অসমীয়া আধুনিক গীতত থলুৱা সুৰৰ প্ৰভাৱ

দিলীপ পূজাৰী

বি. এড. দ্বিতীয় ষান্মাসিক

অসমীয়া আধুনিক গীতত থলুৱা সুৰৰ প্ৰভাৱৰ বিষয়ে চৰ্চা কৰাৰ পূৰ্বে অসমীয়া সংগীতৰ ইতিহাসলৈ এবাৰ উভতি চোৱাৰ প্ৰাসঙ্গিকতা আছে। কিয়নো ইতিহাসৰ লগত এই আলোচনাৰ এক নিবিড় সম্পৰ্ক আছে।

 

অসমীয়া সংগীতৰ ইতিহাস অতি প্ৰাচীন আৰু ঐতিহ্যপূৰ্ণ। পঞ্চম-ষষ্ঠ শতিকাত ‘পালকাপ্য'ই তেখেতৰ বিখ্যাত গ্ৰন্থ ‘হস্তাৰ্য়ুবেদ'ত পুৰণি অসমৰ সংগীতৰ কথা গৌৰৱেৰে উল্লেখ কৰিছে । সপ্তম শতিকাৰ কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজত্ব কালৰ সংগীতৰ কথা চীনা পৰিব্ৰাজক হিউৱেন চাঙে সুন্দৰ বৰ্ণনা কৰি থৈ গৈছে। নৱম শতিকাৰ ‘বনমাল বৰ্মা'ৰ তামৰ ফলিৰ ‘দলু হঙ্গনা', দশম-একাদশ শতিকাত ৰজা ‘ইন্দ্ৰপালক' তামৰ ফলিত ‘অনবদ্য বিদ্যাধৰ', ‘কলা-বিলাসীনি সুভগ' আদি বিশেষণেৰে বিভূষিত কৰাৰে পৰা অষ্টম শতিকাৰ পৰা একাদশ শতিকাৰ ‘চযাগীত'লৈকে অসমীয়া সংগীতৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। তথাপিও চতুৰ্দশ শতিকাত মহাপুৰুষ শংকৰদেৱৰ পৰশতহে অসমীয়া সংগীতে এক পৰিমাৰ্জিত- পৰিপূৰ্ণ, সৰ্বজন স্বীকৃত-সৰ্বজন গৃহীত ৰূপ পালে। সেয়েহে মহাপুৰুষ শংকৰদেৱৰ কালৰ পৰা সাম্প্ৰতিক সময়লৈকে মাত্ৰ কেইজনমান বিশেষ স্ৰষ্টা আৰু তেখেতসকলৰ মাত্ৰ কেইটামান বিশেষ সৃষ্টিকহে এই চৰ্চাৰ আওতালৈ অনা হৈছে।

 

বিভিন্ন শাস্ত্ৰ অধ্যয়ন আৰু বিভিন্ন তীৰ্থ স্থান ভ্ৰমণ কৰি মহাপুৰুষ দুজনাই সংগ্ৰহ কৰা প্ৰণালীবদ্ধ সংগীতৰ সোণত থলুৱা সুৰৰ প্ৰয়োগেৰে সুৱগা চৰাইছিল। শাস্ত্ৰীয় সংগীতৰ লগত থলুৱা সুৰৰ সংমিশ্ৰণ [যিটোক বৰ্তমান ণ্ঠuব্দiপ্সn ত্তuব্দiন্তু বুলি সকলোৱে জানে] ঘটাই এক উচ্চাংগ সংগীতৰ সৃষ্টি কৰিব পাৰি এই চিন্তাধাৰাক শংকৰদেৱেই প্ৰথম সমাজত প্ৰতিষ্ঠা কৰিছিল। উদাহৰণ স্ফৰূপে তেখেতে ‘শ্ৰী' ৰাগত নিবদ্ধ কৰা বৰগীত ‘গোপালে কি গতি কৈলে' গীতটিত বড়ো সকলৰ থলুৱা সুৰৰ সংযোজন কৰিছিল।

 

অসমীয়া সংগীতক বঙলুৱা সুৰৰ প্ৰভাৱৰ পৰা মুক্ত কৰি থলুৱা সুৰেৰে সজাই-পৰাই জগত সভাত জাকত জিলিকা কৰিবলৈ অহোপুৰুষাৰ্থ কৰা প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীয়েই হৈছে ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা। যিজনৰ সংগীতক অসমীয়াই ‘জ্যোতি সংগীত' হিচাপে সংস্কৃতিৰ বৰপেৰাত সযতনে ৰাখিছে। এই জ্যোতি সংগীতৰ তিনিটা বিশেষ ধাৰা দেখা পোৱা যায়।

 

     ১। ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ ধাৰা।

     ২। অসমীয়া লোক সংগীতৰ ধাৰা।

     ৩। পাশ্চাত্য সংগীতৰ ধাৰা।

‘অসমীয়া লোক সংগীতৰ ধাৰা'ৰ অন্তভূক্ত, থলুৱা সুৰৰ প্ৰভাৱেৰে সৃষ্টি কৰা গীত সমূহৰ ভিতৰত ‘গছে গছে পাতি দিলে ফুলৰে শৰাই', ‘সেউজীয়া সেউজীয়া লানিকৈ ৰুলে ঐ' আদি গীতৰ সুৰ  থলুৱা বিয়ানামৰ সুৰৰ আধাৰত সৃষ্টি কৰিছিল। ‘লুইতৰ পাৰৰে আমি ডেকা ল'ৰা' গীতটি মহাপুৰুষ শংকৰদেৱ বিৰচিত আসোৱাৰী ৰাগৰ ‘শুন শুন ৰে শুন বৈৰী প্ৰমাণা' বৰগীতৰ সুৰৰ আধাৰত সাৰ্থক ৰূপত সুৰ দিছিল। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ গীততো থলুৱা সুৰৰ প্ৰভাৱ দেখা যায়। উদাহৰণস্বৰূপে তেখেতৰ গীত ‘ৰূপহী জোনে বাই ৰূপহী চেলেং' গীতটোত বনঘোষাৰ সুৰৰ প্ৰভাৱ আছে।

 

গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱেও তেখেতৰ গীতবোৰ ঘাইকৈ থলুৱা সুৰৰ মাধ্যমেদি প্ৰকাশ কৰাৰ যৎপৰোনাস্তি চেষ্টা কৰিছিল। ভালকৈ লক্ষ্য কৰিলে আমি দেখো তেখেতৰ ‘পূঁজো আঁহা আই মাতৃৰ চৰণ কমল' আৰু ‘আই মোৰ সোণৰে অসমৰ' গীতটোত বিয়ানামৰ সুৰ আৰু ‘গৰখীয়া হেৰ' গৰখীয়া' গীতত বনগীতৰ সুৰৰ প্ৰভাৱ পৰিছে।

 

সংগীত সূৰ্য ড০ ভূপেন হাজৰিকা দেৱৰ বহু গীতৰ সুৰ অসমীয়া থলুৱা সুৰৰ আধাৰত সুৰাৰোপিত হৈ অসমীয়া সংগীতত চিৰসেউজীয়া হৈ আছে। তেখেতৰ ‘গৌৰীপুৰীয়া গাভৰু দেখিলো' গীতটোত গোৱালপৰীয়া লোকগীত ‘ভাল কৰিয়া বাজাওৰে দোতাৰা' আৰু উজনি অসমৰ বিহুগীতৰ সুৰৰ অপূৰ্ব সমাহাৰ ঘটিছে। তেখেতৰ অন্য এক সৃষ্টি ‘জিলিকাব লুইতৰে পাৰ' গীতটিত ‘সাঁচিপাতে ভাষা দিব চিফুঙে আশা দিব' অংশত বনঘোষা ‘দেউতাৰ পদুলিত গোন্ধাইছে মাধুৰী'ৰ সুৰ, সেইদৰে ‘এন্ধাৰ কাতি নিশাতে' গীতটো নিচুকনি গীতৰ সুৰেৰে জিলিকি আছে।

 

অসম সাহিত্য সভাৰ সভাপতি তথা অসমৰ এজন স্বনামধন্য গায়ক ড০ বীৰেন্দ্ৰ নাথ দত্তৰ বহু গীতত অসমীয়া থলুৱা সুৰৰ সমাহাৰ ঘটিছে। যেনে ‘বগলী বগা ফেঁাট দি যা' গীতটোৰ প্ৰথম অন্তৰাটিত গেঁাসাই ওপজা নামৰ সুৰ, ‘ৰহিমলা ওৰণিৰ মাজেৰে' গীতটিত বিয়ানামৰ সুৰৰ সুৱাসেৰে আমোলমোলাই আছে। অসমীয়া লোক সংগীতৰ শিপা সন্ধানী সত্ত্বা, সংগীতজ্ঞ, গণ শিল্পী খগেন মহন্ত আৰু তেওঁৰ গায়িকা পত্নী অৰ্চনা মহন্তৰ বহু গীতত প্ৰকাশ পাইছে অসমৰ সোণ সেৰীয়া থলুৱা গীতৰ গৰিমা মণ্ডিত সুৰ। তেখেতৰ এটি জনপ্ৰিয় গীত ‘কলৰে পাততে কাউৰী পৰে' গীতৰ দ্বিতীয় অন্তৰাৰ কথাংশৰ আগৰ তানটোত ৰাসৰ গীতৰ সুৰৰ পৰশ লাগিছে। অৰ্চনা মহন্তৰ ‘এনে এটি গধূলিতে মোৰ পঁজাৰ পদূলিতে' গীতটো কীৰ্তনৰ সুৰৰ আধাৰত সুৰ দিয়া হৈছে। একেদৰে ‘অ' ফুলপাহ হালিছ জালিছ' গীতটি, ‘ৰাম কৃষ্ণ সন্ধ্যাতে গমনে' এই বিয়ানামৰ সুৰৰ আধাৰত সুৰাৰোপিত। খগেন মহন্তৰ ‘বীণৰে তাঁৰগছ লৰে কি চৰে' নিচুকনি গীত ‘আমাৰে মইনা শুব এ' গীতৰ আধাৰত, আকৌ তেখেতৰ অন্য এক সফল সৃষ্টি ‘বুকুত এজাক ধুমুহা' গীতটিত কামৰূপী লোকগীত ‘যায় কইনা গৃহক তেজিয়া' গীতটিৰ সুৰ প্ৰবাহিত হৈ আছে।

 

অসমীয়া সংগীতত এনে বহু অমৰ গীত আছে যাৰ সুৰৰ আধাৰ নিভাঁজ অসমীয়া থলুৱা সুৰ। সকলোখিনি এই চমু লিখনিত সামৰিব পৰাটো একেবাৰে অসম্ভৱ। সেয়েহে বৰ লুইতৰ বুকুৰ পৰা এচলু পানী অনাৰ দৰে মাত্ৰ কেইজনমান প্ৰাতঃস্মৰণীয় ব্যক্তিৰ  মাত্ৰ এমুঠিমান গীতৰ  উদ্ধৃতিৰে বিষয়বস্তু আলোচনা কৰাৰ প্ৰয়াস কৰা হৈছে।

 

অসমীয়া সংগীতৰ এই ক্ষয়িষ্ণু সন্ধিক্ষণত, উন্নত সংগীত সৃষ্টিৰ মহাশূন্যতাৰ বিশেষ ক্ষণত আমি গভীৰ ভাৱে উপলব্ধি কৰিব লাগে যে এই গীতসমূহ কিয় অমৰ· খাটি খোৱা মানুহে যুগে যুগে এই গীতসমূহ কিয় বুকুত সাৱতি ৰাখিছে· তাৰ উত্তৰত আমি ক'ব পাৰো যে এই সকল সফল শিল্পীয়ে সংগীতৰ  প্ৰয়োজনীয় বাদী-সংবাদী আদি সমস্ত স্বৰ জনতাৰ সুখ-দুখ, আবেগ-অনুভূতিৰ পৰা আৰু প্ৰয়োজনীয় তাল-ছন্দ জনতাৰ প্ৰাণৰ স্পন্দনৰ পৰা আহৰণ কৰে। জাতি আৰু সমাজৰ দায়বদ্ধতাৰে সাধনাৰ উচ্চ শিখৰলৈ আৰোহণ কৰি গীত সৃষ্টি কৰে। তেওঁলোকে প্ৰখ্যাত গণশিল্পী হেমাঙ্গ বিশ্বাস দেৱৰ দৰেই উপলব্ধি কৰে যে- “সংগীতৰ এটি মৌলিক, সামাজিক ভূমিকা আছে। সেইকাৰণে যথাযথ পৰিপ্ৰেক্ষিতত জনগণৰ উদ্দেশ্য আৰু আকাংখ্যা, দুখ আৰু বেদনা ইয়াত প্ৰতিফলিত হোৱা উচিত”।

 

কিন্তু সাম্প্ৰতিক সংগীত শিল্পীসকলে জনগণৰ উদ্দেশ্য আৰু আকাংখ্যা, দুখ আৰু বেদনাৰ প্ৰতি সচেতননে· জাতিটোৰ সাংস্কৃতিক উপাদান কৰ্ষণ কৰি সেই উপাদানেৰে ভেটি নিৰ্মাণ কৰি সেই ভেটিৰ ওপৰত সংস্কৃতিৰ বৰঘৰ সাঁজিবলৈ তেওঁলোক মানসিকভাৱে প্ৰস্তুতনে··

 

এনেবোৰ প্ৰয়োজনীয় উপলব্ধি শিল্পীসকলে কৰিবৰ সময় হ'ল। অন্যথা সুস্থ গায়কীৰ পৰিৱৰ্তে কেৱল দুৰ্বল অনুকৰণ, আকৰ্ষণীয় বেশভূষা, মঞ্চত বিচিত্ৰ ৰঙৰ পোহৰৰ সমাহাৰ ইত্যাদিয়ে সংগীতক সংগীতৰ পৰিৱৰ্তে কোলাহল, গানৰ পৰিৱৰ্তে শ্ল'গান, Fusion ৰ পৰিৱৰ্তে Confusion, গণমুখী হোৱাৰ বিপৰীতে গণবিচ্ছিন্ন কৰি তুলিব। বাতৰি কাকত, আলোচনীৰ পৃষ্ঠাত, দূৰদৰ্শনৰ পৰ্দাত, বিভিন্ন বৈদু্যতিন মাধ্যমত শিল্পী জিলিকি থাকিব কিন্তু ইতিহাসৰ পাতত তেওঁলোকৰ নিম্নতম অস্তিত্বও নাথাকিব।