ডায়েট প্ৰণামো তোমাক

চক্ৰপানি উপাধ্যায়

বি.এড., দ্বিতীয় ষাণ্মাসিক 

 

লখিমপুৰৰ আজাদ নামৰ ঠাইত

জন্ম ল'লা তুমি জ্ঞান মন্দিৰ ডায়েট

সহস্ৰজনে তোমাৰ জ্ঞানৰ জ্যোতিৰে

আলোকিত কৰিছে জ্ঞানৰ ধৰা।

তোমাৰ ভবনটি যেন তপোবন

বৰ্গকাৰ ক্ষেত্ৰধৰি মাজত উদ্যান

নানা ফুলে শোভাকৰে নিতৌ উদ্যান

নিৰিবিল প্ৰশিক্ষাৰ্থীৰ লক্ষ্য হ'ল জ্ঞান।

সহস্ৰজনে আজি শিকিলৈছে জ্ঞান দান

কেনেকৈ দিব পাৰি শিক্ষাৰ্থীক উত্তম জ্ঞান

আহোপুৰুষাৰ্থ শিক্ষাগুৰু সকলৰ

কেনেকৈ প্ৰশিক্ষাৰ্থী হয় জ্ঞানৰ সাগৰ।

 জ্ঞানৰ আদান প্ৰদানত কিছু নিয়ম বিদ্যমান

নিয়ম অবিহনে জ্ঞান নহয় সকলোতে সমান

যিসকলে অনুষ্ঠানটি প্ৰতিষ্ঠাও কৰিলে যতন

তেখেত সকললৈ জনালো সহস্ৰ প্ৰণাম।