প্ৰযুক্তিৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ বহুতো ক্ষতি কৰিব পাৰে।

 

একবিংশ শতিকাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে একবিংশ শতিকাৰ দক্ষতা সম্পন্ন শিক্ষক সৃষ্টি কৰাটো আমাৰ সমাজৰ বাবে এটি ডাঙৰ প্ৰত্যাহ্বান।