নুফুলা ফুলৰ ইতিকথা

বিকাশ দিহিঙ্গীয়া

দ্বিতীয় ষাণ্মাসিক,

আজি তাৰ এনায়েকলৈ খুউব মনত পুৰিছে। এনায়েকৰ বুকুৰ উমত সোমাই আকৌ এবাৰ ফেঁকুৰি উঠিবৰ মন গৈছে... “ৰাজকোঁৱৰে কান্দিলে বেয়া দেখি ছু্য.....মোৰ সোণ, তই চাওফা হ'ব লাগিব। চাওফাই যদি কান্দে প্ৰজাই তোক জানো সন্মান কৰিব// নাহাঁহিবনে বাৰু কান্দুৰা ৰজা বুলি...।”

     এনায়েকে বুকত সাৱটি তাৰ জপৰা চুলিবোৰ আঙুলিৰে লিৰিকি লিৰিকি মৰমেৰে কৈছিল। সি জানিছিল, তাক বুজনি দিবলৈ গৈ এনায়েকেও কান্দিছিল... নিজৰ কলিজাৰ এফাল একমাত্ৰ জীয়াৰী চকুৰ সন্মুখতেই হেৰাই যোৱা দৃশ্য বাৰু কোন মাতৃয়ে পাহৰিব পাৰে/

     কান্দিছিল... একমাত্ৰ জী নাং মুঙ ব্লক খাম চেঙক বাধ্যত পৰি বয়সীয়াল ৰজাৰ সতে চকলঙ কৰাব লগা হোৱা দিনাও মাও লুঙৰ ৰাজৰাণীয়ে গোপনে কান্দিছিল। ৰাজতন্ত্ৰৰ চাৰিবেৰ মাজত, কাৰেঙৰ ওখ গড়ৰ ভিতৰত কোনেও দেখা নাছিল এগৰাকী মাতৃৰ চকুলো।

     ছু্যৱে বুজে তাৰ এনায়েকক। জন্মৰ তিনিদিনতে মাকক হেৰুৱাই মাউৰা হোৱা ছু্য, মাও-লুঙৰ হ'বলগা চাওফা ছু্য-কা-ফা সি। মঙ মিতৰ পৰা দেউতাক আহে বহু বছৰৰ মূৰত কেতিয়াবা, আলহীৰ দৰে। ছু্যৱে কেৱল চেহেৰাহে দেখিছে পিতাকৰ। তেজগোৰা মুখমণ্ডল, বয়সে আঁচোৰ যদিও তজ-বজিয়া মঙ-মিত-কুপ-ক্লিং-নঙৰ চাওফা চাঙ ন্যেও। মঙৰি-মুঙ-ৰামৰ ৰাজকুমাৰ ফু-চাঙ-কাঙে পুথাওৱেক তাই-পুঙৰ মাও-লুঙ আক্ৰমণ কৰিবলৈ আহি নাং ব্লক-খামৰ পাণি গ্ৰহণ কৰি চাঙ-ন্যেও নাম লৈ মঙ-মিতৰ চাওফা হোৱা প্ৰৱল পৰাক্ৰমী তাৰ দেউতাকক সি ভালকৈ মাতবোলেই কৰি পোৱা নাই। দেউতাকৰ আঙুলিত ধৰি আবেলি পুখুৰীৰ পাৰে পাৰে খোজকাঢ়িবলৈ তাৰো মন যায়। দেউতাকৰ সতে হাতীত উঠি প্ৰজাৰ মাজত ঘূৰিবলৈ বৰ মন যায় তাৰ। মঙ-মিতত তাৰ দুজন পী-চাই আছে বুলি সি শুনিছে। একেবাৰে নিজৰ পী-চাই, নয়-ছান-ফা আৰু ছু্য-জত-ফা; তাৰ দেউতাকৰ আন দুজনী ৰাণীৰ ফালৰ। কিমান যে সৌভাগ্যৱান সিহঁত দুটা/ সদায় দেউতাকৰ সতে ফুৰিবলৈ পায়, কথা পাতিবলৈ পায়।

     নিচাওদেৱেক প্যামেউপুঙে কেতিয়াও দেউতাকৰ অভাৱ অনুভৱ কৰিবলৈ দিয়া নাই যদিও কোনোবাখিনি ঐকান্তিক মুহূৰ্তত এক অজান বিষাদে ছানি ধৰে ছু্যৰ মন আকাশ। নতুনকৈ চকলং কৰাই অনা আপাদেৱেকৰ চাৱনি তাৰ সহ্য নহয়। কিবা এটা কুটিলতা ফুটি উঠে সেই জিলিকা দুচকুত। ফুটি উঠে ঈৰ্ষাৰ দাৱানল।

     “ছু্য-কা-ফা হ'ব মাও-লুঙৰ ভৱিষ্যতৰ চাওফা” –কথাটো যেন সজম কৰিব পৰা নাই আপাদেৱেকে নিচাওৱেক, এনায়েক আৰু চাৰিজনী পী-ছাউৰ মাজত মাতৃহাৰা ছু্য আলাসৰ লাৰু। শিক্ষা-দীক্ষাৰে সকলো দিশত তাক উপযুক্ত চাওফা কৰি তুলিবলৈ প্যামেউপুঙ প্ৰতিজ্ঞাবদ্ধ।

     “মানুহে পাতে, বিধাতাই ভাঙে” –এটি এটিকৈ দুটি ল'ৰাৰ পিতৃ হ'ল প্যামেউপুঙ, সৰু ৰাণী নাম আপৰ ফাল১...। এনায়েক নিচায়েকৰ সপোনবোৰ তাচপাতৰ দৰে কহি পৰিল নাম-মাও উপত্যকাত।

     নাই, ছু্য-কা-ফাৰ মনত কোনো খেদ নাই। তাৰ মাত্ৰ বেয়া লাগিছিল এনায়েক-নিচাওৱেকৰ মনৰ কথা ভাবি। এফালে প্ৰা¿৫১ আনন্দ, আনফালে প্ৰতিশ্ৰুতি/ এফালে একমাত্ৰ জী নাতি, আনফালে বৃদ্ধকালত ফ্ৰা-ত্ৰাৰ কৃপা//

     সেঁাৱৰণীৰ বৰপেৰা ভাঙি হুৰমূৰাই নামি আহিছে নাম-মাও নৈ। খৰস্ৰোতা স্মৃতিবোৰে ভাঙি পেলাই মনৰ বান্ধবোৰ। ভীৰৰ মাজত এযোৰ সজল চকু, চাৱনিত বিজুলী...

                “চকুত থৈ চকুত এবাৰ

                ক'বা নেকি

                নুফুলা ইতিকথা...” –বুকুৰ উশাহ ঘন হৈ আহিছে ছু্যকাফাৰ। চকুযোৰ গৈ থাকে ভটিয়নী সেঁাতত। গৈ গৈ পাটত বহা বেলিৰ সতে একাকাৰ হৈ পৰে সেইচকু।

     চিল-মিলকৈ টোপনি আহিছিল হে। ঘন হৈ অহা উশাহবোৰত সাৰ পাই ছু্য-কা-ফাই শোৱাপাটিৰ পৰা উঠি মুকলিলৈ ওলাল। পুৱতি তৰাটোৱে তালৈ চাই মিচিক-মাচাক হাঁহি আছে। হাতীপতিৰ পৰা হঠাৎ খহি পৰিছে দুই এটা পপীয়া তৰা।

     মাও লুঙৰ চাওফা ছু্য-খান-পাৰ সাম্ভাব্য আক্ৰমণৰ বতৰা লৈ গুপ্তচৰ অহা দিনাৰে পৰা ছু্যকাফাৰ টোপনি নাই।

     ছু্য-খান-পা... খান-ফা, সৌ সিদিনা তাক কোলাত লৈ ছু্যকাফাই শোৱাইছিল হে। এতিয়াও চকুমুদি অনুভৱ কৰিব পাৰে সি, খান-ফাক প্ৰথমবাৰ কোলাত লওঁতে ছু্যৰ বুকু তিয়াই এৰি দিয়া পানীডোঙাৰ গৰম অনুভৱ। তাৰ ঠেহ ভাঙিবলৈ গৈ কি কি যে ভাও কৰিব লগা নহৈছিল, নিজে গছত উঠি বান্দৰৰ নাচ দেখাব লগা হৈছিল... আৰু ক'ত যে কি/ ফান-ফাৰ পিছে পিছে আহিছিল চাম-লুঙ-ফা। আপাদেৱেক নাম আপৰ মুখত জিলিকিছিল যুদ্ধ জয়ৰ হাঁহি। যুদ্ধ জয়...।

     ছু্যকাফাই মনত পেলাবলৈ যত্ন কৰিলে আপাদেৱেকৰ সেই চাৱনি, সেই হাঁহি। তাৰ কি ভুল আছিল· সিটো কোৱা নাছিল মাও-লুঙৰ চাওফা হ'ম বুলি, তাৰটো হাবিয়াস নাছিল ৰজা হোৱাৰ। এনায়েক, নিচাওৱেকেহে সপোন দেখিছিল। আৰু বলি হ'ব লগা হ'ল সি। ‘ফ্ৰা-ত্ৰা'ই বাৰু তাৰ মনৰ কথা বুজেনে, আনে নুবুজিলেও/

     “চাও নুৰু চও কা ঐ...” –ফ্ৰা ত্ৰাক উদ্দেশি্য ছু্যই মনতে গুণগুণাই ুঠিল আই চিং লাউ।

 

     “আমি চাওফা হ'ব লাগে কি·”

     “যুদ্ধ কিয় কৰে মানুহবোৰে·”

     “নাম-মাওখন ক'ৰপৰা বৈ আহিছে আৰু ক'লৈ যাব·”

     “পশ্চিমৰ সৌ পাহাৰটোৰ সিপাৰে কি আছে নং চাই, বেলিটো যে সদায় তাতে লুকাই·”

     –ছু্য-খান-ফাৰ প্ৰশ্নৰ উত্তৰ দি দি বাগৰি নপৰে ছু্যকাফা। সৰু সৰু চকু আৰু থিং খোৱা চুলিৰে পকা মধুৰিআম যেন তাৰ এই কণমানি ককায়েকটোলৈ মৰম লাগি যায়। সকলো কথাতেই প্ৰশ্ন সৃষ্টি কৰিব পাৰে সি। প্ৰতিটো ক্ষেত্ৰতে ৰৈ যায় তাৰ খু-দুৱনি।

     “আমাৰ ৰাজ্যৰ প্ৰজাবোৰৰ শান্তি-প্ৰগতিৰ বাবে আনৰ আক্ৰমণৰ পৰা তেওঁলোকক সুৰক্ষা দিবলৈ চাওফাৰ প্ৰয়োজন। কিন্তু মনত ৰাখিবা, প্ৰজাৰ বাবেহে ৰজা। ৰজাৰ বাবে প্ৰজা আপোন ভাই-ভনীৰ সমান। চাওফা হ'বলৈ বুদ্ধি লাগিব, সাহস লাগিব, শিক্ষা লাগিব, জ্ঞান লাগিব আৰু লাগিব মানৱীয় গুণ। যদিও ক্ষত্ৰিয় হিচাপে আমি যুদ্ধ বিগ্ৰহক প্ৰাধান্য দিওঁ, তথাপি যিমান দূৰ সম্ভৱ যুদ্ধৰ পৰা আঁতৰি থাকিব লাগে। যুদ্ধৰ শেষত শান্তি আহিলেও সেই শান্তিত মিহলি হৈ থাকে নিজৰ প্ৰজা, নিজৰ ভাই-ককাইৰে তেজৰ চেঁকুৰা। যুদ্ধ মানেই ধ্বংসৰ কিৰিলি, তেজৰ ফাকুখেলা। তেজৰ বিনিময়ত অহা শান্তিয়ে জানো মনৰ সুখ দিয়ে পী চাই খান ফা·” –আবেলি আবেলি পুখুৰীৰ পাৰত ফুৰিবলৈ যাওঁতে ছু্য-কা-ফাই কণমানি ককায়েকৰ মনৰ খু-দুৱনিবোৰ মাৰিবলৈ যত্ন কৰে।

     ষোল্ল বছৰীয়া ছু্যকাফা ঘেঁাৰাত উঠি নগৰ ফুৰিবলৈ যায়। লগত দহ বছৰীয়া ছু্য-খাম-ফা, আঠ বছৰীয়া চাম লুঙ ফা। প্ৰজাই মূৰ দেঁাৱাই অভিবাদন জনায়। খান-ফাৰ মুখত জিলিকি উঠে ৰাজকীয় অহংকাৰ। গৈ গৈ সকলো নাম-মাও উপত্যকাৰ চিৰসেউজ অৰণ্যত সোমাই পৰে সেউজীয়াৰ মাজত। প্ৰাণভৰি উশাহ লয় ছু্য-কা-ফাই। মন মগজুত ভৰাই লয় বনফুলৰ সুবাস।

     “তোক যদি মঙ-মিতত তোৰ ককায়েৰ দুজনে ৰাজ্যৰ ভাগ নিদিয়ে তই কি কৰিবি ছু্য·” –সেউজীয়া ফালি বনফুলৰ সুবাসত ভাঁহি আহে এনায়েকৰ মাত।

     মহূং পণ্ডিতৰ ওচৰত সেইদিনাৰ পাঠ সম্পূৰ্ণ কৰি আহি ছু্যই এনায়েকৰ ওচৰত তাঁতশালত বহিছিল। ম'হূঙে ছু্যক পু-লান-চি, পু-চন-লান, লান-খিন-পু আদিৰ পাঠ শিকাইছে। তাই বেতৰ পঞ্চ-প্ৰতিজ্ঞা বুজাইছে।

     “চাই চাও মিৰু তাই। মিৰীতঙুন আও দাই। থুন নাং মি খুম লাউ। মি খুম বা থই। হূই মি ছুত কাউ। “বিনা কাৰণত জীৱহত্যা নকৰো। দুৰ্বল আৰু নাৰীৰ ওপৰত অত্যাচাৰ নকৰো। মিচা নকওঁ। নাখাবলগীয়া বস্তু মুখত নিদিওঁ।” –ছু্যৱে পঞ্চ-প্ৰতিজ্ঞা এনায়েকৰ সন্মুখত আওঁৰাইছিল। সি কৈ গৈছিল ম'হূং আৰু কুন তাং মু্যং কুন খী ফাই মু্যং ফাই বানসকলৰ মুখত শুনা পশ্চিমৰ ৱৈছালি দেশৰ অদ্ভ²ত মানুহৰ অদ্ভ²ত কথাবোৰ। শকুনি নামৰ মানুহ এটাই কেনেকৈ মাক-দেউতাকৰ হাঁড়ৰ পাশা খেলিয়েই শেষ কৰিছিল একোটা জাতি-কূল// কেনেকৈ ককায়েকে ভায়েকৰ লগত যুঁজিছিল এটুকুৰা মাটিৰ বাবে//

 

     সৰুৰে পৰা এনায়েকে লক্ষ্য কৰি আছে এই নাতিয়েকটোক। মৰম লগা নাতিয়েকৰ সুকোমল মুখত যেন জিলিকি উঠে হেজাৰ সূৰ্য্য। চকুত জিলিকি থাকে অযুত নক্ষত্ৰ। মাও-লুঙত তাৰ স্থান নাই এই কথা জনাৰ পিছতো তাৰ মনত কেতিয়াও জাগি উঠা নাইনে প্ৰশ্ন/

     “মোক যদি ৰাজ্য নিদিয়ে নালাগে। যুদ্ধ জিনি চাওফা হোৱাৰ হেঁপাহ মোৰ নাই। ককাই-ভাইৰ তেজেৰে দেশৰ মাটিত সীমা বহুৱাই প্ৰজাৰ ওপৰত বহি ৰজা হোৱাটো মই সমৰ্থন নকৰো এনাই। মই প্ৰজাৰ মাজত থাকি প্ৰজাৰ হকে কাম কৰিব বিচাৰো। এইখন উপত্যকাত যদি মোৰ স্থান নাই মই গৈ থাকিম ভটিয়ায়। বেলি শুই পৰা ঠাইখন চাবৰ মোৰ বৰ মন আছে। তাতেই সাজিমগৈ গাঁও এখন। খেতি কৰিম, গৰু-গাহৰি পুহিম, মুগা পুহিম, নিজৰ ৰাজ্য গঢ়িম। ককাইদেউহঁঁত শান্তিত থাকক মাঁেথা।” –নাতিয়েকৰ উত্তৰত চকু সেমেকি উঠিছিল বৃদ্ধা এনায়েকৰ। ইমান বিশাল তাৰ মনটো/ ছু্যৱে দেখিছিল এনায়েকৰ হাঁহিৰ মাজত লুকাই থকা বিষাদবোৰ।

     চিপাহীকেইজনৰ সতে চিকাৰৰ আনন্দত কিৰিলিয়াই উঠে চাম লুঙ ফা। ইমান সৰুতেই ধনুবিদ্যাত ভীষণ নিপুণ তাৰ কণমানি দুহাত। সেউজীয়া অৰণ্যত মৃত্যুৰ উদযাপন। উশাহত তেজৰ গোন্ধ।

     “বেলিটো ৰাতিপুৱা য'ৰপৰা উঠি আহে তাৰপৰাই ওলাইছে নাম মাও নৈ, গৈ গৈ বেলি ডুবাৰ দেশত সাগৰ হৈছেগৈ। বিশাল সাগৰ, যাৰ গভীৰতা জুখিব নোৱাৰি।” –কাইলৈ ছু্যকাফা যাবগৈ পিতৃগৃহলৈ, মঙ-মিতলৈ, একেবাৰে। নিজৰ দুই পী চাইৰ কাষলৈ। মঙ-মিতখন তিনি পুত্ৰৰ মাজত ভগাই দি বৃদ্ধ পিতৃয়ে সামৰিব বিচাৰিছে নিজৰ দায়িত্ব। আজি শেষবাৰৰ বাবে মাওলুঙত কটোৱা ওঠৰ বছৰীয়া জীৱনটো ছু্যকাফাই ৰৈ ৰৈ চাইছে। চিনাকি গছবোৰ, শিলত কটা ভাস্কৰ্যবোৰ, ফুলবো১...চুই চুই যেন বিদায় জনাইছে সি। শেষবাৰৰ বাবে একেলগে খোজকাঢ়িছে খান ফা আৰু চাম লুঙে সিহঁততকৈ ডাঙৰ ভায়েকটোৰ স'তে।

     খান-ফাক সাগৰৰ কথা কওঁতে ছু্যৰ মনত ভাঁহি উঠিছিল সেই চকুযোৰ। পৃথিৱীৰ সমস্ত আবেগ অনুভূতি ডুব গৈ তৰা হৈ জিলিকি উঠা সেই চকুযোৰ। সাগৰৰ দৰেই গভীৰ সেই নয়নযু¿১.../

     মাঙ লুঙৰ ৰাজধানী চেংচে নগৰৰ ভীৰত হেৰাই যোৱা সেই চকুযোৰ বহুদিন বিচাৰি ফুৰিছিল ছু্যকাফাই। যৌৱনৰ প্ৰাকক্ষণত জাগি উঠিছিল আদিম হেঁপাহ। ৰজাঘৰীয়া বান্ধোনৰ শিকলি চিঙি ছু্যকাফা গুচি যাব বিচাৰিছিল। চকুযোৰৰ ঠিকনা বিচাৰি। প্ৰজাই ভাবে ৰজাঘৰীয়াৰ সমান সুখ নাই ক'তো। সুখ কি বান্ধোনৰ মাজত থাকে· সুখে কি কেৱল ভাল খোৱা আৰু পিন্ধাক চিনে· সুখে জানো মনৰ খবৰ ৰাখে· প্ৰজাই ভবাৰ দৰে সুখবোৰ কাৰেঙত সৰা হ'লে আজি ছু্যই সেই দুচকুত চকু থৈ পঢ়িলেহেঁতেন কোনেও কোনোকালে নিলিখা কবিতাটো/

     ইকৰাৰ কলম লৈ সি পাট কাপোৰৰ পটত সযত্নে আঁকিছিল সেই চকুযোৰ। চকুযোৰৰ পৰা চিঞাহী বিয়পী বৈ আহিছিল চকুপানী। ইমান গভীৰ বিষাদ লুকাই আছিল নে সেই চকুযুৰিত[·]/ “তুমি দেখুন কাইলৈ একেবাৰে যাবাগৈ/ কিন্তু এতিয়ালৈকে চোন নকলােই পশ্চিমৰ সৌ পাহাৰটোৰ সিপাৰে কি আছে নং চাই·” –ছু্য-কা-ফাই ইয়াৰ উত্তৰ দিব খোজা নাছিল। সৌ পশ্চিমৰ ভাতৃ সংঘাতক নাম মাও উপত্যকাত ঠাই দিব বিচৰা নাছিল। তাৰ এই কণমানি ককায়েক দুটা ডাঙৰ হৈ আহিছে। ফ্ৰা-ত্ৰাই নকৰক এদিন যদি ৱৈশালী দেশৰ ৰাজনীতিয়ে এই দেশ গ্ৰাহ কৰি লয়/ চাণক্য নীতিৰে যদি মাও লুঙৰ ভৱিষ্যতৰ চাওফা ছু্য-খান-ফা সম্ৰাট অশোক হৈ উঠে। কিদৰে অস্ত্ৰ তুলি ল'ব ছু্য-কা-ফাই আপোন বংশধৰ বিৰুদ্ধে।

     “ম'হূং পণ্ডিতৰ ওচৰত পাঠ শিকিবলৈ গৈ আছা নহয় পী চাই, পণ্ডিতেই এদিন তোমাক দিব এইটো প্ৰশ্নৰ উত্তৰ। মোতকৈ ভালকৈ তেওঁহে জানে।” –খান-ফাৰ মুখমণ্ডলত জিলিকি উঠা সন্দেহৰ ভাৱ ছু্য-কা-ফাৰ দৃষ্টিৰ পৰা সাৰি নগ'ল। স্পষ্টকৈ জিলিকি উঠিছিল অসন্তুষ্টিৰ।

     “ৰাউ মা কাই লুঙ, নং চাই আমি বহুদূৰ আহিলো...” চামলুঙৰ মাতত ছু্যই উভতি চালে। অলপ আঁতৰতে ৰৈ গৈছিল খান-ফা আৰু চিপাহীকেইজন। বেলি পাতত বহি শেষ হাঁহি মাৰিছে নাম মাওৰ দাপোণত।

     “উম, যাওঁগৈ ব'লা/ –ছু্যই উভতিছিল।

     পিছদিনা উপজি পুৱাৰ বিদায়ৰ বেলিকাত মৃতকক উদ্দেশি্য শলিতা জ্বলোৱা হৈছিল। এনায়েকে নিজহাতে তৈয়াৰ কৰা লুক-লাও ছু্যৰ ওঁঠত লগাই দিছিল। চেপি ৰখা বিষাদখিনি এনায়েকৰ চকুত জিলিকি উঠিছিল ‘আই-চিং-লাও গোৱাৰ সময়ত...।

                “চাও নুৰু চাও কা ঐ

                ফ্ৰা তু চিং ফং হূঙি ঐ

                ফ্ৰা লাই বেত ফ্ৰা পিন বেত

                ফ্ৰা ফুৰা তাৰা আলং চিকিয়া ৰাণী পান

                বয় মউ চাও কা ঐ

     চাও নুৰু চাও কা ঐ...” –কাৰেঙৰ দেৱালবোৰেও যেন নিশেব্দ উচুপি উঠিছিল, আই চিং লাউৰ কৰুণ সুৰৰ ৰাগিত।

     ৰাঙলী আভাৰ লাজুকীয়া হাঁহি মাৰি ওলাই অহা বেলিটোক দেখি কেতিয়ানো পুঁৱতি তৰা লুকাল কেনিবা চাওফা ছু্যকাফাই গমকে নাপালে। ৰাণী আই-মেৰ স্পৰ্শতহে ছু্যকাফাই লক্ষ্য কৰিলে, কাৰেঙৰ বাহিৰে ভিতৰে পুৱাৰ ব্যস্ততা আৰম্ভ হৈ গৈছে ইতিমধ্যে।

     ‘বঙৰহদেউ' –সদ্যস্নাতা নাৰীৰ স্নিগ্দ্ধ ৰূপ কিমান মোহনীয়া ছু্যই আজিহে যেন দেখিলো। কঁপি উঠা দুই ওঁঠ ফালি ওলাই আহিছে বুকুৰ গভীৰৰ পৰা সেই শব্দ ‘বঙহৰদেউ...আপোনাক বৰ অশান্ত যেন দেখাইছে। ৰাতি টোপনি নগ'লেই নেকি·” –কন্ঠত আকুলতা। ডালিমবুলীয়া দুই ওঁঠৰ পৰা বগাই গৈ ছু্যকাফাৰ চকু ৰৈ গ'ল নাঙ চঙ আই-মেৰ চিন্তাক্লিষ্ট দুচকুত।

     “চকু থৈ চকুত এবাৰ

     ক'বা নেকি

     নুফুলা ফুলৰ ইতিকথা

     ...................................

     হাতত থৈ হাত

     উশাহত নিশাহ

     কোৱাচোন এবাৰ

     দুচকুৰ গভীৰতাত লুকাই থকা

     হাতীপতিৰ কথা...।” –মাও-লুঙৰ এৰি অহা দিনবোৰৰ পৰা সেই চকুযোৰ চকু ভাঁহি আহি একাকাৰ হৈ যায় আই মেৰ দুচকুত।

     ‘বঙহৰদেউ...।' –চকুত চকু থৈ নাঙ চাঙ আই মেয়ে ছু্য-কা-ফাৰ ভিতৰৰ যুদ্ধখন যেন চাব খুজিলে।

     “...মাও লুঙৰ পৰা আহিবৰ বেলিকা এনায়ে মোক সমস্ত মৰমবোৰ উজাৰি দুটি উপহাৰ দি পঠাইছিল। চুমদেউ আৰু চেঙদেউ...” –ছু্যকাফাই প্ৰিয়তমা পত্নী আই-মেৰ পৰা আৰু লুকুৱাই ৰাখিব নোৱাৰিলে বুকুৰ ভাৰ, “এনায়ে মোক চাওফা হোৱা চাব খুজিছিল। দুইজনা কুলদেৱতাৰ ৰক্ষাৰ ভাৰ সঁপিছিল। কিন্তু আজি এই সংকটৰ সময়ত তেওঁ নাই, নিচাও নাই...। ভাল মানুহবোৰ বাৰু কিয় ইমান সোনকালে ঢুকায়/” গধুৰ হৈ আহে ছু্য-কা-ফাৰ কন্ঠ।

     নয়-ছান-ফাক নৰা, ছু্য-জত-ফাক তাইপো আৰু ছু্য-কা-ফাক মঙ-মিতৰ মূল খণ্ড দি তিনি ভাগত মঙঙ্মমিতখন ভগাই চকু মুদিছিল চাওফা চাও ন্যেউৱে। তাৰ আগতেই ইহসংসাৰৰ পৰা বিদায় লৈছিল ছু্যৰ এনায়েক আৰু মাও-লুঙৰ চাওফা নিচাওৱেক প্যামেউপুঙ। মাও-লুঙৰ নাং ছ্যং নাং মু্যঙত বহিল ছু্য-খান-ফা। সেনাপতি হ'ল চাম-লুঙ-ফা।

     “যেতিয়ালৈকে আকাশ মাটি নহয়, মাটি পানী নহয়, কাউৰী বগা নহয়, বগলী ক'লা নহয়, যেতিয়ালৈকে বৰশিল পানী নোপঙে তেতিয়ালৈকে থাকিম পী-নঙ হৈ।” –ছু্য-কা-ফাই শপত লৈছিল এনায়েক নিচাওৱেকৰ সন্মুখত তাক মাও-লুঙৰ পৰা আনিবলৈ যোৱা নয়-ছান-ফা, ছু্য-জত-ফা আৰু ছু্য-খান-ফা, চাম-লুঙ-ফাৰ স'তে আই চিং লাউৰ শেষত ফ্ৰা-ত্ৰাক সাক্ষী কৰি।

     আজি সেই ছু্য-খান-ফায়েই মাও-লুঙৰ সীমা বিস্তাৰৰ বাবে যুদ্ধ ঘোষণা কৰিছে আপোন পী-নঙৰ বিৰুদ্ধে। চাম-লুঙ-ফাৰ নেতৃত্বত অহা বিশাল সেনাই তেজৰ গোন্ধ বিয়পাই আহি আছে মঙ-মিত অভিমুখে। তাইপো আক্ৰমণ কৰি হত্যা কৰিলে চাওফা ছু্য-জত-ফাক। নাই, ছু্য-কা-ফা আৰু তাকিব নোৱাৰে এই দেশত। এই মাটিৰ কেঁাহে কেঁাহে আপোন ভাই-ককাইৰ তেজ, প্ৰজাৰ চকুলো। নিজৰ স্বকীয়তা এৰি ৱৈছালীৰ ৰাজনীতিৰ আদৰ্শত চলিবলৈ আৰম্ভ কৰা নাম মাও উপত্যকাত এতিয়া বাজি উঠিছে গৃহযুদ্ধৰ দমদমা। এডোখৰ মাটিৰ বাবে ককায়েকে ভায়েকৰ বুকুত হেংদান বহাবলৈও কুন্ঠাবোধ নাই কৰা এবাৰলৈও কঁপি উঠা নাই দুহাত।

     এই দেশ এৰি গুচি যাব সি পশ্চিমৰ ফাললৈ চাবগৈ ককাই-ভাইৰ তেজেৰে ৰাঙলী হোৱা দেশখনত কিদৰে জীয়াই আছে প্ৰজা। কেনেকুৱা বৰ্তমান তাৰ ৰজা। ৰাজতন্ত্ৰৰ উন্মাদ বাসনাৰ বলি হোৱা অজস্ৰ প্ৰজাৰ বাবে হাঁহাকাৰ কৰি উঠে ছু্যকাফাৰ হিয়া।

     “যেতিয়ালৈকে আকাশ মাটি..........থাকিম পী-নঙ হৈ” –এনায়েকে ছু্যক বুকুত সাৱটি শেষবাৰৰ বাবে চুমা খাইছিল। আশীৰ্বাদ দিছিল।

     “আনে এই শপত বাক্য পালন কৰে বা নকৰে নাাজনো। কিন্তু তই পাৰিবি..., পাৰিব লাগিব ছু্য।” –তামোলৰ পাক উঠা ৰাঙলী পিকেৰে ৰঙা হোৱা এনায়েকৰ ওঁঠৰ দাগ ছু্য কপালত পশ্চিমৰ বেলি যেন জিলিকি উঠিছিল।

     “মঙ-মিত-কুপ-ক্লিং-নঙত মই আৰু থাকিব নোৱৰিম। নিজৰ তেজৰ বিৰুদ্ধে হেংদান উঠাই নিজৰ বংশৰ তেজেৰে দেশৰ মাটি ভিজাই সীমা ৰক্ষাৰ কথাষাৰ মনে চোন সমৰ্থন নকৰে। এনে অৱস্থাত কি কৰোঁ মই তুমিয়েই কোৱাচোন·” –ছু্যকাফাই মনৰ কথাষাৰ নাঙ চাঙ আই মেৰ সন্মুখত ব্যক্ত কৰিলে।

     ৰাণীয়ে ক্ষন্তেক সময় ছু্যকাফাৰ ৰঙা হৈ উঠা দুচকুৰ গভীৰতালৈ জুমি চালে আৰু আশ্বাসৰ হাঁহিৰে দুগাল পুটুকা পেলাই ক'লে, –“যদি বঙহৰদেৱে মোৰ ৰায় বিচাৰিছে তেনে ক'ব বিচাৰিম যে এই কথাখিনি আপুনি থাও-মঙ-বান-ৰুই আৰু থান-মঙ-কং-ঙানৰ সতে এবাৰ অকলে আলোচনা কৰা ভাল হ'ব। যিহেতু মাকে পোৱালীক পাখিৰে আৱৰি ৰখাৰ দৰে সকলো প্ৰজাকে নিজ সন্তানৰ দৰে সংকটৰ সময়ত আৱৰি ৰখাটো ৰজাৰ দায়িত্ব। আপোনাৰ চিন্তা অমূলক নহয়। প্ৰজাই নিশ্চয় আপোনাৰ সিদ্ধান্তক আকোঁৱালী ল'ব। ময়ো ব্যক্তিগতভাৱে এনে ঠইত থাকিব নিবিচাৰিম য'ৰ বতাহত বঙহৰ তেজৰ গোন্ধ ভাঁহি থাকে।”

     ছু্য-কা-ফাই আবেলি সময়ত আছুতীয়া কোঠাত দুই মন্ত্ৰীৰ সতে আলোচনাত বহিল। মঙ-মিত এৰি নতুন ঠাইত ৰাজ্য স্থাপনৰ কথাটো মন্ত্ৰীদ্বয়ে সমৰ্থন কৰিলে। পশ্চিমৰ ফালৰ পৰা অহা কুন মু্যং নক এজনৰ সহায়ত পাট কাপোৰৰ পটত মেপ অংকন কৰা হ'ল। পিছদিনা বৰমেলা চপাই প্ৰজাৰ মাজত ৰাজকীয় সিদ্ধান্ত প্ৰচাৰ কৰা হ'ল। প্ৰজাই আনন্দত কিৰিলি পাৰি উঠিল। চাওফা ছু্য-কা-ফাৰ দৰেই তেওঁৰ প্ৰজাগণ শান্তিপ্ৰিয়। বঙহৰ তেজ পি মনৰ পিয়াহ মাৰ নিয়াব নোৱাৰে তেওঁলোকে।

     যুদ্ধংদেহি প্ৰস্তুতিৰে সকলোৱে নিজৰ নিজৰ প্ৰয়োজনীয় সা-সামগ্ৰী, শুকান খোৱা বস্তু, নিব পৰা লামলাকটু আদি বান্ধি দুদিনৰ ভিতৰতে সাজু হ'ল যাত্ৰাৰ বাবে। নৰা ৰাজ্যৰ চাওফা পী চাই নয় ছান ফালৈ খবৰ পঠিওৱা হ'ল। যাত্ৰা পথৰ বাকীবোৰ আয়োজন তেওঁ কৰি ৰাখিব।

     ব্লক ৰাম, নীঙ ছি, নাঙ তিউ, পাত মু্যঙ আদি ফুলেেৰে আমোল-মোলাই আছে কাৰেঙৰ বাগিছা। ছু্য-কা-ফা সোমাই লাহে লাহে সোমাই গ'ল বাগিছাৰ মাজলৈ। অস্তাচলত আবেলিৰ বেলি। সোণালী আভাৰে জিলিকি শেষ হাঁহি মাৰিছে সূৰ্য্যমুখী–ব্লক নীঙ ছি কেইজোপাই। ফুলে ফুলে ভোমোৰা, মৌ-মাখিৰ গুঞ্জন। এপাহ এৰি আনপাহত বহিছে নানা ৰঙী পখিলাই। মৃদু বতাহত ডেউকা মেলি দিছে ভিন ভিন ফুলৰ সুবাসে। ছু্য-কা-ফাই চকু মুদি দীঘলকৈ উশাহ ল'লে। মহন, দেউধাইসকলে মঙল চাই নিশাৰ চতুৰ্থ প্ৰহৰত যাত্ৰাৰ বাবে সময় ঠিক কৰিছে। বা-বিষয়াকে ধৰি হাজাৰ হাজাৰ প্ৰজা, সৈনিক...সকলোবোৰ উলহ-মালহেৰে সাজু হৈছে। চাৰিওফালে এক ব্যস্ত পৰিৱেশ।

     কোলাহলৰ পৰা আঁতৰত বাগিছাৰ এই নিৰিবিলি ঠাইকণ ছু্যৰ সদায়েই প্ৰিয় আছিল। বিভিন্ন সমস্যাবোৰ এই ঠাইকণতে আহি বিশ্লেষণ কৰিছিল। মালীৰ হতুৱাই এই বহা ঠাইকণত ব্লক পাত মু্যঙ...পাৰিজাত কেইজোপামান ৰুৱাইছিল। কলিয়াইছিল ফুল দুপাহমান। ছু্য-কা-পাই কলি এটা চিঙি ল'লে। ফুলো ফুলোকৈ নুফুলা ফুলৰ কলিটো হাতৰ মুঠিত ককবকাই উঠিল। ছু্যৰ এনায়েকৰ মুখখনলৈ মনত পৰি গ'ল। ছু্য-খান-ফাৰ জন্মৰ সময়তো বাৰু এনেকৈয়ে ছটফটাই উঠিছিল নেকি তেওঁ.../

     এই মুহূৰ্তত এনায়েকৰ বুকুৰ উমত সোমাই আকৌ এবাৰ ফেঁকুৰি উঠিবৰ মন গ'ল চাওফা ছু্য-কা-ফাৰ...অকণমানি ছু্য হৈ...।