হীৰুদা
চন্দ্ৰমল্লিকা খনিকৰ
প্ৰাক্তন প্ৰশিক্ষাৰ্থী
তোমাৰ যাদুকৰী হাত
শব্দবোৰ
এবাৰ চুই দিলেই
জিলিকি উঠে ডালিম গুটিয়া দাঁত
তোমাৰ আঙুলিৰে নাচি নাচি নামি আহে
বৰষুণ এজাক
তুমি বাৰু কেনেকৈ সী থৈ গলা ....
ইমানবোৰ ৰ'দৰ পোছাক·
তোমাৰ কামিজৰ সিয়নিৰে দেঁা খাই সৰে
শব্দৰ জোনাক
চেতনাৰ নদীত ওৰে ৰাতি সাৰে থাকে
কবিতাৰ ভৰপক জোন
শব্দবোৰ ইমান চিনাকি
আপোন
আনন্দ অধিৰ মন
ভৰি উঠে হৃদয়ৰ কোণ। ¡