জোনাক ভাল পাওঁ বুলি নকবা তুমি
প্ৰভাত মৰাং
প্ৰৱক্তা
জোনাক ভাল পাওঁ বুলি নকবা তুমি
অভিমানত ডাৱৰবোৰ দো-খাই পৰে
জানা.....
যোৱা ৰাতি নদীখনৰ মোহনায়েদি
পূৰ্ণিমাৰ জোনটো নামি আহিছিল
পৃথিৱীলৈ বুলি তোমাৰ চোতাল বিচাৰি
তেতিয়া তুমি.....
সটোৰঙী ৰামধেনুৰ স'তে ৰঙীন হৈ আছিলা
জীৱনৰ আদিপাঠ পঢ়ি।
মই সেই নদীৰ মোহনাৰ পাৰে পাৰেই
তোমাৰ ছাঁ বিছাৰি ফুৰিছিলো
এইয়া শাৰদীয় জোনাক ৰাতি।।
উঠাল বুকুৰ চাদৰ পাৰি।।